এন ৱাই এফ ডব্লিউত ৭ম ছিজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 19 February 2023

এন ৱাই এফ ডব্লিউত ৭ম ছিজন


 

নিউয়ৰ্ক ফেশ্বন উইকত ইণ্ডিয়ান ফেশ্বন ট্ৰাংক


W7s news,,: ইণ্টাৰনেচনেল ইনষ্টিটিউট অফ ফেশ্বন ডিজাইন (আইএনআইএফডি) আৰু লণ্ডন স্কুল অফ ট্ৰেণ্ডছ (এলএছটি)য়ে নিউয়ৰ্ক ফেশ্বন সপ্তাহৰ সময়ত ৭ম চিজনৰ বাবে "ইণ্ডিয়ান ফেশ্বন ট্ৰাংক" উপস্থাপন কৰে।খাদী কাপোৰ ভাৰতীয় সংস্কৃতি আৰু ফেশ্বনৰ এক অবিচ্ছেদ্য অংশ। এক কালজয়ী সৌন্দৰ্য্যৰ আকৰ খাদীৰ মূল্যৱান ঐতিহাসিক আৰু সাংস্কৃতিক প্ৰাসংগিকতা আছে। নিউয়ৰ্ক ফেশ্বন উইকৰ সময়ত ইণ্টাৰনেচনেল ইনষ্টিটিউট অফ ফেশ্বন ডিজাইন (আইএনআইএফডি)ৰ যুৱ ডিজাইনাৰসকলৰ দ্বাৰা নিমজ, হাতে-কটা প্ৰাকৃতিকভাৱে বোৱা কাপোৰ খাদীক উদযাপন কৰিবলৈ "ইণ্ডিয়ান ফেশ্বন ট্ৰাংক" উপস্থাপন কৰা হয়। বিভিন্ন অঞ্চল, পৰম্পৰা আৰু সংস্কৃতিৰে পৰিবেষ্টিত সমগ্ৰ ভাৰতৰ আইএনআইএফডি কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে "খাদী"ক উমৈহতীয়া উপাদান হিচাপে লৈ প্ৰস্তুত কৰা তেওঁলোকৰ সমৃদ্ধ ঐতিহ্যৰ সংগ্ৰহবোৰ প্ৰদৰ্শন কৰে। উদীয়মান আইএনআইএফডি ডিজাইনাৰসকলে খাদীক পৰম্পৰা আৰু আধুনিকতাৰ ভাৰসাম্য বহনকাৰী কাপোৰ হিচাপে বিশ্বৰ আটাইতকৈ সন্মানীয় ফেশ্বন সপ্তাহ ‘নিউয়ৰ্ক ফেশ্বন উইক’ত প্ৰদৰ্শন কৰা দেখা যায়।নিউয়ৰ্কস্থিত ভাৰতৰ কনছুলেট জেনেৰেল, কনছুল (প্ৰেছ, তথ্য আৰু সংস্কৃতি)  বিপুল দেৱে এই অনুষ্ঠানটো প্ৰত্যক্ষ কৰি যুৱ ডিজাইনাৰসকলৰ অপৰিসীম প্ৰতিভা আৰু সৃষ্টিশীল ডিজাইনৰ শলাগ লয়। তেওঁ কয় যে, "আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সততে উল্লেখ কৰা খাদী ফৰ নেশ্যন, খাদী ফৰ ফেশ্বন শীৰ্ষক বাক্যশাৰীৰ দৰে খাদীৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা সকলো ডিজাইনেই মনোমোহা। খাদীয়ে নিউয়ৰ্কলৈ যাত্ৰা কৰি নিউয়ৰ্ক ফেশ্বন উইকত প্ৰদৰ্শিত হোৱাত মই গৌৰৱান্বিত। পশ্চিমীয়া নান্দনিকতাৰ সৈতে মিশ্ৰিত সমৃদ্ধ ভাৰতীয় সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা অনুষ্ঠানটো পূৱ-পশ্চিমৰ এক নিখুঁত ঐক্যসভা আছিল। আইএনআইএফডি গুৱাহাটীৰ শিক্ষাৰ্থী অনুৰাধা জৈন, হিনা মৌৰ, দিব্যা ভাৰতীয়, লহৰ আগৰৱালা আৰু হাছিম আলীৰ দ্বাৰা ডিজাইন কৰা এইসাজ কাপোৰ হৈছে এটা ঢিলা চোলা আৰু উৰুৰ সন্মুখ তথা পিছফাল উভয়তেই খোলা কাট থকা ডেনিমৰ সৈতে এবিধ দুতৰপীয়া পোছাক। এই ডিজাইনটো টৰণ্টোৰ ডাউনটাউনৰ আটাইতকৈ বিশিষ্ট চাৰিআলিবোৰৰ এটাত অৱস্থিত, বৰ্তমান মাইকেল লী-চিন ক্ৰিষ্টাল হিচাপে নামাংকৃত ৰয়েল অণ্টাৰিঅ' মিউজিয়াম (ৰম)ৰ দ্বাৰা অনুপ্ৰাণিত। ই কানাডাৰ আটাইতকৈ ডাঙৰ সংগ্ৰহালয়।