আইটিচি চানৰাইজ মচলাৰ উদ্যোগত অসম পৰ্যটনৰ সহযোগত 'চানৰাইজ ৱণ্ডাৰ আসাম' অভিযান - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 16 March 2023

আইটিচি চানৰাইজ মচলাৰ উদ্যোগত অসম পৰ্যটনৰ সহযোগত 'চানৰাইজ ৱণ্ডাৰ আসাম' অভিযান

 


প্ৰদৰ্শিত হব অসমৰ কলা-সংস্কৃতি আৰু পৰম্পৰাগত খাদ্য সম্ভাৰ


W7s news গুৱাহাটী : আইটিচি লিমিটেডৰ চানৰাইজ পিউৰ,  হৈছে অসমৰ দ্ৰুততম বিকাশশীল মচলা ব্ৰেণ্ডসমূহৰ ভিতৰত অন্যতম। অসম পৰ্যটন ব'ৰ্ডৰ সহযোগত চানৰাইছ পিউৰে অসমৰ সাংস্কৃতিকভাৱে সমৃদ্ধ জিলাসমূহত ভ্ৰমণ ব্লগৰে  ইতিহাস আৰু ৰন্ধনপ্ৰণালী উদযাপন কৰিব। এই ভ্ৰমণ ব্লগৰ জৰিয়তে অসমীয়া চলচিত্ৰ জগতৰ অভিনেত্ৰী অমৃতা গগৈয়ে অসমবাসীৰ সন্মুখত পৰম্পৰাগত সদ্যসম্ভাৰ দাঙি ধৰিব।আজিৰ উদ্বোধনী অনুষ্ঠানত এ টি ডি চিৰ  উপাধ্যক্ষ দিলীপ দাস, এ টি ডি চিৰ কনচাল্টটেণ্ট পাৰ্থ প্ৰতিম দাস, জ্যেষ্ঠ প্ৰবন্ধক নিৰেন চন্দ্ৰ দাস, এ টি ডি চিৰ প্ৰবন্ধক ভাস্কৰ বৰুৱা, ৰেড এফ এমৰ ক্লাছটাৰ হেড মনোজ সোমে, অভিনেত্ৰী অমৃতা গগৈকে, ৰেড এফ এমৰ আৰ জে পাহি আদি কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পৰ্যটনক আকৰ্ষণ কৰাৰ লক্ষ্যৰে ৱণ্ডাৰ আছাম' অভিযানৰ জৰিয়তে অসমৰ কলা-কৃষ্টি,সংস্কৃতি আৰু অসমৰ পৰম্পৰাগত খ্যাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হব।  নদী-দ্বীপ, বন্যপ্ৰাণী, অভয়াৰণ্য, চাহ বাগানৰ লগতে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অন্তৰ্ভুক্ত হব অসমৰ পৰম্পৰা গত কলা- কৃষ্টি, সংস্কৃতি। ভিতৰত আছে নদী দ্বীপ, বন্যপ্ৰাণী অভয়াৰণ্য আৰু চাহ বাগিচা, অন্যান্য। এই অভিযানৰ অংশ হিচাপে অভিনেত্ৰী গগৈয়ে ভিডিঅ'ৰ জৰিয়তে ৯ টা অঞ্চলৰ জীৱন্ত ইতিহাস আৰু কলা-সংস্কৃতি ৰাইজৰ সন্মুখত দাঙি ধৰিব। প্ৰদৰ্শন হ'বলগীয়া অঞ্চলসমূহৰ ভিতৰত আছে বিশেষভাবে ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, বিশ্বৰ সৰ্ববৃহৎ নদী দ্বীপ মাজুলী, শিৱসাগৰৰ আইকনিক শিৱদৌল, শিৱসাগৰ লে'ক, পবিতৰা বন্যপ্ৰাণী অভয়াৰণ্য, চানডুবি লে'ক, নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু প্ৰসিদ্ধ ডিব্ৰুগড় চাহ বাগিচা। এই ব্লগৰ প্ৰথম খণ্ডটো  ১৮ মাৰ্চত সম্প্ৰচাৰিত হ'ব। প্ৰথম খণ্ড সম্প্ৰচাৰিত হোৱাৰ পিছত প্ৰতি শনিবাৰে চানৰাইজ পিউৰৰ ইউটিউব চেনেলত  সম্প্ৰচাৰিত হ'ব। এই সন্দৰ্ভত এটিডিচিৰ এ টি ডি চিৰ  উপাধ্যক্ষ দিলীপ দাস কয় যে আই টি চি চানৰাইজ পিউৰ মচলাৰ 'ৱণ্ডাৰ আছাম' অভিযানৰ সৈতে জড়িত হোৱাৰ বাবে আমি আনন্দিত। এই সহযোগিতাই অসমৰ লুকাই থকা ৰত্ন বোৰৰ গভীৰতা, আৰু অসমৰ পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শনৰ জৰিয়তে বিশ্বৰ বুকুত উজ্বলি উঠিব। চানৰাইজ অসমৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। এই অংশীদাৰিত্বই দ্বাৰা আমি ৰাজ্যখনৰ অনন্য আৰু আৱিষ্কৃত আকৰ্ষণসমূহৰ পোহৰ কঢ়িয়াই আনিব বুলি আশা কৰিছো।"


এই পদক্ষেপসন্দৰ্ভত আই টি চি লিমিটেডৰ চানৰাইজ ব্যৱসায়িক মুৰব্বী পীয়ুষ মিশ্ৰাই কয় যে " চানৰাইজ বহু বছৰ ধৰি অসমৰ এক গৌৰৱান্বিত অংশ হৈ আহিছে, যি চানৰাইজ  শাহি গৰম, চানৰাইজ সৰিয়হ গুৰি, চানৰাইজ হাহ চালকুমুৰা আৰু মাৰ্ক সামগ্ৰীৰ সৈতে অসমৰ খাদ্য সংস্কৃতিত জড়িত হৈ আছে। অসম আমাৰ গৃহ, আৰু আমি ৰাজ্যখনৰ ঐতিহ্য, প্ৰাকৃতিক সৌন্দৰ্য,পৰম্পৰাগত খাদ্য সম্ভাৰ আৰু পৰম্পৰাগত কলা-সংস্কৃতি উদযাপন কৰি আহিছো। অসমৰ সৌন্দৰ্য আৰু  পৰম্পৰাগত সংস্কৃতি প্ৰদৰ্শন কৰি অসমবাসীৰ মুখলৈ হাঁহি কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰে।

 

চানৰাইজ পিউৰ মচলা হৈছে অসমৰ দ্ৰুততম বিকাশশীল মচলা ব্ৰেণ্ড। ইয়াৰ শেহতীয়া  হাঁহৰ কৰি মচলা হাঁহ চালকুমুৰাকে ধৰি ৫০ টাতকৈও অধিক উৎকৃষ্ট মানদণ্ডৰ মচলা সামগ্ৰীৰ সৈতে অসমীয়া খাদ্যৰ সোৱাদ বৃদ্ধি কৰিছে। অসমৰ বাবে নিৰ্মিত মছলাৰ এক শক্তিশালী লাইনআপৰ সৈতে ব্ৰেণ্ডটোৱে এতিয়া অসমৰ সমৃদ্ধ সংস্কৃতি প্ৰদৰ্শন কৰি সকলোৰে অংশ হব বিচাৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here