কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আন্তৰ্জাতিক জ্যোতিষ সন্মিলন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Sunday, 5 February 2023

demo-image

কুমাৰ ভাস্কৰ নাট্য মন্দিৰত আন্তৰ্জাতিক জ্যোতিষ সন্মিলন

Responsive Ads Here

 


W7s news গুৱাহাটী: কুমাৰ ভাস্কৰ নাট্য মন্দিৰত দেওবাৰে এখন আন্তৰ্জাতিক জ্যোতিষ সন্মিলন অনুষ্ঠিত হয়। ড০ তৰুণ ভট্টাচাৰ্যৰ সভাপতিত্বত আৰ্যভট্ট ফাউণ্ডেচন অসম শাখাৰ প্ৰথম বাৰ্ষিক আন্তৰ্জাতিক জ্যোতিষ সন্মিলনখন অনুষ্ঠিত হয়। সন্মিলনৰ আৰম্ভণিতে আৰ্যভট্ট ফাউণ্ডেচন কলকাতাৰ প্ৰতিষ্ঠাপক সঞ্চালক ৰাজজ্যোতিষ পণ্ডিত অনিমেষ শাস্ত্ৰী, ড০ তৰুণ ভট্টাচাৰ্য, শিৱাকামি ৰাজমুথিয়াই এই অনুষ্ঠানৰ বন্তি প্রজ্বলন কৰে। বৈদিক জ্যোতিষ আলোচনাচক্ৰ আৰু মুকলি অধিবেশনৰ বৰ্ণিল কাৰ্যসূচী উদ্বোধন কৰে ৰাজজ্যোতিষ পণ্ডিত অনিমেষ শাস্ত্ৰীয়ে। তেওঁ ভাষণত বৰ্তমান সময়ত জ্যোতিষৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ বিষয়ে আলোকপাত কৰে। এই সন্মিলনত শিৱাকামি ৰাজমুখিয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি সাৰগৰ্ভ ভাষণ আগবঢ়ায়। সন্মিলনত ড০ বিজিত তালুকদাৰৰ সম্পাদনাত প্ৰকাশিত স্মাৰকগ্ৰন্থ 'প্ৰাগজ্যোতিষ' উন্মোচন কৰা হয়। এই সন্মিলনত দেশৰ বিভিন্ন ঠাইৰ পৰা অহা বিশিষ্ট ব্যক্তি সকলক মানপত্ৰ বিতৰণ আৰু উপাধি প্ৰদানেৰে সন্মানিত কৰা হয়।

IMG-20230205-WA0044

অংকিতা জেম্ ছ প্ৰাইভেট লিমিটেডৰ সহযোগিতাত অনুষ্ঠিত হোৱা এই সন্মিলনত দেশত বিভিন্ন প্ৰান্তৰ বহু সংখ্যক জ্যোতিষিয়ে অংশগ্ৰহণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *