কেনী বসুমতাৰীৰ শেহতীয়া কৌতুকধৰ্মী ছবি 'কি কোৱা, দোস্তি...!'ৰ ট্ৰেইলাৰ মুকলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 15 March 2023

কেনী বসুমতাৰীৰ শেহতীয়া কৌতুকধৰ্মী ছবি 'কি কোৱা, দোস্তি...!'ৰ ট্ৰেইলাৰ মুকলি


 

২৮ এপ্ৰিলত ৰাজ্যজুৰি পাব মুক্তি


W7s news,,,,গুৱাহাটী, ১৪ মাৰ্চ:  বক্স অফিচত ‘লোকেল উৎপাত’ৰ বৃহৎ সফলতাৰ পাছত মুক্তিৰ বাবে এতিয়া সম্পূৰ্ণ সাজু হৈছে ‘লোকেল কুংফু’খ্যাত অভিনেতা-পৰিচালক কেনী বসুমতাৰীৰ পৰৱৰ্তী অসমীয়া ছবি 'কি কোৱা, দোস্তি..!' ২৮ এপ্ৰিলত মুক্তি পাবলগীয়া ছবিখনৰ ট্ৰেইলাৰ ১৪ মাৰ্চ তাৰিখে ড০ লিমা দাসে মুকলি কৰে। ছবিখনৰ সন্দৰ্ভত কেনীয়ে কয়, “'কি কোৱা, দোস্তি...!' মূলতে ভাড়াঘৰৰ কাহিনী। আমাৰ বহুতৰে হোষ্টেল, ভাড়াঘৰ অথবা মেছত থকাৰ অভিজ্ঞতা আছে। আমাৰ এই ছবিখনত ভাড়াঘৰত থকা চাৰিজন যুৱক আৰু তিনিগৰাকী যুৱতীৰ মাজত সংঘটিত কেতবোৰ দুঃসাহসিক ঘটনা উপস্থাপন কৰা হৈছে।”মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনত অভিনয় কৰিছে ৰূপশ্ৰী ফুকন, শ্ৰুতি হুছেইন, ৰিমি দেউৰী, ছাজু আহমেদ, কৌশিক নাথ, যতীন দাস আৰু দীপজ্যোতি দত্তই। উল্লেখ্য যে, ছাজু আহমেদ আৰু কৌশিক নাথক দৰ্শকে ইতিমধ্যে লোকেল উৎপাত' আৰু 'বৰনদী ভটিয়ায়' নামৰ ছবি দুখনত দেখিবলৈ পাইছে। অৱশ্যে ছবিখনৰ প্ৰায়সংখ্যক অভিনেতা-অভিনেত্ৰীক দৰ্শকে পোন প্ৰথমবাৰৰ বাবে পৰ্দাত দেখিবলৈ পাব। আনহাতে, যতীন দাস আৰু দীপজ্যোতি দত্তইও কেনী বসুমতাৰীৰ ছবিসমূহত নেতিবাচক চৰিত্ৰত অভিনয় কৰিছে যদিও তেওঁলোকৰ প্ৰতিভাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক মুখ্য অভিনেতালৈ উন্নীত কৰা হয়। “২৮ এপ্ৰিলত সমগ্ৰ ৰাজ্যজুৰি মুক্তি পাবলগীয়া এই ছবিখনত বিভূতি ভূষণ হাজৰিকা, গায়ত্ৰী শৰ্মা, বিভাষ সিনহা, উৎকল হাজোৱাৰী আৰু ৰুবুল বড়োৰ দৰে বহু প্ৰখ্যাত অভিনেতা-অভিনেত্ৰীয়ে অতিথি শিল্পী হিচাপে অভিনয় কৰিছে,” কেনীয়ে লগতে কয়।ছবিখনত সকলোৱে উন্নত মানদণ্ডৰ কাম কৰিছে। ব্লেক মেজিক ৬ কে প্ৰ' কেমেৰাৰে 'কি কোৱা, দোস্তি'ৰ দৃশ্যগ্ৰহণ সম্পন্ন কৰা হৈছে। প্ৰথমবাৰৰ বাবে অসমীয়া ছবিক এক উজ্জ্বল তথা ৰঙীন ৰূপ দিবলৈ 'এমুথি পুথি'ৰ পৰিচালক কুলনন্দিনী মহন্তই প্ৰযোজনা ডিজাইনাৰ হিচাপে কাম কৰিছে। 'লোকেল উৎপাত'ৰ নায়িকা পুনম গুৰুঙে সাজ-পাৰ ‘ষ্টাইলিষ্ট’ হিচাপে কাম কৰিছে। কেমেৰা সুৰজ ডেকাৰ। ছবিখনৰ সন্দৰ্ভত 'আমিষ' খ্যাত ডঃ লিমা দাসে কয়,“যদি আপোনাৰ প্ৰেম, হাঁহি আৰু বন্ধুত্ব প্ৰিয়, তেন্তে আপুনি 'কি কোৱা, দোস্তি...!' চাবই লাগিব।” ছবিখনৰ উৎপত্তি সম্পৰ্কে কেনীয়ে কয়,“মই সদায় 'ফ্ৰেণ্ডজ'ৰ দৰে টিভি শ্ব'বোৰৰ অনুভূতিক চলচিত্ৰৰ জৰিয়তে পুনৰ সৃষ্টি কৰিব বিচাৰিছিলো, যাক দৰ্শকে বাৰে বাৰে উপভোগ কৰিব পাৰে। ‘কি কোৱা দোস্তি...!' এই দিশতেই এক প্ৰয়াস, এইখন ছবিখন আপুনি বন্ধু আৰু পৰিয়ালৰ সৈতে বাৰে বাৰে চাব পাৰে আৰু প্ৰতিবাৰেই উপভোগ কৰিব পাৰে।”

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here