গুৱাহাটীত চাৰি দিনীয়া কয়ৰ এক্সপো আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 23 March 2023

গুৱাহাটীত চাৰি দিনীয়া কয়ৰ এক্সপো আয়োজন




W7s news গুৱাহাটী :  সূক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত কয়ৰ বোৰ্ডে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি-চিত্ৰবনত এখন ৪ দিনীয়া এক্সপো আয়োজন কৰিছে। ২৩ মাৰ্চত আৰম্ভ হোৱা এই এক্সপো ২৬ মাৰ্চত সমাপ্ত হ'ব। মাননীয় শ্ৰী ডি কুপ্পুৰামু জী (কয়ৰ ব'ৰ্ডৰ অধ্যক্ষ), মাননীয় শ্ৰী লক্ষ্মণ এছ, আইএএছ (সচিব, অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰ্যালয়) আৰু জীতেন্দ্ৰ কুমাৰ শুক্লা (সচিব, কয়ৰ বোৰ্ড)ৰ উপস্থিতিত এই অনুষ্ঠান উদ্বোধন কৰা হয়। 


দেশত কয়ৰ উদ্যোগৰ সামগ্ৰিক বহনক্ষম বিকাশৰ বাবে ভাৰত চৰকাৰে কয়ৰ উদ্যোগ আইন, ১৯৫৩-ৰ অধীনত কয়ৰ বোৰ্ড স্থাপন কৰিছিল। 


আইনখনৰ অধীনত নিৰ্ধাৰিত ব'ৰ্ডৰ কাৰ্যাৱলীৰ ভিতৰত বৈজ্ঞানিক, প্ৰযুক্তিগত আৰু অৰ্থনৈতিক গৱেষণা, আধুনিকীকৰণ, মানদণ্ড উন্নীতকৰণ, মানৱ সম্পদ বিকাশ, বাণিজ্যিক প্ৰচাৰ আৰু এই উদ্যোগত নিয়োজিত প্ৰতিগৰাকী ব্যক্তিৰ কল্যাণৰ প্ৰতিশ্ৰুতি, সহায় আৰু উৎসাহ অন্তৰ্ভুক্ত হৈ আছে। 


কয়ৰ উদ্যোগ আইন অনুসৰি নিৰ্দেশিত কাৰ্যসমূহ কয়ৰ বোৰ্ডে বিভিন্ন আঁচনি/কাৰ্যসূচীৰ অধীনত সম্পন্ন কৰে, যাৰ ভিতৰত গৱেষণা আৰু উন্নয়নমূলক কাৰ্যকলাপ, প্ৰশিক্ষণ কাৰ্যসূচী, কয়ৰ গোট স্থাপনৰ বাবে বিত্তীয় সমৰ্থন, ঘৰুৱা তথা ৰপ্তানি বজাৰৰ বিকাশ, শ্ৰমিকসকলৰ বাবে কল্যাণমূলক ব্যৱস্থা ইত্যাদি অন্তৰ্ভুক্ত।


কয়ৰ উদ্যোগে দেশৰ বিভিন্ন ৰাজ্যত ৭ লাখতকৈও অধিক কয়ৰ শ্ৰমিক, মুখ্যতঃ মহিলাক নিয়োজিত কৰি ৰাখিছে।

উদ্যোগটোৰ প্ৰায় ৮০% কৰ্মশক্তি মহিলা বুলি অনুমান কৰা হৈছে আৰু ই দেশৰ বহুতো উপকূলীয় জিলাৰ গ্ৰাম্য মহিলা সৱলীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

দেশত মুঠ ১৫৭০ পঞ্জীয়নকৃত কয়ৰ ৰপ্তানিকৰ্তা আছে।

২০২০-২১ বৰ্ষত ভাৰতৰ পৰা কয়ৰ আৰু কয়ৰ সামগ্ৰীৰ ৰপ্তানিৰ সৰ্বকালৰ সৰ্বাধিক অভিলেখ হিচাপে ৩৭৭৮.৯৮ কোটি টকা আছিল আৰু এইক্ষেত্ৰত পূৰ্বৱৰ্তী বছৰৰ তুলনাত ১০২১ কোটি টকাৰ অধিক বৃদ্ধি হৈছিল। ২০১৯-২০ বৰ্ষৰ পৰিসংখ্যাৰ তুলনাত এই মান ৩৭% বৃদ্ধি হোৱা পৰিলক্ষিত হয়। অহা কেইবছৰমানৰ ভিতৰত কয়ৰ বোৰ্ডে ৭০০০ কোটি টকাৰ কয়ৰ ৰপ্তানি কৰাৰ ওপৰত মনোনিৱেশ কৰিছে। 

