২০২৩-২৪ চনৰ বাবে ব্ৰিটিছ কাউন্সিলৰ STEM বৃত্তি ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 March 2023

২০২৩-২৪ চনৰ বাবে ব্ৰিটিছ কাউন্সিলৰ STEM বৃত্তি ঘোষণা

 

ভাৰতীয় মহিলাসকলৰ বাবে STEM ত বিশ্বমানৰ কৃতিত্ব অৰ্জনৰ সুযোগ সৃষ্টিত মনোনিৱেশ


বৃটেইনৰ ২১ খন বিশ্ববিদ্যালয়ৰ সৈতে বিশ্বব্যাপী অংশীদাৰীত্বৰ জৰিয়তে ২০ খনতকৈও অধিক দেশৰ মহিলাক বৃটেইনত স্নাতকোত্তৰ ডিগ্ৰী বা ফেলোশ্বিপ অধ্যয়নৰ প্ৰস্তাৱ 


W7s news,,,,গুৱাহাটী,: ব্ৰিটেইনৰ শৈক্ষিক সুযোগ আৰু সাংস্কৃতিক সম্পৰ্কৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা ব্ৰিটিছ কাউন্সিলে STEMত ব্ৰিটিছ কাউন্সিল স্কলাৰশ্বিপ্‌ছ ফৰ ৱোমেনৰ তৃতীয়টো গোট ঘোষণা কৰে। ভাৰত আৰু দক্ষিণ এছিয়াৰ আন আন দেশৰ মহিলা STEM স্কলাৰসকৰ বাবে সংৰক্ষিত ২৬টা বৃত্তি আৰু ফেল’শ্বিপ কোনো দেশৰ নিৰ্দিষ্ট সীমা নিৰ্বিশেষে সম্পূৰ্ণ মেধাৰ ভিত্তিত প্ৰদান কৰা হয়। এয়া ব্ৰিটেইনৰ ৬খন উচ্চ শিক্ষানুষ্ঠান- কভেণ্ট্ৰি বিশ্ববিদ্যালয়, বাথ বিশ্ববিদ্যালয়, মানচেষ্টাৰ বিশ্ববিদ্যালয়, চাউথেমপটন বিশ্ববিদ্যালয়, ইম্পেৰিয়েল কলেজ লণ্ডন আৰু এডিনবাৰ্গ বিশ্ববিদ্যালয়ত উপলব্ধ। এই বৃত্তিয়ে নিৰ্বাচিত মহিলা স্কলাৰসকলৰ বাবে STEMত কেৰিয়াৰ বৃদ্ধি কৰাত সহায় কৰাত সহায় কৰিব আৰু বৃটেইনৰ প্ৰসিদ্ধ STEM ক্ষেত্ৰত লাভ কৰা শিক্ষাই তেওঁলোকক নিজৰ দেশত গৱেষণা আৰু উদ্ভাৱনমূলক কাৰ্যৰ প্ৰচাৰ-প্ৰসাৰ কৰিবলৈ সক্ষম কৰি তুলিব। ভাৰতৰ পৰা নিৰ্বাচিত স্কলাৰসকলে ব্ৰিটেইনৰ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ ডিগ্ৰী বা আৰ্লি একাডেমিক ফেল’শ্বিপ লাভ কৰিব পাৰিব, আৰু এই বৃত্তিৰ জৰিয়তে টিউচন মাচুল, ভাত্তা, ভ্ৰমণ খৰচ, ভিছা, স্বাস্থ্য মাচুল, মাতৃৰ বাবে বিশেষ সাহায্য আৰু ইংৰাজী ভাষিক সাহায্য সামৰি লোৱা হ’ব। এই বৃত্তিসমূহে স্কলাৰসকলক প্ৰাক্তন ছাত্ৰ গোটত সক্ৰিয় সংযুক্তিৰ জৰিয়তে ব্ৰিটেইনৰ সৈতে সংযোগ স্থাপনৰ বাবে এক দীৰ্ঘম্যাদী মঞ্চ প্ৰদান কৰাৰ উপৰিও STEMৰ পৰৱৰ্তী সময়ৰ অনুজ মহিলাসকলক অনুপ্ৰাণিত কৰিব।২০২১/২২ বৰ্ষত সমগ্ৰ বিশ্বৰ পৰা অহা ১১৫ জনীয়া স্কলাৰৰ দলে স্ব-নিৰ্বাচিত শীতকালীন পাঠ্যক্ৰমত নামভৰ্তি কৰে। ২০২২-২৩ চনত ২১ গৰাকী ভাৰতীয় মহিলাই এই বৃত্তি লাভ কৰিছিল আৰু তেওঁলোকে  বৰ্তমান ব্ৰিটেইনত অধ্যয়ন কৰি আছে। এই বৃত্তিৰ জৰিয়তে ব্ৰিটিছ কাউন্সিলে ব্ৰিটেইনৰ বিশ্ববিদ্যালয়ত STEM (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক বা গণিত)ৰ অধীনত বিশ্বমানৰ কৃতিত্ব লাভ কৰিব বিচৰা মহিলাসকলক সহায় কৰি আহিছে। ব্ৰিটিছ কাউন্সিলৰ ভাৰতৰ শিক্ষা সঞ্চালিকা ঋত্তিকা চন্দা পাৰুকে কয়, "ব্ৰিটিছ কাউন্সিলত, মহিলাৰ উপলব্ধতা বৃদ্ধিয়ে বৈজ্ঞানিক আৰু প্ৰযুক্তিগত ক্ষেত্ৰসমূহক অত্যন্ত লাভান্বিত কৰিব বুলি আমি বিশ্বাসী। এই বৃত্তিসমূহে ভিন ভিন ক্ষেত্ৰত প্ৰতিভাশালী মহিলাসকলৰ চমৎকাৰ সৃজনশীলতা, উদ্ভাৱনী শক্তি আৰু অনন্য দৃষ্টিভংগীক এক মাত্ৰা প্ৰদান কৰি ইয়াক অধিক সমৃদ্ধ আৰু উৎপাদনশীল কৰি তুলিব। ব্ৰিটেইনৰ বিখ্যাত গৱেষণা শিক্ষাবিজ্ঞান, অত্যাধুনিক প্ৰযুক্তি আৰু সুযোগ-সুবিধা প্ৰদানৰ জৰিয়তে অধিক মহিলাক STEM ক্ষেত্ৰত নিজাববীয়াকৈ কেৰিয়াৰ গঢ়াত সক্ষম কৰি তুলিবলৈ পাই আমি উৎসাহিত হৈছো, যিয়ে তেওঁলোকৰ শিক্ষাৰ ৰূপান্তৰণ ঘটাই তেওঁলোকৰ সুযোগৰ দিগন্ত সম্প্ৰসাৰণ কৰিব পাৰে। বিগত কিছু বছৰত আমি ২০০ৰো অধিক ভাৰতীয় মহিলাক বিশ্বৰ অগ্ৰণী শিক্ষা লাভ কৰাত আৰু তেওঁলোকৰ সম্ভাৱনা প্ৰাপ্তিত সহায় কৰিছো, আৰু আমি মহিলাসকলক এক উন্নত ভৱিষ্যৎ গঢ়ি তোলাৰ লগতে এই প্ৰক্ৰিয়াত সংযুক্ত হ’বলৈ আনক অনুপ্ৰাণিত কৰা বিষয়টোৰ ওপৰতো বিশেষভাৱে মনোনিৱেশ কৰিছোঁ।”মুম্বাইৰ পৰা ব্ৰিটিছ কাউন্সিলৰ বৃত্তি বিজয়ী, মানচেষ্টাৰ বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ বিজ্ঞান শাখাৰ প্ৰদূষণ আৰু পৰিৱেশ নিয়ন্ত্ৰণ বিষয়ৰ শিক্ষাৰ্থী প্ৰাজক্তা কুম্ভাৰে কয়, “ব্ৰিটিছ কাউন্সিলৰ STEM বৃত্তি লাভ কৰাৰ ফলত মোৰ জীৱনত বৃহৎ প্ৰভাৱ পৰিছে।নতুন মানুহৰ সৈতে সংযুক্ত হোৱা, নতুন সংস্কৃতিৰ অভিজ্ঞতা লোৱাৰ পৰা আৰম্ভ কৰি এক মুক্ত বিশ্বমুখী দৃষ্টিভংগী গঢ়ি তোলা আৰু এখন উচ্চ সন্মানীয় বিশ্ববিদ্যালয়ৰ পৰা বিশ্বমানৰ স্বীকৃতি লাভ কৰালৈকে, এই বৃত্তিটোৱে মোক এক পৰিপূৰ্ণ পেছাদাৰী কেৰিয়াৰৰ পথ প্ৰশস্ত কৰাত সহায় কৰিব বুলি মই নিশ্চিত। মই এই সুযোগৰ সম্পূৰ্ণ সদ্ব্যৱহাৰ কৰিম আৰু এই বছৰ অধিক মহিলাৰ বাবে এই সুযোগ মুকলি হোৱা বুলি জানিবলৈ পাই অতি আনন্দিত হৈছো।" এই কাৰ্যসূচীৰ অংশ হিচাপে, ভাৰতীয় মহিলা STEM স্কলাৰসকলে কম্পিউটাৰ বিজ্ঞান, ডাটা ছায়েঞ্চ, জৈৱ প্ৰযুক্তি, এনভাইৰনমেণ্টেল ইঞ্জিনীয়াৰিং, চিভিল ইঞ্জিনীয়াৰিং, ভেষজ, জনস্বাস্থ্য, যন্ত্ৰ-শিক্ষণ, ৰবটিক্স, তথ্য-প্ৰযুক্তি, নৱীকৰণযোগ্য শক্তি আৰু শক্তি ব্যৱস্থাপনাৰ লগতে আন বহু পাঠ্যক্ৰমত বৃটেইনৰ ২১ খন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰু আৰ্লি একাডেমিক ফেলোশ্বিপৰ বাবে আবেদন কৰিব পাৰে।  অতিৰিক্ত সহায়ৰ সৈতে, আশ্ৰিত মহিলাসকলৰ বাবেও এই বৃত্তিৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰা হৈছে। বিশ্ববিদ্যালয় সাপেক্ষে মাৰ্চ আৰু মে’ ২০২৩-ৰ ভিতৰত আবেদনৰ পৃথক সময়সীমা নিৰ্ধাৰণ কৰা হৈছে। ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিখন বিশ্ববিদ্যালয়ৰ সময়সীমা পৰ্যবেক্ষণ কৰিবলৈ অনুৰোধ কৰা হৈছে। বৃত্তিৰ বাবে যোগ্যতা সম্পৰ্কীয় অধিক বিৱৰণৰ বাবে, অথবা ব্ৰিটেইনৰ অংশগ্ৰহণকাৰী বিশ্ববিদ্যালয়সমূহৰ সম্পূৰ্ণ তালিকা, উপলব্ধ পাঠ্যক্ৰম আৰু বিশ্ববিদ্যালয়ৰ নিৰ্দিষ্ট সময়সীমাকে ধৰি অন্যান্য তথ্যৰ বাবে, অনুগ্ৰহ কৰি চাওক: www.britishcouncil.org/study-work-abroad/in-uk/scholarship-women-stem

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here