‘
W7s news,,গুৱাহাটী: ইনাৰ বেয়াৰ নিৰ্মাতা প্রতিষ্ঠান লাক্স ইণ্ডাষ্ট্রিজৰ ‘অএনএন' প্রিমিয়ামে গ্ৰাহকৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত আয়োজন কৰিছে ডীলাৰ মীট। পুৰুষ আৰু মহিলাৰ বাবে সম্পূর্ণ শীতকালীন ইনাৰ ৱেৰ আৰু এথলিজাৰ পোছাক মুকুলি কৰা হয় গুৱাহাটীৰ নৱটেল হোটেলত আয়োজন কৰা এই ডীলাৰ মীটত ৫০ তকৈও অধিক সামগ্রী মুকুলি কৰা হয় । অনুষ্ঠানটোত লাক্স ইণ্ডাস্ট্রিজ লিমিটেডৰ কাৰ্যবাহী সঞ্চালক ছকেত টোডি উপস্থিত থাকে। একেদৰে সন্মিলনত কোম্পানীৰ উত্তৰ-পূৰ্বাঞ্চলৰ বিতৰ্ক গুড ভেল্যু মাৰ্কেটিঙৰ বিমল কুমাৰ বাইদ, ৰণজিৎ বোথ্রা, যশ বোথ্রা, পদ্মাৱতী এণ্টাৰপ্ৰাইছৰ প্রবীণ দুগাৰ, শুভম ডিষ্ট্রিবিউটৰ সুভম আগৰৱাল আৰু জি এছ এল এণ্টাৰপ্ৰাইছৰ অশ্বিনী মুদ্ৰাই সমগ্ৰ উত্তৰ-পূব অঞ্চলৰ বাবে ‘অএনএন’ প্রিমিয়াম বেয়াৰ মুকুলি কৰে। ৫০ জনৰো অধিক ডীলাৰে অনুষ্ঠানটোত অংশগ্ৰহণ কৰে। অএনএন প্রিমিয়াম বেয়াৰৰ সৃজনশীলতা, সামগ্ৰীৰ মানদণ্ডক সকলোৱে প্ৰশংসা কৰে। ‘অএনএন' প্রিমিয়াম বেয়াৰৰ দলটোৱে সহযোগী ব্যৱসায়িক সকলক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সঘনাই ডীলাৰ আৰু ৰিটেইলাৰ মীটৰ আয়োজনৰ পোষকতা কৰে । অএনএন হৈছে পুৰুষৰ বাবে উন্নত মানদণ্ডইনাৰ ৱেৰ আৰু এথলিজাৰপোছাক। ইনাৰ ৱেৰ আৰু এথলিজাৰ পোছাক সমূহ ডিজাইনত সৃষ্টিশীল আৰু ফুটলুজ হিচাপে জনাজাত।‘অএনএন' আজিৰ যুৱপ্ৰজন্মৰ ৰুচি আৰু চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই পোছাক প্ৰস্তুত কৰিছে।
No comments:
Post a Comment