অসম কন্যা ময়ুৰিমা ডেকালৈ আইএফএ ২০২৩ বঁটা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 20 March 2023

অসম কন্যা ময়ুৰিমা ডেকালৈ আইএফএ ২০২৩ বঁটা




বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাই প্ৰদান কৰিলে 'ক্ৰিয়েটিভ মেকআপ আৰ্টিষ্টৰ' সন্মান 



W7s news,,,,গুৱাহাটী : মেক-আপৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা যোগাই অহা অসম কন্যা ময়ূৰিমা ডেকাই লাভ কৰিছে আই এফ এ ২০২৩ বঁটা।নতুন দিল্লীৰ ছত্রপুৰৰ বেলামুণ্ডে হোটেল প্রেক্ষাগ্ৰহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বলীউডৰ অভিনেত্ৰী শিল্পা চেট্টী কুন্দ্ৰাই অসম কন্যা তথা পিহু মেকঅ'ভাৰৰ মূৰব্বী ময়ূৰিমা ডেকাক আই এফ এ ২০২৩ বঁটা প্ৰদান কৰে। সৃজনশীল ব্ৰাইডল মেকআপ আৰ্টিষ্টৰ শ্ৰেণীত ময়ূৰিমা ডেকাক আই এফ এ বঁটাৰে সন্মানিত কৰা হয়। উল্লেখযোগ্য যে মূলতঃ যোৰহাটৰ বাসিন্দা ময়ুৰিমা ডেকা গুৱাহাটীৰ পিহু মেকঅ'ভাৰ হিচাপে বিখ্যাত।অসমীয়া চলচ্চিত্ৰ জগতৰ বহু অভিনেত্ৰী আছে যি সকলৰ সৌন্দৰ্য আৰু সুন্দৰতা ময়ুৰিমা ডেকাৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে।  ব্ৰাইডল মেক-আপৰ ক্ষেত্ৰখনত ডেকাই সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। এই সন্মান লাভ কৰাৰ পিছত ডেকাই সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। আইএফএ ২০২৩ বঁটা লাভ কৰি  ডেকাই কেৱল অসমেই নহয়, সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলক ৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰৱান্বিত কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here