জজ্ফিল্ডত প্ৰীতি মূলক ক্ৰিকেট খেলত শিল্পী একাদশৰ জয়লাভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 5 February 2023

জজ্ফিল্ডত প্ৰীতি মূলক ক্ৰিকেট খেলত শিল্পী একাদশৰ জয়লাভ

 




W7s newsগুৱাহাটী: গুৱাহাটীৰ জজ্ফিল্ড খেলপথাৰত দেওবাৰে হেল্ থ  -চিটী হাস্পতাল একাদশ আৰু শিল্পী একাদশৰ মাজত এখন প্ৰীতি মূলক ক্ৰিকেট খেলৰ অনুষ্ঠিত হয়। ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰা শিল্পী একাদশৰ দলৰ হৈ হাৰ্ট থ্ৰব জুবিন গাৰ্গ, জয়ন্ত কাকতি ,

আচুৰ্য বৰপাত্ৰ, পঙ্কজ ইংতি, নীল আকাশকে আদিকে ধৰি বহু কেইজন তাৰকা শিল্পীয়ে খেলত যোগদান কৰে। আনহাতে হেল্ থ  -চিটী হাস্পতাল একাদশ

হাস্পতাখনৰ ফেচিলিটী ডাই ৰেক্টৰ পৰাগজ্যোতি দত্ত, ডাঃ অতনু বৰঠাকুৰ, ডাঃ ব্ৰজেন লহকৰ,

হাস্পতালৰ অন্যান্য কর্মীসকলে অংশগ্ৰহণ কৰে।

 টছত জয়লাভ কৰি নিৰ্ধাৰিত ১৫ অভাৰত শিল্পী একাদশে ২১১ ৰাণ সংগ্ৰহ কৰে। ইয়াৰ বিপৰীতে হেল্ থ  -চিটী হাস্পতাল একাদশে ১৫ অভাৰ খেলি ২০ ৰাণত পৰাজিত হয়।খেলত মেন অৱ দা মেচৰ সন্মান লাভ কৰে শি


ল্পী একাশৰ হৈ নীল আকাশে। উল্লেখ‍্য,

হেল থ -চিটী হাস্পতাল আৰু ডা: ভৱদাস ফাউণ্ডেশ্যনৰ সহযোগত অনুষ্ঠিত হোৱা এই খেলখন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ হৃদৰোগৰ সজাগতা বৃদ্ধিৰ মহৎ লক্ষ্য আৰু উদ্দেশ্য অনুষ্ঠিত হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here