W7s news গুৱাহাটী: ওৰেটো জীৱন সাংস্কৃতিক পথাৰখনত লোক সংগীত, শাস্ত্রীয় সংগীতৰ সাধনাৰে নিজস্ব স্বকীয় ধাৰাৰ সৃষ্টি কৰা সংগীতশ্রী প্রভাত শৰ্মা এক চিৰস্মৰণীয় শিল্পীসত্তা। আকাশবাণী, দূৰদৰ্শন তথা অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালনাৰ উপৰি তেওঁৰ অহোপুৰুষাৰ্থতে সৃষ্ট 'দেবগান্ধাৰ, 'পাঞ্চজন্য' ঐকতান গোষ্ঠীয়ে দেশ- বিদেশৰ প্রান্তে প্রান্তে অসমৰ লোক- সংগীতক একক আৰু ব্যতিক্রম ৰূপত কৰা প্ৰকাশ আছিল তেওঁৰ অন্যতম যাউতিযুগীয়া কৃতি।
'সংগীতশ্রী'ৰ স্মৃতি সংৰক্ষণৰ আন্তৰিক প্ৰয়াস হিচাপে উইণ্ডছংছৰ বেনাৰত নিৰ্মাণ কৰি উলিওৱা হৈছে
'পৰভাত' শীর্ষক এখন জীৱনীমূলক তথ্যচিত্র। তথ্যচিত্ৰখন বৃহস্পতিবাৰে সন্ধিয়া ৫.৩০ বজাত গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ সিংহ প্রেক্ষাগৃহত প্ৰদৰ্শনৰ দিহা কৰা হৈছে। এই প্ৰদৰ্শনীত সকলোৰে উপস্থিতি পৰিচালক মঞ্জুল বৰুৱা আৰু পৰিয়ালবৰ্গৰ হৈ বিশিষ্ট সংগীত শিল্পী তৰালি শৰ্মাই কামনা কৰিছে।
No comments:
Post a Comment