W7s news গুৱাহাটী: অসমৰ ঐতিহ্যমণ্ডিত পূব-গুৱাহাটী বিহু সন্মিলনৰ ৬২ সংখ্যক সমাৰোহৰ লাইখুঁটা স্থাপন কাৰ্য্যসূচী ২৬ মার্চত দিনৰ ১১ বজাত চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ'ব। পূব-গুৱাহাটী বিহু সন্মিলনৰ উপদেষ্টা তথা আজীবন সদস্য অঞ্জনা দেবী চক্রৱৰ্ত্তীয়ে লাইখুঁটা স্থাপন কৰি ৬২ সংখ্যক সমাৰোহখনিৰ শুভাৰম্ভ কৰিব। উক্ত অনুষ্ঠানত পূব-গুৱাহাটী বিহু সন্মিলনৰ সমূহ পৃষ্ঠপোষকমণ্ডলী, প্রধান উপদেষ্টামণ্ডলী তথা উপদেষ্টামণ্ডলী, বিষয়ববীয়া, কাৰ্য নিৰ্বাহক সদস্য, আজীৱন তথা সাধাৰণ সদস্যৰ লগতে সমূহ শুভাকাংক্ষী ৰাইজক উপস্থিত থাকিবলৈ ৬২ সংখ্যক সমাৰোহৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই এক প্ৰেছ বিবৃতিযোগে আহ্বান জনাইছে।
No comments:
Post a Comment