অণুব্ৰত আন্দোলনৰ গৌৰৱময় ৭৫ বছৰ উপলক্ষে অণুব্রত অমৃত মহোৎসৱ আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 21 February 2023

অণুব্ৰত আন্দোলনৰ গৌৰৱময় ৭৫ বছৰ উপলক্ষে অণুব্রত অমৃত মহোৎসৱ আৰম্ভ

 





W7s news গুৱাহাটী:  মানুহ হিচাপে জীয়াই থকাৰ, মানুহক মানুহৰূপে গণ্য কৰাৰ, মানৱতাৰ উৎকৃষ্ট নিদর্শনৰে আচাৰ্য তুলসীয়ে ১৯৪৯ চনত আৰম্ভ কৰা অণুব্রত আন্দোলনে ৭৫ তম গৌৰৱময় বছৰত পদাৰ্পন কৰিলে। এই উপলক্ষে গুৱাহাটীত গুৱাহাটীৰ ফাঁচী বজাৰৰ তেৰাপন্থ ভৱনত মঙলবাৰে অনুষ্ঠিত এক সংবাদমেলঅণুব্রত সমিতিৰ উদ্যোগত অনুষ্ঠিত হয়।বছৰজোৰা কাৰ্যসূচীৰে অণুব্ৰত অমৃত মহোৎসৱৰ শুভাৰম্ভ কৰা হয়। ২০২৪ চনৰ ১২ মাৰ্চলৈ চলিবলগীয়া কাৰ্যসূচীৰ মঙলবাৰে পুৱা গুৱাহাটীৰ মেয়ৰ মৃগেন শৰণীয়াই শোভাযাত্ৰাৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। তদুপৰি ১ অক্টোবৰৰ পৰা ৭ অক্টোবৰলৈ অণুব্ৰত উদ্বোধনী সপ্তাহ' আৰম্ভ কৰিব। ১৮,১৯ আৰু ২০ নবেম্বৰত ৭৪ সংখ্যক অণুৱত সন্মিলন অনুষ্ঠিত হ'ব। ইয়াৰোপৰি ৰাষ্ট্ৰীয় পৰ্যায়ত সাহিত্যিক লেখক সন্মিলন, বিভিন্ন আলোচনাচক্র, অণুব্রত ক্রিয়েটিভিটি প্রতিযোগিতা, অনুষ্ঠিত হ'ব।সন্মান প্রদান, শান্তি আৰু অহিংস পদক্ষেপৰ একাদশ আন্তঃৰাষ্ট্ৰীয় সন্মিলন অনুষ্ঠিত হ'ব। অণুব্রত অমৃত মহোৎসৱৰ কাৰ্যসূচী উপলক্ষে বিস্তৃতৰূপত দাঙি ধৰে তেৰাপথ ধর্মসংঘৰ নিৰ্দেশিকা সমণী বিপুল প্রজ্ঞাজী, সমণী আদর্শ প্রজ্ঞাজী, অনুব্রত সমিতিৰ অধ্যক্ষ বজ্রংলাল ডোসী, মন্ত্রী অশোক বড়, অণুব্রত ৰাষ্ট্ৰীয় সংগঠন মন্ত্ৰী বজ্ৰং বৈদ, অণুব্ৰত অসমৰ প্ৰভাৰী ছত্তৰ সিং জৈন, সম্পূর্ণ বছৰৰ সমন্বয়ক অশোক মালু, কাৰ্যকৰী সংযোজক নির্মল কু স্যামসুখাই। সংবাদ মেলত তেৰাপন্থ সভাৰ অধ্যক্ষ বজ্ৰং সুৰানাকে ধৰি অণুব্রত বিশ্ব ভাৰতী ছ'চাইটিৰ বহু কাৰ্যকৰ্তা অণুব্রত আন্দোলনত আত্মনিযোগ কৰা সকলক উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here