W7s news গুৱাহাটী : বিগত বছৰবোৰৰ দৰে অসমৰ ঐতিহ্যমণ্ডিত পূব- গুৱাহাটী বিহু সন্মিলনৰ ৬২ সংখ্যক সমাৰোহ ১৪ এপ্ৰিলৰ পৰা ১৭ এপ্রিললৈ চাৰিদিনীয়া কাৰ্যসূচীৰে চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত উদ্যাপন কৰিবলৈ ওলাইছে। এই সমাৰোহৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি পূব- গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত অহা ২৯ মাৰ্চ তাৰিখৰ পৰা ৯ এপ্রিল তাৰিখলৈ আবেলি ৪ বজাৰ পৰা সমাৰোহৰ বাকৰিত বিহু নাচৰ লগতে ঢোল বাদনৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। উক্ত কৰ্মশালাত ভাৰত কলা ৰত্ন বঁটা প্ৰাপক ড° ড্ৰিমলী গগৈৰ তত্বাৱধানত প্রকৃত বিহু প্রশিক্ষণ দি প্রশিক্ষার্থীসকলক এক মানদণ্ড প্রদান কৰাৰ লগতে উপকৃত কৰাৰ প্ৰচেষ্টা হাতত লোৱা হৈছে। উক্ত কৰ্মশালাত অংশগ্ৰহণ কৰিবলৈ ইচ্ছুক প্ৰশিক্ষাৰ্থীসকলক চানমাৰিস্থিত পূব- গুৱাহাটী বিহু সন্মিলনৰ স্থায়ী কাৰ্য্যালয় অথবা ৭০০২৯৭০২৭১, ৯৪৩৫৫৪৭৬৪৭ নম্বৰত যোগাযোগ কৰিবলৈ সন্মিলনৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়া আৰু সাংস্কৃতিক বিভাগৰ সভাপতি এ. এইছ. মোজাদ্দেদ আলী আৰু সম্পাদক ৰাজেন বড়োয়ে এক যুটীয়া প্ৰেছ বিবৃতিযোগে আহ্বান জনাইছে।
No comments:
Post a Comment