পি.এম.ই.জি.পি.(প্ৰধানমন্ত্ৰীৰ নিয়োজন সৃষ্টি কাৰ্যসূচী)ৰ অধীনত, দেশৰ বিভিন্ন ৰাজ্যত কয়ৰ গোট আৰম্ভ কৰা হৈছে। 

পৰিৱেশ অনুকূল কয়ৰ সামগ্ৰীয়ে ভাৰত চৰকাৰৰ পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ দ্বাৰা "ইকো মাৰ্ক" প্ৰমাণপত্ৰ লাভ কৰিছে।

কয়ৰ সামগ্ৰীবোৰে পৰিৱেশ ৰক্ষা কৰে আৰু গোলকীয় উষ্ণতা প্ৰতিৰোধ কৰাত সহায় কৰে।

পানী সঞ্চয় কৰিবলৈ "কয়ৰ পিথ" ব্যৱহাৰ কৰা হয়।

মাটি বচাবলৈ "কয়ৰ জিঅ'টেক্সটাইল" ব্যৱহাৰ কৰা হয়।

গছ আৰু অৰণ্য বচাবলৈ "কয়ৰ উড" ব্যৱহাৰ কৰা হয়।

ব’ৰ্ডৰ অন্তৰ্গত গৱেষণা প্ৰতিষ্ঠানসমূহে বিভিন্ন চি.এছ.আই.আৰ. ইউনিট আৰু বিশ্ববিদ্যালয়ৰ সৈতে সংযুক্ত হৈ স্পিনিং আৰু প্ৰডাক্ট ডাইভাৰচিফিকেশ্যনৰ ক্ষেত্ৰত নতুন অনুসন্ধান আৰু বিকাশ সম্পৰ্কীয় প্ৰকল্পৰ ওপৰত কাম কৰি আছে।

কয়ৰ বোৰ্ডৰ পদক্ষেপৰ ফলত সামগ্ৰী বিকাশ আৰু বৈচিত্ৰ্যকৰণ কাৰ্যকলাপৰ এক শৃংখলা আৰম্ভ হৈছে যিয়ে কেইবাবিধো মূল্যৱান সামগ্ৰী মুকলি কৰি গ্ৰাহকৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সহায়ক হৈছে। মাটিৰ খহনীয়া প্ৰতিৰোধক হিচাপে ব্যৱহাৰ কৰিবলৈ কয়ৰ গেৰটেক্সটাইল, এক উৎকৃষ্ট জৈৱসাৰ তথা মাটিৰ কণ্ডিচনাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ কয়ৰ পিথ আৰু কয়ৰ গাৰ্ডেন সামগ্ৰীৰ দৰে কয়ৰৰ নতুন সামগ্ৰীসমূহে ভাৰতৰ লগতে বিদেশতো জনপ্ৰিয়তা অৰ্জন কৰিছে। পৰিৱেশ অনুকূল সামগ্ৰীৰ প্ৰতি বৰ্ধিত সম্পৰ্কই ঘৰুৱা তথা বিদেশী বজাৰত কয়ৰ আৰু কয়ৰ সামগ্ৰীসমূহৰ জনপ্ৰিয়তা অৰ্জনত সহায়ক হৈছে।.গুজৰাটত, এম.এছ.এম.ই. মন্ত্ৰালয়ে ৪৭২.৭৩ লাখ টকা প্ৰকল্প মূলধনেৰে ২টা এছ.এফ.ইউ.আৰ.টি.আই. ক্লাষ্টাৰ স্থাপনৰ অনুমোদন জনাইছে, যিয়ে অধিক নিয়োজনৰ সুযোগ মুকলি কৰিব। কয়ৰ জিঅ’ টেক্সটাইলে ভূমিপৃষ্ঠ সুৰক্ষিত কৰাৰ লগতে গছ-গছনিৰ দ্ৰুত বিকাশত সহায় কৰে। কয়ৰ বোৰ্ডে ২০২২-২৩ বিত্তীয় বৰ্ষত অসমৰ মাজুলীত মাটি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ব্যৱহাৰৰ বাবে ব্ৰহ্মপুত্ৰ বোৰ্ডক ১.১ কোটি মূল্যৰ জিঅ’ টেক্সটাইল আৰু জিঅ’-লগ যোগান ধৰিছিল। কয়ৰ সামগ্ৰীসমূহৰ ৰপ্তানিৰ ক্ষেত্ৰতো, ২০২০-২১ বৰ্ষত লাভ কৰা ৩৭৮ কোটি টকাৰ তুলনাত ২০২১-২২ বৰ্ষত এই লাভৰ পৰিমাণ ৪৩৪ কোটিলৈ বৃদ্ধি পাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here