ডালমিয়া ভাৰত ফাউণ্ডেচন আৰু নাবাৰ্ডে আত্ম সহায়ক গোটৰ (এছএইচজি ) বাবে পশুপালন কাৰ্যসূচী আয়োজন কৰে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 22 February 2023

ডালমিয়া ভাৰত ফাউণ্ডেচন আৰু নাবাৰ্ডে আত্ম সহায়ক গোটৰ (এছএইচজি ) বাবে পশুপালন কাৰ্যসূচী আয়োজন কৰে


 

ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ জৰিয়তে স্ব-নিয়োজনক উৎসাহিত কৰাৰ লক্ষ্য


W7s news,,,গুৱাহাটী,  : ডালমিয়া ভাৰত লিমিটেডৰ (DBL, ডিবিএল) কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) শাখা ডালমিয়া ভাৰত ফাউণ্ডেচনে (DBF)  নাবাৰ্ড অসমৰ সহযোগত ২০ ফেব্ৰুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ, লংকাত আত্মসহায়ক গোট (SHG) মহিলাসকলৰ বাবে ছাগলী প্ৰতিপালনৰ ওপৰত 7 দিনীয়া মাইক্ৰ' এণ্টাৰপ্ৰাইজ ডেভেলপমেণ্ট (MED) প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰে।  প্ৰশিক্ষণটোৱে এক বহনক্ষম জীৱিকা হিচাপে পশুপালনৰ ওপৰত (SHG,এছ.এইচ.জি.) মহিলাসকলক উৎসাহিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু তেওঁলোকৰ নিজা ক্ষুদ্ৰ উদ্যোগ গঢ়ি তোলাত উদগনি দিয়ে।  এই বিষয়ত বিশেষজ্ঞ পশু চিকিৎসক ডাঃ আনোৱাৰ হুছেইন হাজৰিকা আৰু ডাঃ অৰিন্দম গাৰ্গ, তেওঁলোকে কাৰ্যসূচীটোৰ নেতৃত্ব দি আছে। সপ্তাহটোৰ প্ৰশিক্ষণত ছাগলীৰ বৈজ্ঞানিক প্ৰতিপালন আৰু মাংস উৎপাদনৰ  ব্যৱসায়কে ধৰি পশুপালনৰ  মুখ্য দিশবোৰ সামৰি লোৱা হ'ব l অসমৰ পশ্চিম কাৰ্বি আংলং জিলাৰ হাৱাইপুৰৰ ক্ৰীড়া ষ্টেডিয়ামত ৰংখাং ব্লকৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এই অন্তৰ্দৃষ্টিপূৰ্ণ অধিৱেশনসমূহ অনুষ্ঠিত কৰা হৈছে।কাৰ্বি আংলং আৰু ডিমা হাচাওৰ জিলা উন্নয়ন প্ৰৱন্ধক মিঃ বেন্দাং আইয়েৰ অনুষ্ঠানটোৰ বিশেষ অতিথি আছিল। ডঃ মৃদুলা ঠাকুৰীয়া, DPM, ডিপিএম, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা মিছন (ASRLM, এএছআৰএলএম), পশ্চিম কাৰ্বি আংলং ; অসম গ্ৰামীণ বিকাশ বেংকৰ (AGVB) আঞ্চলিক প্ৰৱন্ধক মিঃ ভাস্কৰ সেনাপতি ; মিঃ প্ৰশান্ত আচাৰ্যী , অসম গ্ৰামীণ বিকাশ বেংকৰ শাখা প্ৰৱন্ধক, কেৰোনি আৰু মিঃ উদয় সিং ৰাজপুত (Unit Head -Lanka) ইউনিট হেড -লংকা, ডালমিয়া (ভাৰত) লগতে  অনlন্য বিষয়াসকল অনুষ্ঠানটোত উপস্থিত আছিল।  হাৱাইপুৰ অঞ্চলৰ ভিলেজ হেডমেনৰ উপৰিও মিঃ কেশপ গোহাটৰাজে ও উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল।এই সন্দৰ্ভত মন্তব্য কৰি লংকা ডিচিবিএল, ৰ ইউনিট হেড  মিঃ উদয় সিং ৰাজপুতে কয়,  "পশুপালনে গ্ৰাম্য অঞ্চলৰ পৰিয়ালবোৰক বহনক্ষম সমৰ্থন প্ৰদান কৰাৰ সম্ভাৱনা আছে।মহিলাসকলে এই প্ৰশিক্ষণৰ সময়ত ভাগ বতৰা কৰা জ্ঞানৰ পৰা যথেষ্ট লাভান্বিত হ'ব পাৰে আৰু ইয়াক এক লাভজনক উদ্যোগলৈ পৰিৱৰ্তন কৰিব পাৰে। এই প্ৰকল্পটো ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পশুধন মিছন ফৰ এণ্টাৰপ্ৰিনিয়ৰশ্বিপ ডেভেলপমেণ্ট (Government of India’s National Livestock Mission for Entrepreneurship Development) আৰু কুকুৰা, ভেড়া, ছাগলী আদিৰ প্ৰজনন উন্নতিৰ সৈতে সংযোজিত। আমি আশা কৰোঁ যে এই পদক্ষেপৰ জৰিয়তে আমি সমাজৰ স্থানীয় মহিলাসকলৰ জীৱিকাৰ উন্নতিক উৎসাহিত আৰু উদগনি দিব পাৰোঁ। এই প্ৰশিক্ষণ কাৰ্যসূচী সফলতাৰে সম্পাদন কৰিবলৈ নাবাৰ্ডৰ বিষয়াসকলৰ সমৰ্থনৰ বাবে তেওঁলোকৰ ওচৰত  আমি কৃতজ্ঞ।" নাবাৰ্ড অসমৰ ডিডিএম   মিঃ বেন্দাং আইয়েৰে ডিবিএফ (DBF) ৰ দ্বাৰা গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে। লগতে আশ্বাস দিয়ে যে প্ৰশিক্ষণৰ পিছত, ক্ষুদ্ৰ উদ্যোগবোৰ বেংক ক্ৰেডিট লিংকেজ (Bank Credit Linkages) , লাইন বিভাগ  (convergence with line departments  and Krishi Vigyan Kendra) আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ সৈতে একত্ৰিত হোৱাৰ দৰে অনুসৰণ কাৰ্যকলাপৰ সৈতে সংযুক্ত কৰা হ'ব।কম ইনপুট, উচ্চ উৎপাদনশীলতা আৰু তেওঁলোকৰ সামগ্ৰীৰ পক্ষপাতহীন সামাজিক গ্ৰহণযোগ্যতাৰ বাবে ছাগলী পালন  খেতিয়ে অসমত বিশেষকৈ গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ আৰু ক্ষুদ্ৰ কৃষকসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও ডিচিবিএল-এ অঞ্চলটোত কৃষি-নিউট্ৰি বাগিচা আৰু বাগিচা বিকাশৰ(orchard development) সৈতে কৃষক, মহিলা আৰু যুৱসকলৰ বাবে দক্ষতা প্ৰশিক্ষণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here