W7s news গুৱাহাটী
: শালি ধানৰ খেতিৰ পাছত গুৱাহাটীৰ দীপৰ বিলৰ কাষৰীয়া দেউছতাল অঞ্চলত পতিত আৰু বহুদিন খেতি বাতি তথা কৃষিকৰ্ম নকৰা মাটিত এইবাৰ বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়ি তোলাৰ কামত ব্ৰতী হৈ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে উদ্যমী কৃষক , সৰবৰহী ব্যক্তি , বিশিষ্ট সমাজকর্মী হিচাপে পৰিচিত বলেশ্বৰে ৰংপীয়ে । বিশেষকৈ দেউছতালৰ নিজ ঘৰৰ সমীপত থকা গড়চুক - ৰাণীগেট সংযোগী পথৰ দাঁতিত আৰু আজাৰা - কামাখ্যা সংযোগী ৰেলপথৰ মাজত থকা প্ৰায় পাঁচ বিঘা ম্যাদি পট্টাৰ মাটিত বিগত দেৱালীৰ সময়ৰে পৰা বৰো ধানৰ খেতি আৰম্ভ কৰিছিল বলেশ্বৰ ৰংপীয়ে । এই সন্দৰ্ভত বলেশ্বৰ ৰংপীয়ে জানিবলৈ দিয়া মতে তেওঁলোকৰ পৰিয়ালে পূৰ্বতে সেই মাটিত বাওঁ ধানৰ খেতি কৰিছিল । কিন্তু পানীৰ অভাৱকে ধৰি বিভিন্ন কাৰণৰ বাবে লাহে লাহে বেছিভাগ কৃষকে বাওঁ ধানৰ খেতি কৰিবলৈ বাদ দিয়ে । কিন্ত বিগত ২০২২ বর্ষত কৃষি কৰ্মৰ লগত জড়িত কেবাজনো কৃষক , শুভাকাংক্ষীয়ে সেই মাটিত বৈজ্ঞানিক পদ্ধতিৰে বৰো ধানৰ খেতি কৰিবলৈ পৰামৰ্শ দিয়ে । তাৰ পাছত বিগত বৰ্ষৰ অক্টোবৰ মাহৰ শেষৰ ফালে গুৱাহাটীৰ ভৰলুমুখত থকা অসম চৰকাৰৰ কৃষি বিভাগৰ অনুমোদিত এখন বিপনীৰ পৰা প্ৰায় ২,৪০০ টকাৰে ছয় কেজি উন্নত মানৰ বৰো ধানৰ বীজ আনি শালি ধানৰ খেতিৰ দৰে তাৰো কঠীয়া সিচে । তাৰ পৰৱৰ্তী সময়ত কেবাটাও পৰ্যায় অতিক্ৰম কৰাৰ পাছত সম্প্ৰতি বৰো ধান সমূহ লহপহকৈ বাঢ়ি আহিছে । অৱশ্যে বিগত সময়চোৱাত ডিজেল চালিত মেচিনেৰে পানী যোগান ধৰা হৈছিল । কিন্তু ১৪ মাৰ্চৰ নিশাৰে পৰা হৈ থকা বৰষুণৰ বাবে সম্প্ৰতি মেচিনেৰে পানী যোগান ধৰা কার্য বন্ধ ৰখা হৈছে । সকলো ঠিকে থাকে থাকিলে এটা পষেকৰ ভিতৰতে ধানৰ থোক সমূহ গজালি মেলিব । তেনেদৰে এটা মাহৰ ভিতৰতে ধান কাটিব পৰা হব । ইফালে ৰংপীয়ে সদৰি কৰা অনুসৰি তেওঁ বৰো ধানৰ খেতি কৰিছে যদিও ইয়াৰ বাবে তেওঁৰ আন দৈনন্দিন কামকাজ সমূহ বাধাগ্ৰস্ত হোৱা নাই । আজৰি সময়খিনীৰ সদব্যৱহাৰ কৰিয়ে বিগত পাঁচ মাহত নিজকে বৰো ধানৰ খেতিত নিজকে জড়িত ৰাখিবলৈ সক্ষম হৈছে । কিয়নো তেওঁলোকৰ পৰিয়ালটোৱে ৰাণীগেটৰ পৰা কিছু নিলগৰ আন্ধেৰিজুলি পথাৰত প্ৰায় দহ বিঘা মাটিত পৰম্পৰাগতভাবে শালি ধানৰ খেতি কৰি আহিছে । আনকি আজিলৈকে তেওঁলোকে চাউল কিনি পোৱা নাই । নিজৰ ঘৰৰ শালি ধান ঢেঁকী বা যন্ত্ৰচালিত মেচিনত বানি তাৰ সহায়ত উলিওৱা চাউলহে খায় । এইবেলি প্ৰথম বাৰৰ বাবে নিজৰ উৎপাদিত বৰো ধানৰ চাউলৰ সোৱাদ লব পাৰিব বুলি আশা ৰাখিছে । উল্লেখযোগ্য যে কৃষি কৰ্মৰ লগত জড়িত আগ্ৰহী ব্যক্তি হোৱা বাবে বলেশ্বৰ ৰংপীয়ে কিছুদিন আগলৈকে বিজেপি দলৰ কিষাণ মৰ্চাৰ গুৱাহাটী জিলা সমিতিৰ সাধাৰণ সম্পাদকৰ দৰে গুৰু দায়িত্ব বহন কৰিছিল । সেই সময়ত তেওঁ বিজেপি দলৰ বহু কাৰ্যকর্তাক কৃষি কৰ্মত জড়িত কৰিবলৈ সক্ষম হোৱাৰ লগতে পশ্চিম গুৱাহাটীৰ কিছু আওহতীয়া অঞ্চলত বহু নিবনুৱা যুৱকক বৈজ্ঞানিক পদ্ধতিৰে উন্নত মানৰ কৃষি কৰ্ম কৰি স্বাৱলম্বী হোৱাৰ বাবে মাৰ্গ দৰ্শন দিছিল ।
No comments:
Post a Comment