ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনে অনুষ্ঠিত কৰে দ্বিতীয় সমাৱৰ্তন অনুষ্ঠান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 March 2023

ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইনে অনুষ্ঠিত কৰে দ্বিতীয় সমাৱৰ্তন অনুষ্ঠান


 

পদক বিজয়ী সকলক কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোড়ৰ সম্বৰ্ধনা জ্ঞাপন


W7s news,,,,,ৱৰ্ল্ড ইউনিভাৰ্চিটি অফ ডিজাইনে হাৰিয়ানাৰ সোনপতৰ ৰাজীৱ গান্ধী এডুকেশ্যন চিটিত থকা তেওঁলোকৰ কেম্পাছত, অলিম্পিয়ান তথা ভাৰতৰ ক্ৰীড়া আৰু ফিটনেছৰ সৰবৰহী প্ৰচাৰক, সাংসদ কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোড়ৰ উপস্থিতিত যুৱ ডিজাইন স্নাতকৰ আন এটা দলৰ সমাৱৰ্তন অনুষ্ঠান সফলতাৰে সম্পন্ন কৰে। পূৰ্ণ গৌৰৱেৰে সৈতে বিশ্ববিদ্যালয়খনে এই বছৰ ১৫৮ গৰাকী শিক্ষাৰ্থীক সংশ্লিষ্ট ক্ষেত্ৰত স্নাতকোত্তৰ আৰু স্নাতক ডিগ্ৰীৰ ডিগ্ৰী প্ৰদান কৰে। কৰ্মৰ দ্বাৰা শিক্ষা'ৰ আদৰ্শ অনুসৰণ কৰি ডব্লিউইউডিয়ে অত্যাধুনিক কৰ্মশালা, ত্ৰিমাত্ৰিক প্ৰিণ্টিং/লেজাৰ কাটিং/চিএনচি মেচিনৰ সৈতে দ্ৰুত প্ৰটোটাইপিং ফেব-লেব, এআৰ ভিআৰ সুবিধা, এনিমেচন, ধ্বনি আৰু চলচ্চিত্ৰ ষ্টুডিঅ'ৰ লগতে প্ৰিণ্ট মেকিং, পেটাৰ্ণ মেকিং, আৰু পোছাক নিৰ্মাণৰ বাবে কৰ্মশালাৰ আয়োজন কৰিছে। এই বিশেষ ব্যৱস্থাপনাৰ ফলতেই আমাজন, অগিলভি, স্কোৱেৰবোট, হোৱাইৰ্লপুল, অৰবিন্দ ফেশ্বন, মেক্স, আজিঅ', চিম্বায়োনিক আদিকে ধৰি ১০০ ৰো অধিক কোম্পানী্যে কেম্পাছতেই শিক্ষাৰ্থী সকলক আকৰ্ষনীয় বৃত্তি প্ৰদান কৰিবলৈ আগবাঢ়ি আহিছিল।আজি ডব্লিউইউডিয়ে গৌৰৱেৰে ঘোষণা কৰিছে যে তেওঁলোকৰ স্নাতক পাঠ্যক্ৰমৰ ৯৬%তকৈ অধিক যোগ্য শিক্ষাৰ্থীয়ে উচিত নিয়োজন লাভ কৰিছে আৰু ৮০% তকৈও অধিক শিক্ষাৰ্থীয়ে ১৬-২৪ লাখ টকা পৰ্যন্ত বাৰ্ষিক বেতন পেকেজৰ সৈতে প্ৰতিষ্ঠিত ডিজাইন কোম্পানীবোৰত মূল ডিজাইন ভূমিকাত পূৰ্ণকালীন নিয়োজন লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰোপৰি, ৱৰ্ল্ড ইউনিভাৰ্চিটি অফ ডিজাইন তেওঁলোকৰ শিক্ষাৰ্থীসকলৰ কৃতিত্বক লৈ গৌৰবান্বিত য'ত সন্মানীয় টয়কেথন, অটোমোটিভ ডিজাইন প্ৰতিযোগিতা, আৰু ৱেট স্কিল্ছ ৱাটাৰ চেলেঞ্জকে ধৰি অসংখ্য সন্মান আৰু আঞ্চলিক তথা ৰাষ্ট্ৰীয় বঁটা অন্তৰ্ভুক্ত হৈ আছে।কেৱল মাত্ৰ পাঁচ বছৰৰ ভিতৰতে ৱৰ্ল্ড ইউনিভাৰ্চিটি অফ ডিজাইনে যথেষ্টসংখ্যক সন্মানীয় উপাধি আৰু সন্মান লাভ কৰিছে। প্ৰতিষ্ঠানটোক বিশ্ব প্ৰতিষ্ঠানগত ৰেংকিঙৰ দ্বাৰা ফলাফল আধাৰিত শিক্ষাত এ+ গ্ৰেড বিশ্ববিদ্যালয় হিচাপে বিবেচিত কৰা হৈছে আৰু মানসিক স্বাস্থ্য তথা সুস্থতাৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে ডায়মণ্ড ৰেটিং লাভ কৰিছে। এছ'চেমৰ দ্বাৰা ডিজিটেল এডপচন এণ্ড কনফৰ্মেন্স টু এনইপিত দেশৰ শীৰ্ষ ২০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান লাভ কৰা ডব্লিউইউডিক ইণ্ডিয়া টুডেই শ্ৰেষ্ঠ উদীয়মান বিশ্ববিদ্যালয়সমূহৰ ভিতৰত তালিকাভুক্ত কৰিছে। দুটা স্বতন্ত্ৰ সমীক্ষাৰ দ্বাৰা স্কুল অৱ আৰ্কিটেকচাৰক শীৰ্ষ ২৫ৰ অধীনত স্থান দিয়া হৈছে আৰু স্কুল অৱ ডিজাইনে কেৰিয়াৰ্ছ ৩৬০ৰ দ্বাৰা দ্বাদশ শ্ৰেষ্ঠ স্থান লাভ কৰা উত্তৰ ভাৰতৰ প্ৰথমখন ব্যক্তিগত বিদ্যালয় হিচাপে পৰিগণিত হৈছে। ডব্লিউইউডিয়ে এই বছৰ নাকৰ স্বীকৃতিৰ বাবে আবেদন কৰিব।একে সময়তে আনন্দিত আৰু নষ্টালজিক হৈ পৰা ড. সঞ্জয় গুপ্তা(উপাচাৰ্য – ৱৰ্ল্ড ইউনিভাৰ্চিটি অফ ডিজাইন)ই কয়, "এখন বিশ্ববিদ্যালয়ৰ বাবে সমাৱৰ্তন হৈছে শিক্ষাৰ্থী আৰু শিক্ষক দুয়োৰে দ্বাৰা কৰা বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ পৰিসমাপ্তি। এইটো সমগ্ৰ বিশ্ববিদ্যালয়খনৰ বাবে আনন্দৰ দিন আৰু সমাৱৰ্তনত কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰথোড়ক মুখ্য অতিথি হিচাপে পাই আমি অত্যন্ত সুখী। ক্ৰীড়া ক্ষেত্ৰত তেওঁৰ সফলতা, লগতে ভাৰতত ক্ৰীড়া আৰু ফিটনেছৰ প্ৰচাৰৰ বাবে তেওঁৰ প্ৰচেষ্টাই তেওঁক আমাৰ বাবে অনুপ্ৰেৰণা যোগাই আহিছে। তেওঁ যিদৰে নিষ্ঠা, কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ জৰিয়তে ক্ৰীড়া ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জন কৰিছিল, ঠিক তেনেদৰে আমাৰ শিক্ষাৰ্থীসকলে তেওঁলোকৰ সৃষ্টিশীল দৃষ্টিভংগী, প্ৰতিভা আৰু উদ্ভাৱনৰ জৰিয়তে নিজ নিজ ক্ষেত্ৰত উৎকৃষ্টতা অৰ্জন কৰিবলৈ চেষ্টা কৰি আহিছে। মই আমাৰ শিক্ষাৰ্থীসকলৰ বাবে অত্যন্ত গৌৰৱান্বিত যিসকলে তেওঁলোকৰ বাছনি কৰা ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শন কৰিছে আৰু এতিয়া বিশাল দিগন্তত পাখি মেলি উৰিবলৈ সাজু হৈছে, তেওঁলোকৰ আত্মবিশ্বাস কবচৰ দৰে পিন্ধি, তেওঁলোকে অসীম সম্ভাৱনাৰ বতাহৰ সৈতে খেলা পাতিছে।"ডিজাইন বিশ্ববিদ্যালয়ৰ ধাৰণাটো কেনেকৈ বাস্তৱায়িত হৈছে তাক লৈ গৌৰৱ অনুভৱ কৰি শ্ৰী হুকুম চান্দ বনচালে (প্ৰ’-চান্সেলৰ – ৱৰ্ল্ড ইউনিভাৰ্চিটি অৱ ডিজাইন) মন্তব্য কৰে, "আমাৰ দ্বিতীয় সমাৱৰ্তনত মুখ্য অতিথি হিচাপে শ্ৰীযুত ৰাজ্যবৰ্ধন সিং ৰাথোড়ৰ দৰে উল্লেখযোগ্য ব্যক্তি পোৱাটো এক সন্মানৰ বিষয়। তেওঁৰ সফলতা আৰু অধ্যৱসায়, কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠা আমাৰ শিক্ষাৰ্থীসকলৰ বাবে এক অনুপ্ৰেৰণা যাক আমি সাহসী সিদ্ধান্ত ল'বলৈ, জ্ঞাত সিদ্ধান্তসমূহ ভালদৰে গমি-পিতি চাবলৈ আৰু আকাংক্ষাৰ মাপকাঠিডাল অধিক উচ্চতালৈ নিবৰ বাবে উৎসাহ যোগাও। আমাৰ শিক্ষাৰ্থীসকলে নিজ সামৰ্থ্যৰে ক্ৰীড়াক্ষেত্ৰত সন্মান বুটলিবলৈ সক্ষম হোৱা শ্ৰীযুত ৰাথোড়ৰ সৈতে যথেষ্ট ক্ষেত্ৰত নিজকে ৰিজাব পাৰে। ৱৰ্ল্ড ইউনিভাৰ্চিটি অফ ডিজাইনক সদায় অসাধাৰণ ফলাফল প্ৰদৰ্শনৰ উদ্দেশ্যেই গঢ়ি তোলা হৈছিল, ভাৰতৰ ছাত্ৰ-ছাত্ৰীসকলক বিশ্বমানৰ ডিজাইন শিক্ষা প্ৰদান কৰা, তেওঁলোকক বিশ্ব ডিজাইনৰ পৰিস্থিতিত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাত সহায় কৰা আৰু মই ক’বলৈ পাই গৌৰৱ অনুভৱ কৰো যে, এটা দশকৰ আধাতকৈও কম সময়তে আমি বিভিন্ন স্থানৰ পৰা সন্মান বুটলিবলৈ সক্ষম হৈছো! মই সকলো শিক্ষাৰ্থীক অভিনন্দন জনাইছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে তেওঁলোকক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ডব্লিউ.ইউ.ডি.-ৰ বহুদূৰ বাট বুলিব লগা আছে আৰু আমি ইয়াৰ পৰাই নতুন দিগন্তৰ সূচনা কৰিম।" ৰাজ্যবৰ্ধন সিং ৰাঠৌৰে অনুষ্ঠানটোত শিক্ষাৰ্থীসকলক উৎসাহিত কৰি কয়, "ভাৰতৰ অন্যতম শ্ৰেষ্ঠ ডিজাইন বিশ্ববিদ্যালয়ত উপস্থিত হৈ মই অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ। মই শ্ৰী হুকুম চন্দ্ৰ বনচালক তেওঁৰ সপোন ইমান ভালদৰে গঢ় লৈ উঠাৰ বাবে অভিনন্দন জনাইছোঁ।এইটো ইয়াত উপস্থিত প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে এক মাইলৰ খুঁটি। আপোনাৰ এটা অধ্যায়ৰ সামৰণিৰ লগে লগে আন এটা আৰম্ভ হয় য'ত আপুনি আপোনাৰ জ্ঞান আৰু সম্ভাৱনাসমূহৰ পূৰ্ণ ব্যৱহাৰ কৰিব পাৰে। জীৱনৰ প্ৰতিটো দিশ ডিজাইনৰ সৈতে জড়িত হৈ আছে। জীৱন যিদৰে সুবিধাজনক হৈ পৰিছে আৰু যেনেকৈ ডিজাইনে মানুহৰ জীৱন উন্নততৰ কৰিছে সেয়া প্ৰশংসনীয়। আপোনালোকে কৰা সমস্ত পৰিশ্ৰম, অধ্যয়নৰ বাবে দিয়া সময়ৰ বাবে মই আপোনালোকক অভিনন্দন জনাইছোঁ আৰু এতিয়া আপুনি ডিজাইন শিক্ষাৰ প্ৰতিটো অংশক ব্যৱহাৰিক প্ৰয়োগৰ সৈতে কেনেকৈ খাপ খুৱাই ল’ব, সেইটোৱে আপোনাৰ আগবাঢ়ি যোৱাৰ পথ নিৰ্ধাৰণ কৰিব। আপোনালোকক মোৰ পৰামৰ্শ হ’ল যে আপোনালোকে একোজন সাধাৰণ ব্যক্তিৰ স্তৰলৈ নামি আহি মূল পৰ্যায়ত সমস্যাবোৰ বুজিব লাগিবু আৰু তেতিয়াহে আপুনি সেইবোৰ সমাধান কৰিবলৈ সক্ষম হ’ব। আমাৰ দিনত আমি সহ-পাঠ্যক্ৰমৰ কাৰ্য্যকলাপ হিচাপে শিকি অহা বিষয়বোৰ এতিয়া মূলসুঁতিলৈ লৈ অহা হৈছে আৰু আধুনিক তথা ব্যৱহাৰিক জীৱন প্ৰণালীত এই বিষয়সমূহৰ ইমান গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা কথাটোৱে মোক আনন্দিত কৰে।"২০২২-২৩ বৰ্ষৰ শৈক্ষিক অধিৱেশনৰ উল্লেখযোগ্য প্ৰদৰ্শন আছিল: চাঞ্চেলৰৰ স্বৰ্ণ পদক বিজয়ী প্ৰাঞ্জল আছোৱাল; লগতে বসুধা, মৃদুলা, লাৱণ্য, সুবোধ আৰু অপৰ্ণাৰ বিশ্ববিদ্যালয়ৰ স্বৰ্ণ পদক লাভ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here