W7s news ষ্টাফৰিপোৰ্টাৰ
ঃ দীপাংকৰ কাশ্যপ আৰু মী - ৰা এণ্টাৰপ্ৰাইজেছ ইণ্ডিয়াৰ উদ্যোগত আৰু চি টি এল ছাইনেজ এণ্ড গ্রাফিক্সৰ পৃষ্ঠপোষকতাত প্ৰিয়া এলিটৰ নিবেদন ইণ্ডিয়ান ষ্টাইল গালা নাইট ৩০ মাৰ্চত গুৱাহাটী টাউন ক্লাবত অনুষ্ঠিত হ'ব।ইণ্ডিয়ান ষ্টাইল গালা নাইট হৈছে ফেশ্বন কলাৰ উদ্যাপন, য’ত সমগ্ৰ ভাৰতৰ কেইজনমান শ্ৰেষ্ঠ ডিজাইনাৰক অংশগ্ৰহণ কৰাৰ সুযোগ দিয়া হয় আৰু গুৱাহাটীৰ ফেশ্বন অনুৰাগীসকলক তেওঁলোকৰ শেহতীয়া সংগ্ৰহসমূহ প্ৰদৰ্শন কৰা হয়। বিখ্যাত ফেশ্বন কৰিঅ’গ্ৰাফাৰ তথা চলচ্চিত্ৰ আৰু টিভি পৰিচালক তথা প্ৰযোজক দীপাংকৰ কাশ্যপ আৰু MEE-RA Enterprises India ৰ স্বত্বাধিকাৰী ৰাকেশ শৰ্মাই এইবাৰৰ অনুষ্ঠানৰ আয়োজন কৰিছে।
এই অনুষ্ঠানত আঠজন প্ৰখ্যাত ডিজাইনাৰ উপস্থিত থাকিব, আৰু অসম আৰু মুম্বাইৰ বহু চেলিব্ৰিটিয়ে শ্ব’ষ্টপাৰ হিচাপে ডিজাইনাৰসকলৰ বাবে ৰেম্পত খোজ কাঢ়িব। জী টিভিৰ ভাগ্য লক্ষ্মী ছবিত বলৱিন্দৰৰ চৰিত্ৰত অভিনয় কৰি সুপৰিচিত অভিনেতা অংকিত ভাটিয়াই গ্ৰেণ্ড ফিনালে ৰাউণ্ডৰ বাবে ৰেম্পত খোজ কাঢ়িব। ড° বেজবৰুৱা ২ ৰ তাৰকা সিদ্ধাৰ্থ গোস্বামী আৰু অভিনেতা কিংকিনি ভট্টাচাৰ্য গোস্বামীয়েও শ্ব’ষ্টপাৰ হিচাপে অনুষ্ঠানটোৰ শোভা বঢ়াব।শ্ব’টোক তিনিটা প্ৰাইম টাইম শ্ব’ আৰু এটা গ্ৰেণ্ড ফিনালে শ্ব’ত ভাগ কৰা হ’ব। শ্ব’ ৱানত গুৱাহাটীৰ ডিজাইনাৰ কিৰণ বড়ো, শ্ব’ টুত গুৱাহাটীৰ ডিজাইনাৰ কংকনা চৌধুৰী, আৰু শ্ব’ থ্ৰীত ভুৱনেশ্বৰৰ ডিজাইনাৰ প্ৰীতম নায়কে অংশগ্ৰহণ কৰিব। প্ৰাইম টাইম শ্ব’ত কলকাতাৰ ডিজাইনাৰ অৰ্ণব সেনগুপ্ত, নতুন দিল্লীৰ ডিজাইনাৰ মুকেশ ডুবে, আৰু কলকাতাৰ ডিজাইনাৰ সান্তনু গুহঠাকুৰতাই অংশগ্ৰহণ কৰিব। গ্ৰেণ্ড ফিনালে শ্ব’ত অংশগ্ৰহণ কৰিব কলকাতাৰ ডিজাইনাৰ তেজস গান্ধীয়ে।শ্ব’টোৰ নৃত্য পৰিচালক হিচাপে আছে দীপাংকৰ কাশ্যপ, কুন্তনীল দাস, সঞ্জু ৰায় আৰু অতিথি কৰিঅ’গ্ৰাফাৰ মীনু পল।দীপাংকৰ কাশ্যপে বুধবাৰে আয়োজিত এখন সংবাদমেলত কয়, "এই অনুষ্ঠানটোৰ পৰিকল্পনাত বহু সময় ব্যয় কৰিলো আৰু ইয়াক বাস্তৱত পৰিণত হোৱা দেখি মই ৰোমাঞ্চিত হৈছো। গুৱাহাটীৰ সকলো ফেশ্বনপ্ৰেমীৰ বাবে ই হ'ব এক ডাঙৰ উপহাৰ।" ৰাকেশ শৰ্মাই কয়, "এই অনুষ্ঠান আৰু আমাৰ প্ৰতিষ্ঠানে সৃষ্টি কৰা অন্যান্য প্ৰকল্পৰ উদ্দেশ্য হৈছে উত্তৰ-পূব ভাৰতৰ জনসাধাৰণৰ বাবে এক গুণগত ফেশ্বন আৰু জীৱনশৈলীৰ ইভেণ্ট ছেগমেণ্ট গঢ়ি তোলা।"
No comments:
Post a Comment