উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীলৈ এক কোটি টকাৰ বৃত্তিৰ সুযোগ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 19 March 2023

উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীলৈ এক কোটি টকাৰ বৃত্তিৰ সুযোগ

 


অ'এছজিইউ আৰু গৰিমা ফাউণ্ডেশ্যনৰ ঘোষণা



W7s news গুৱাহাটী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ আহ্বানৰ প্ৰতি সহাৰি মৰ্মে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে  এক বিশেষ সুযোগ আগবঢ়াইছে ওম ষ্টাৰ্লিং গ্লোবেল ইউনিভাৰ্ছিটী (অ'এছজিইউ) আৰু গৰিমা ফাউণ্ডেছনে। দেওবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদ মেলত অ'এছজিইউৰ আচাৰ্য ডঃ পুণিত গোৱেল আৰু গৰিমা ফাউণ্ডেশ্যনৰ অধ্যক্ষা ডঃ পুনম গোৱেলে এই কথা প্ৰকাশ কৰে ।  তেওঁ লোকে কয় যে -কোনো কাৰণত পঢ়িব নোৱৰা বা পঢ়া-শুনা আধাতে এৰিবলগীয়া হোৱা প্ৰতিভাৱান ছাত্ৰ-ছাত্ৰীসকলক এই সুযোগ প্ৰদান কৰাৰ সমান্তৰালভাৱে ছাত্ৰীসকলৰ সুৰক্ষাৰ ওপৰতো বিশেষ গুৰুত্ব প্ৰদান কৰাৰ লগতে ছাত্ৰীসকলক আত্মৰক্ষাৰ কৌশলো শিকোৱা হ'ব বুলি সংবাদমেলখনত তেওঁলোকে ঘোষণা কৰে । পৰীক্ষাত প্ৰথম স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলে এই বৃত্তি লাভ কৰিব । বিশ্ববিদ্যালয়খনৰ আইন অধ্যয়ন, পৰিকল্পনা তথা কৰ্পোৰেট পৰিক্ৰমা বিভাগৰ ডীন ডঃ ৰমণজিৎ সিঙে অ'এছজিইউ আৰু গৰিমা ফাউণ্ডেশ্যনৰ এই সিদ্ধান্তৰ শলাগ লয় । আগ্ৰহী ছাত্ৰ-ছাত্ৰীসকলে ভাৰ্ছেটাইল এডুকেচন এণ্ড কেৰিয়াৰৰ মাইনা চুতীয়া (ভ্ৰাম্যভাষ : ৮০১১০৮৭৯৩৬) আৰু ডাঃ হীৰেন্দ্ৰ কুমাৰ ভাগৱতীৰ (ভ্ৰাম্যভাষ : ৯৯৫৭১৮৯৬৬০, ৯৮৬৪১২৫৮৮৭) সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here