দীনদয়াল দিব্যাংগ পেঞ্চন আচনি বাহাল ৰখাৰ লগতে অন্যান্য দাবীসমুহ পূৰণৰ দাবী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 1 March 2023

দীনদয়াল দিব্যাংগ পেঞ্চন আচনি বাহাল ৰখাৰ লগতে অন্যান্য দাবীসমুহ পূৰণৰ দাবী

 



দিছপুৰ চ’লো কাৰ্যসূচীত ছয়মাইলতে প্ৰতিবন্ধীক বাধা আৰক্ষীৰ




W7s news গুৱাহাটী: ৰাজ্যৰ লাখ লাখ প্ৰতিবন্ধীৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত দীনদয়াল দিব্যাংগ পেঞ্চন আচনি বাহাল ৰখাৰ লগতে প্ৰতিবন্ধী সুৰক্ষা সংস্হাৰ অন্যান্য দাবীসমুহ পূৰণৰ দাবীত বুধবাৰে দিছপুৰ চ’লো কাৰ্যসূচী গ্ৰহণ কৰে৷ মহানগৰীৰ খানাপাৰাৰ কৃষি ভৱনৰ সম্মুখৰ পৰা আৰম্ভ কৰা দিছপুৰ চ’লো কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় পাচ শতাধিক প্ৰতিবন্ধী লোকক ছয়মাইল উৰনীয়া সেতুৰ মাজভাগত আৰক্ষীয়ে বাধা প্ৰদান কৰাত ৰাজপথত তীব্ৰ যান যটৰ সৃষ্টি হয়৷ ফলত আৰক্ষীয়ে বিপাঙত কৰি প্ৰতিবাদকাৰী প্ৰতিবন্ধী সকলক উৰনীয়া সেতু পাৰ কৰি জিএছৰোডত আৱদ্ধ কৰি ৰাখে৷ প্ৰতিবাদকাৰী সকলে প্ৰতিবন্ধীক প্ৰতাৰণা নচলিব, আমাৰ পেঞ্চন বন্ধ কৰিবলৈ দিয়া নহব, আমাৰ প্ৰাপ্য দিবই লাগিব, হয় আমাক প্ৰাপ্য দিয়ক, নহয় আমাক গুলীয়াই মাৰক, মূখ্যমন্ত্ৰীৰ ময়মতালী বন্ধ কৰক, বিজেপি চৰকাৰ হায় হায়, বিভাগীয় মন্ত্ৰী হুছিয়াৰ, আমাৰ বেগলগ’ পদসমূহ শীঘ্ৰে পূৰণ কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰথমাৱস্থাত স্মাৰকপত্ৰ গ্ৰহণ কৰিবলৈ বিভাগৰ কোনো উচ্চপদস্থ বিষয়া উপস্থিত নাছিল যদিও প্ৰতিবাদকাৰীৰ ক্ষোভ দেখি সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ অতিৰিক্ত সচিব মানবেন্দ্ৰ মেধি উপস্থিত হৈ স্মাৰকপত্ৰ গ্ৰহন কৰি চৰকাৰৰ লগত আলোচনা কৰি বাজেটৰ পূৰ্বে বিষয়টো সন্দৰ্ভত গ্ৰহন কৰা সিদ্ধান্তৰ বিষয়ে অবাগত কৰিব বুলি আস্বাস দিয়াত প্ৰতিবাদকাৰী সকলে সাময়িক ভাৱে প্ৰতিবাদী কাৰ্যসূচী স্হগিত ৰাখে৷ প্ৰতিবাদটোক নেতৃত্ব দিয়া সংস্হাৰ সম্পাদক নৃপেন মালাকাৰে কয় অৰুণাদয় আচনি প্ৰদানৰ নামত চল চতুৰীৰে প্ৰতিবন্ধীক চৰকাৰখনে প্ৰতাৰণা কৰি বিছাৰিছ৷ দিব্যাংগ প্ৰমাণ পত্ৰৰ সলনি আধাৰ কাৰ্ড আৰু ভোটাৰ কাৰ্ড বিছৰা কাৰ্যই ইয়াক প্ৰতিপন্ন কৰিছে৷ কিয়নো বিজেপিৰ সবকা সাথ সবকা বিকাশ শ্ল’গান অসমত অসাৰ প্ৰতিপন্ন হৈছে৷ প্ৰধানমন্ত্ৰী সবকা সাথ সবকা বিকাশৰ কথা কৈ আহিছে যদিও অসমৰ চৰকাৰখনে বাৰম্বাৰ প্ৰতিবন্ধী লোকক প্ৰতাৰণা কৰি আহিছে৷ অন্য ক্ষেত্ৰততো বাদেই প্ৰতিবন্ধী আইন ২০১৬ ৰ ২৪ নং দফা অনুসৰি ৰাজ্যৰ প্ৰতিবন্ধী সকলে প্ৰতিমাহে লাভ কৰি থকা ১০০০টকাটো বন্ধ কৰি অৰুনোদয় আচনিৰ লগত একাকাৰ কৰি চল চতুৰীৰে প্ৰতিবন্ধী সকলক প্ৰবঞ্চনা কৰিবলৈ বিছাৰিছে চৰকাৰে৷ চৰকাৰৰ যদি ইমানেই সহানুভূতি আছে তেন্তে আচনিখন বন্ধ নকৰি দীনদয়াল দিব্যাংগ পেঞ্চন আচনি আৰু অৰুনোদয় আচনি যোগ কৰি প্ৰতিবন্ধী ভাই ভনী সকলক দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনালো৷ তেতিয়াহে বুজি পাম ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনে সবকা সাথ সবকা বিকাশ নীতিত চলি আছে৷ যদি ইয়াৰ পিছতো চৰকাৰখনৰ গা নলৰে তেন্তে অনাগত দিনত ভাৰতৰ ৰাজধানী দিল্লীৰ ৰাজপথ কপাবলৈয়ো প্ৰতিবন্ধী সকল সাজু বুলি মালাকাৰে উল্লেখ কৰে৷ আজিৰ স্মাৰকপত্ৰক সংগঠনটোৱে ২০১৮ চনৰ ৩১ ডিচেম্বৰতে প্ৰকাশিত বিজ্ঞাপনৰ ভিত্তিত ৫১৩ টা পদৰ স্বচ্ছ আৰু নিকাভাৱে শীঘ্ৰে নিযুক্তি প্ৰক্ৰীয়া সম্পন্ন কৰা, ২০১৭ চনৰ ৩১ ডিচেম্বৰলৈ চৰকাৰে দিয়া তথ্য অনুসৰি প্ৰতিবন্ধীসকলৰ বাবে ২৩টা বিভাগত বেকলগ হৈ থকা মুঠ ৪৪১৯টা খালী পদৰ ৮৬৩টা পদ বাদ দি বাকীসমূহ পদত বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে পুৰণৰ ব্যৱস্থা কৰা, দৃষ্টিহীন বিদ্যালয়সমূহৰ পাবলগীয়া খাদ্যৰ ধনৰ লগতে অন্যান্য ধনসমূহো মুকলি কৰি দিয়াৰ ব্যৱস্থা কৰা, দিব্যাংগ পেঞ্চনৰ ধনৰাশি অৰুণোদয় আঁচনিৰ লগত একাকাৰ কৰাৰ পৰিৱৰ্তে আইনগতভাবে প্রতিবন্ধী লোকসকলে লাভ কৰি থকা পেঞ্চনৰ মাহেকীয়া ধনৰাশি ১০০০ টকাৰ পৰা ৩০০০ টকালৈ বৃদ্ধি কৰক অথবা অৰুণোদয় আচনিৰ ধন ১২৫০ টকা আৰু বৰ্তমান লাভ কৰি থকা পেঞ্চনৰ ধনৰাশি মিলাই মুঠ ২২৫০ টকাকৈ প্ৰত্যেকগৰাকী প্ৰকৃত প্রতিবন্ধীলোকসকলক প্ৰদানৰ ব্যৱস্থা কৰা, বিশেষ ব্যৱস্থাৰ লগতে প্রত্যেকগৰাকী আর্থিকভাবে দুর্বল প্রতিবন্ধী লোকক আৱাসগৃহ প্ৰদানৰ ব্যৱস্থা কৰা, গুৱাহাটীৰ মাজমজিয়াত প্ৰতিবন্ধীসকলৰ বাবে জিৰণী গৃহৰ ব্যৱস্থা কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে৷ আজিৰ প্ৰতিবাদী কাৰ্যসূচীত মধ্য অসম প্ৰতিবন্ধী সংস্হাৰ সভাপতি টংকেশ্বৰ বৰা, দৃষ্টিহীন পৰিষদ অসমৰ সম্পাদক প্ৰনৱ বেজবৰুৱাকে ধৰি কেইবাটাও সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here