W7s news,,,গুৱাহাটী : এই গ্ৰীষ্মকালত ৰূপালী পৰ্দাত মুক্তি দিবলৈ সাজু হৈছে "হিৰাইথ" নামৰ এখন নতুন অসমীয়া চলচ্চিত্ৰ। চাও পাৰ্থ বৰগোহাঁই পৰিচালিত আৰু চেংপেম ফিল্মছৰ সহযোগত সুৰ প্ৰডাকচনৰ প্ৰযোজনাৰে এই বহু প্ৰত্যাশিত চলচ্চিত্ৰখনে অসমীয়া চলচ্চিত্ৰপ্ৰেমীক এক ৰোমাঞ্চকৰ যাত্ৰালৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিছে।প্ৰতিভাৱান পাৰ্থই এই ছবিখন পৰিচালনা কৰাই নহয়, চিত্ৰনাট্যও লিখিছে আৰু চিনেমাট’গ্ৰাফীও কৰিছে। প্ৰি-প্ৰডাকচনত তেওঁক পৰিচালনাত সহযোগ কৰে চিৰঞ্জীৱ বৰুৱা, পংকজ সেনাপতি আৰু কেনেডী জিৰদোই ৷আনহাতে অৰুণাভ দত্ত, ভিক্টৰ দাস, আৰু দুষ্যন্ত ৰায়ে পোষ্ট প্ৰডাকচনত সহকাৰী হিচাপে পৰিচালনাত সহায় কৰে।মেঘালী কলিতাই পৰীৰ চৰিত্ৰত, অসীম শৰ্মাই ড° চলিহাৰ চৰিত্ৰত, অতনু মহন্তই কমৰ চৰিত্ৰত আৰু অৰ্চনা বেজবৰুৱাই মিছেছ চলিহাৰ চৰিত্ৰত, দীপাংকৰ শৰ্মাই ৰুবুল, হেমন্ত ৰাজখোৱাই হেমন্ত, বিশ্বকিংকৰ বৰুৱাই দিলীপ আৰু ৰিমঝিম ডেকাই ৰেণুকাৰ চৰিত্ৰত অভিনয় কৰিছে।ডিব্ৰুগড়ত চলচ্চিত্ৰখনৰ অধিকাংশ চিত্ৰগ্ৰহণ কৰা হয় আৰু ৮২ দিনত শ্বুটিং সম্পন্ন কৰা হয়। চলচ্চিত্ৰখনৰ সংগীত বিশিষ্ট সংগীতজ্ঞ এ টি ৰামৰ।২০২২ চনৰ ২০ ডিচেম্বৰত ডিব্ৰুগড়ত সম্পাদনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে পাৰ্থই সম্পাদনা দলটোৰ নেতৃত্ব বন্ধু তথা সহকৰ্মী, ৰাজীৱ মেনন প্ৰডাকচনৰ কবিন অাদিত্যক অৰ্পণ কৰে। বৰ্তমান মুম্বাইত চলচ্চিত্ৰখনৰ ছাউণ্ড ডিজাইনৰ কাম কৰি আছে নৱপন ডেকাই।
Post Top Ad
Responsive Ads Here
Tuesday, 21 February 2023
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment