কামাখ্যা মন্দিৰত অভিনেত্ৰী ৰাণী মুখাৰ্জী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 21 March 2023

কামাখ্যা মন্দিৰত অভিনেত্ৰী ৰাণী মুখাৰ্জী

 


W7s news ষ্টাফৰিপোৰ্টাৰ


: হিন্দী চলচ্চিত্ৰ জগতৰ মোহময়ী   অভিনেত্ৰী ৰাণী  মুখার্জীয়ে আজি নিজৰ  জন্মদিনত মা কামাখ্যাৰ আশীষ লোৱাৰ উদ্দেশ্যৰে বিশেষ বিমানৰে পৰিয়ালৰ ১৩ জন সদস্যৰ সৈতে  আহি গুৱাহাটীত  উপস্থিত হয় ।  বিয়লি প্ৰায়  ডেৰ বজাত বিশেষ  বিমানেৰে বৰঝাৰস্থিত লোকপ্ৰিয় বৰদলৈ আন্তর্জাতিক বিমানবন্দৰত  উপস্থিত হোৱাৰ পাছত মহানগৰ আৰক্ষীৰ কটকটীয়া  নিৰাপত্তাৰ  মাজত  কামাখ্যা মন্দিৰলৈ  যাত্ৰা কৰে অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে ।  মন্দিৰ চৌহদত কামাখ্যা বৰদেউৰী সমাজৰ ফালৰ  পৰা তেওঁক বিপুল  সম্বৰ্ধনা জনোৱাৰ পাছত  প্ৰায় এঘণ্টা ধৰি  যাৱতীয় পূজা-অৰ্চনা কৰে  অভিনেত্ৰী গৰাকীয়ে । মন্দিৰ চৌহদত  উপস্থিত সাংবাদিকক  ৰাণী  মুখাৰ্জীয়ে কয় নিজৰ জন্মদিনত মা কামাখ্যাৰ আশীষ লোৱাৰ বাবে বহুদিনৰ পৰা মনত এটা হেঁপাহ পুহি ৰাখিছিলোঁ । অৱশেষত সেই হেঁপাহ আৰু আশা আজি পূৰণ হল । তাৰ পাছত  মন্দিৰৰ পৰা  বৰঝাৰ বিমানবন্দৰলৈ আহে আৰু অভিনেত্ৰী গৰাকী বিয়লি পাঁচ বজাত বিশেষ  বিমানৰে পুনৰ  মুম্বাইলৈ উভতি যায় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here