আইএনআইএফডি গুৱাহাটীৰ কেন্দ্ৰ সঞ্চালক  চিঙ্কি আগৰৱালে কয় যে, “এইটো আমাৰ চহৰখনৰ বাবে গৌৰৱৰ বিষয় যে আমাৰ ছাত্ৰ ডিজাইনাৰসকলে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে প্ৰিমিয়াৰ ফেশ্বন উইক 'এনৱাইএফডব্লিউ'ত প্ৰদৰ্শনৰ বাবে গৈ দেশলৈ সুনাম কঢ়িয়াই আনিছে। আমাৰ ডিজাইনাৰসকলে এৰ্টি পোছাকৰ ডিজাইন আৰু প্ৰস্তুতকৰণৰ সময়ত বাণিজ্যিক দিশটোও সজাগতাৰে বিবেচনা কৰি চাইছিল। আইএনআইএফডি গুৱাহাটীৰ শিক্ষাৰ্থীসকলে আটাইতকৈ সন্মানীয় আন্তঃৰাষ্ট্ৰীয় মঞ্চ নিউয়ৰ্ক ফেশ্বন উইকত লাভ কৰা তেওঁলোকৰ সফলতাক লৈ আনন্দিত আৰু তেওঁলোকে ইয়াক সম্পূৰ্ণ উৎসাহ আৰু উদ্দীপনাৰে উদযাপন কৰিছে। 'ইণ্ডিয়ান ফেশ্বন ট্ৰাংক' অনুষ্ঠানত প্ৰদৰ্শিত হোৱা দৰ্শনীয় সংগ্ৰহটো ফেশ্বনাইজিং ফেব্ৰিকৰ বৰ্ণিল আৰু প্ৰাণোচ্ছল বিষয়বস্তুৰ আধাৰত ভিত্তি কৰি ডিজাইন কৰা হৈছিল য'ত দেখুওৱা হৈছিল যে খাদী ফেশ্বনেবল হ'ব পাৰে আৰু ইয়াক আকৰ্ষণীয় ৰূপৰেখাসহ বিভিন্ন ধৰণৰ মনোমোহা,আধুনিক আৰু ৰোমাঞ্চকৰ ডিজাইন সৃষ্টি কৰিবলৈ ব্যৱহাৰ কৰিব পাৰি।২৭ বছৰৰো অধিককালৰ ঐতিহ্যসম্পন্ন ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অৱ ফেশ্বন ডিজাইন (আই এন আই এফ ডি) হৈছে ছাত্ৰ-ছাত্ৰীসকলক এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ প্ৰদান কৰাৰ বাবে পৰিচিত এক প্ৰতিষ্ঠান। ১ টা প্ৰতিষ্ঠান, ৩ খন মহাদেশ, ৩ খন দেশ, ৩টা ফেশ্বন উইক, ইণ্টাৰনেচনেল ইনষ্টিটিউট অফ ফেশ্বন ডিজাইন (আইএনআইএফডি)য়ে বিশ্বব্যাপী নিজৰ এক শক্তিশালী উপস্থিতি স্থাপন কৰিছে আৰু এয়া হৈছে বিশ্বৰ প্ৰথম ফেশ্বন প্ৰতিষ্ঠান যিয়ে বিশ্বৰ দুখন মুখ্য ফেশ্বন ৰাজধানী নিউয়ৰ্কত ৭ম ছিজনৰ বাবে আৰু লণ্ডনত ৮ম ছিজনৰ বাবে তেওঁলোকৰ শিক্ষাৰ্থীৰ সংগ্ৰহ প্ৰদৰ্শন কৰাৰ লগতে যোৱা ৩৩টা ছিজনৰ বাবে একেৰাহে মুম্বাইৰ লেকমে ফেশ্বন উইকত প্ৰদৰ্শন কৰিছে।৫৪ সাজ সুন্দৰ পোছাকৰ সৈতে এই ভাৰতীয় অনুষ্ঠানটোৱে নিউয়ৰ্কৰ জাকজমকতাপূৰ্ণ ফেশ্বন জগত আৰু মিডিয়াক মন্ত্ৰমুগ্ধ কৰি এনৱাইএফডব্লিউত বৃহৎ সফলতা লাভ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here