গুৱাহাটীৰ নাৰংগীত ভাৰতীয় সেনা আৰু ইয়ং ইণ্ডিয়ানছ (গুৱাহাটী শাখা) ৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত হ’ল অৱসৰপ্ৰাপ্ত লোকৰ নিয়োগ মেলা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 19 February 2023

গুৱাহাটীৰ নাৰংগীত ভাৰতীয় সেনা আৰু ইয়ং ইণ্ডিয়ানছ (গুৱাহাটী শাখা) ৰ দ্বাৰা যুটীয়াভাৱে আয়োজিত হ’ল অৱসৰপ্ৰাপ্ত লোকৰ নিয়োগ মেলা




 

W7s news গুৱাহাটী:  কনফেডাৰেশ্যন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী চমুকৈ চিআইআই আৰু ইয়ং ইণ্ডিয়ানছৰ গুৱাহাটী অধ্যায়ে ভাৰতীয় সেনাৰ সৈতে গুৱাহাটীৰ নাৰেংগী সামৰিক কেন্দ্ৰত অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ বাবে এক চাকৰি মেলাৰ আয়োজন কৰে। ইষ্টাৰ্ণ কামাণ্ডৰ অধীনত ৫১ ছাব-এৰিয়াইয়ো এই মেলাত সহযোগ কৰে। এই মেলাত যথেষ্টসংখ্যক কৰ্পোৰেট গোষ্ঠীয়েও অংশগ্ৰহণ কৰে, য’ত ১৫০০ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে নিজৰ দক্ষতা প্ৰদৰ্শন কৰে। এই মেলাতে সশস্ত্ৰ বাহিনীৰ বিশেষভাৱে সক্ষম বয়োজ্যেষ্ঠ লোকৰ বাবে ২০ খন হুইলচেয়াৰো অনুদান হিচাপে আগবঢ়োৱা হয়। উল্লেখ্য যে এই চাকৰি মেলাৰ উদ্দেশ্য আছিল সশস্ত্ৰ বাহিনীত সেৱা আগবঢ়োৱা প্ৰাক্তন কৰ্মচাৰীসকলৰ বাবে এক উচিত মঞ্চ আৰু সুযোগ প্ৰদান কৰা, যিসকলে আহৰণ কৰা দক্ষতা আৰু অভিজ্ঞতাবোৰেৰে আন বিভিন্ন কামত মকৰল পাবৰ বাবে যোগ্য। ইয়াৰ উপৰিও, ই.এছ.এম.বোৰক আন বিভিন্ন ক্ষেত্ৰত প্ৰশিক্ষণ দিয়া যেনে অগ্নি নিৰ্বাপক, গাৰ্ড ডিউটি, ইলেক্ট্ৰিচিয়ান, ইনভেণ্টৰী মেনেজমেণ্ট, ক্লাৰিকেল ৱৰ্ক, আৰু অন্যান্য।মেলাত লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাও উপস্থিত থাকে। উল্লেখ্য যে ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া ৰাণা প্ৰতাপ কলিতা বৰ্তমান ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কeমাণ্ডৰ জেনেৰেল অফিচাৰ কমাণ্ডিং-ইন-চীফ (জিঅ'চি-ইন-চি) হিচাপে কাৰ্যনিসৰ্বাহ কৰি আছে। 


উল্লেখ্য যে এই মেলাত মেজৰ জেনেৰেল আৰ.কে. ঝা, এ.ভি.এছ.এম., ব্ৰিগেডিয়াৰ সঞ্জীৱ চোপ্ৰা আৰু অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান (এডমিন) ৰ হৰমিত সিঙ উপস্থিত থাকি ইয়ং ইণ্ডিয়ানছৰ এই প্ৰয়াসক ভূয়সী প্ৰসংশা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here