পূব- গুৱাহাটী বিহু সন্মিলনৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 21 March 2023

পূব- গুৱাহাটী বিহু সন্মিলনৰ

 


সদৌ অসম ভিত্তিত বিহু সন্মিলনসমূহৰ দ্বাৰা প্ৰকাশিত মুখপত্র প্রতিযোগিতা


W7s news গুৱাহাটী : বিগত বছৰবোৰৰ দৰে এই বছৰো পূব- গুৱাহাটী বিহু সন্মিলনৰ উদ্যোগত উদ্‌যাপিত হ'বলগীয়া ৬২ সংখ্যক ৰঙালী বিহু সমাৰোহৰ লগত সংগতি ৰাখি সন্মিলনৰ মুখপত্ৰ ‘গগণা’ৰ তৰফৰ পৰা সদৌ অসম ভিত্তিত বিগত বৰ্ষৰ বিহু সন্মিলনসমূহৰ দ্বাৰা প্ৰকাশিত মুখপত্ৰসমূহৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। বিহু সন্মিলনসমূহৰ দ্বাৰা যোৱা বৰ্ষত প্ৰকাশিত মুখপত্র প্রতিযোগিতাত অংশগ্ৰহণৰ বাবে অসমৰ সমূহ বিহু সন্মিলনলৈ অনুৰোধ জনোৱা হৈছে। মুখপত্ৰৰ সম্পাদকৰ নাম, বিহু সন্মিলনৰ নাম আৰু ফোন নম্বৰৰ লগতে মুখপত্ৰসমূহৰ তিনিটাকৈ কপি প্রতিযোগিতাৰ বাবে প্ৰেৰণ কৰিব লাগিব । মুখপত্রসমূহ আগন্তক ৫ এপ্রিলৰ ভিতৰত চানমাৰিৰ পূব- গুৱাহাটী বিহু সন্মিলনৰ স্থায়ী কাৰ্যালয়লৈ প্ৰেৰণ কৰিবলৈ তথা ৯৮৫৪০-১৭৮৬২, ৯৭০৭০২৬৫৯৪ নম্বৰত যোগাযোগ কৰিবলৈ সন্মিলনৰ তৰফৰ পৰা এক  অনুৰোধ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here