পূব-গুৱাহাটী বিহু সন্মিলনৰ ৬২ সংখ্যক সমাৰোহৰ লাইখুঁটা স্থাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 27 March 2023

পূব-গুৱাহাটী বিহু সন্মিলনৰ ৬২ সংখ্যক সমাৰোহৰ লাইখুঁটা স্থাপন

 




'গুৱাহাটী : অসমৰ ঐতিহ্যমণ্ডিত পূব-গুৱাহাটী বিহু সন্মিলনৰ ৬২ সংখ্যক সমাৰোহৰ লাইখুঁটা স্থাপন কাৰ্য্যসূচী দেওবাৰে  চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হয়। পূব-গুৱাহাটী বিহু সন্মিলনৰ উপদেষ্টা তথা আজীবন সদস্য অঞ্জনা দেবী চক্রৱৰ্ত্তীয়ে লাইখুঁটা স্থাপন কৰি ৬২ সংখ্যক সমাৰোহখনিৰ শুভাৰম্ভ কৰি সমাৰোহখনৰ সফলতা কামনা কৰে। লগতে উপস্থিত সকলোকে ধন্যবাদ জনায়। উক্ত অনুষ্ঠানত পূব-গুৱাহাটী বিহু সন্মিলনৰ সমূহ পৃষ্ঠপোষকমণ্ডলী, প্রধান উপদেষ্টামণ্ডলী তথা উপদেষ্টামণ্ডলী, বিষয়ববীয়া, কাৰ্য নিৰ্বাহক সদস্য, আজীৱন তথা সাধাৰণ সদস্যৰ লগতে সমূহ শুভাকাংক্ষী ৰাইজক উপস্থিত  থাকে। ৬২ সংখ্যক সমাৰোহৰ সভাপতি বিপুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক সীমান্ত ঠাকুৰীয়াই অনুষ্ঠানত চমু বক্তব্য আগবঢ়ায় । অনুষ্ঠানত মঘাই হুঁচৰি বিহু দলে বিহু হুঁচৰি পৰিবেশন কৰে। উল্লেখ‍্য, এইবাৰ প্ৰায় ৪৫ লাখ টকা বাজেটেৰে ৰঙালী বিহুৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here