সুস্বাস্থ্যৰ বাবে টোপনি অত্যন্ত জৰুৰী বাণীৰে গুৱাহাটীত বিশ্ব নিদ্ৰা দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 22 March 2023

সুস্বাস্থ্যৰ বাবে টোপনি অত্যন্ত জৰুৰী বাণীৰে গুৱাহাটীত বিশ্ব নিদ্ৰা দিৱস পালন

 



W7s news গুৱাহাটী : " সুস্বাস্থ্যৰ বাবে ভাল টোপনি অত্যন্ত  জৰুৰী" এই বাণীৰে  গুৱাহাটীৰ গণেশগুৰীস্থিত এৱেচম পেলেছত নৰ্থ ইষ্ট শ্লিপ চাছাইটিৰ  ( এন ই এছ এছ ) উদ্যোগত  ১৭ মাৰ্চত ১৬ সংখ্যক বাৰ্ষিক  বিশ্ব নিদ্ৰা দিৱস পালন  কৰা হয় । এই উপলক্ষে এন ই এছ এছৰ সম্পাদক ডাঃ কৃপেশ ৰঞ্জন শৰ্মাৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত জ্যেষ্ঠ  বিশেষজ্ঞ চিকিৎসক আৰু এন ই এছ এছৰ সভাপতি ডাঃ গৌতম খাউণ্ডে  ভাগ লৈ বিশ্ব নিদ্ৰা দিৱস উদযাপনৰ তাৎপৰ্য দাঙি ধৰি কয় ভাল টোপনি অবিহনে এজন লোক নিৰোগী আৰু সুস্বাস্থ্যৰে জীয়াই থাকিব নোৱাৰে । ভাল স্বাস্থ্যৰ বাবে টোপনি মহৌষধ স্বৰূপ আৰু যদি এজন লোকৰ টোপনিৰ পৰিমাণ কমি যায় তেন্তে সেই লোকজন অনিদ্ৰাকে ধৰি বিভিন্ন ৰোগত আক্রান্ত হব পাৰে । আনকি ইয়াৰ ফলত হৃদৰোগকে বিভিন্ন অচিন ৰোগত আক্ৰান্ত হৈ সেই লোকজন আকস্মিকভাবে মৃত্যু হব পাৰে বুলিও ডাঃ গৌতম খাউণ্ডে  সদৰি কৰে । অনুষ্ঠানত  গুৱাহাটীৰ নাইটিংগেল হস্পিতালৰ বিশেষজ্ঞ চিকিৎসক আৰু এন ই এছ এছৰ যুটীয়া সম্পাদক ডাঃ বিবেক আগৰৱালাই ভাগ লৈ সুস্থ আৰু  নিৰোগী হৈ জীয়াই থাকিবলৈ হলে ভাল টোপনিৰ গত্যন্তৰ নাই বুলি সদৰি কৰি নিদ্ৰাহীনতা  সম্প্ৰতি এক নীৰৱ ঘাতকত  পৰিণত হোৱা বুলি কয় । অনুষ্ঠানত দিছপুৰ হস্পিতালৰ চিকিৎসক আৰু এন ই এছ এছৰ কোষাধ্যক্ষ ডাঃ অভিষেক আগৰৱালাই চমু ভাষণত  টোপনি কম হোৱা বাবে আজিকালি বহু লোক ৰক্তচাপ , মধুমেহ  আদি ৰোগত  সহজে আক্রান্ত হয় বুলি সদৰি কৰে আৰু ভাল টোপনিয়ে এই ৰোগবোৰ নিয়ন্ত্ৰণত ৰাখে বুলি কয় । আনহাতে দিৱসৰ লগত সংগতি ৰাখি ভাল টোপনিৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে  গুৱাহাটীৰ এপলো হস্পিতাল , নাইটিংগেল হস্পিতাল , দিছপুৰ হস্পিতাল , জি এন আৰ চি হস্পিতাল ,  এক্সেল কেয়াৰ হস্পিতাল , আয়ুৰসুন্দ্ৰা হস্পিতাল , জি এম চি এইছৰ উপৰিও মণিপুৰৰ ইম্ফলস্থিত আৰ আই এম এছ আৰু জে এন আই এম এছত ভাল টোপনিৰ প্রয়োজনীয়তা বিষয়ত  সজাগতা অভিযান চলোৱা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here