W7s news,,গুৱাহাটী: জেচিআই গুৱাহাটী এচিভাৰ্ছে নেশ্যনেল লেবেল প্রগ্ৰামৰ অধীনত তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত 'আয়োজন কৰা প্ৰেচিডেণ্টছিৱেল একাডেমী' কৰ্মশালাৰ সামৰণি পৰে। সামৰণি অনুষ্ঠানত জ'ন-২৫ আৰু জ'ন-৩ৰ অধীনৰ জেচিআই চেপ্টাৰৰ ৫০ জনতকৈ অধিক সভাপতিক সম্বোধন কৰে ৰাষ্ট্ৰীয় সভাপতি এমকে কাৰ্তিকেয়ানে।অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰাষ্ট্ৰীয় সভাপতি এমকে কাৰ্তিকেয়ানে অংশগ্ৰহণ সকলো সভাপতিকে মানৱ সেৱাৰ কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। ইয়াৰ লগতে তেওঁ উপস্থিত সকলো চেপ্টাৰৰ সভাপতিক এজন সফল সভাপতি হোৱাৰ বাবে মন্ত্ৰ প্ৰদান কৰে। ৰাষ্ট্ৰীয় সভাপতি এম.কে. কাৰ্তিকেয়ান, অধ্যক্ষ ভাৰত এন আচাৰ্য, মুখ্য অধ্যক্ষ দীপক নাহাৰ, সহ-অধ্যক্ষ মনীষ খাটুৱালা আৰু বিশাল শেঠ, ৰাষ্ট্ৰীয় উপ-সভাপতি অংকুৰ ঝুনঝুনৱালা, জেচিআই জ'ন-২৫ৰ সভাপতি বিজয় আগৰৱাল, জ'ন-৩ৰ সভাপতি অভিনৱ চৌৰাছিয়া, জ'নৰ প্ৰাক্তন সভাপতি হৰ্ষ ঝুনঝুনৱালা, ৰশ্মি খাটুৱালা, প্ৰকল্প অধ্যক্ষ কৃষ্ণা মিমানি, জেচিআই গুৱাহাটী এচিভাৰ্ছৰ সভাপতি মৃদুল ডেকা, জোন-২৫ আৰু জোন-৩ৰ ৫০ টাতকৈও অধিক চেপ্টাৰৰ সভাপতি উপস্থিত থাকে। ৰাষ্ট্ৰীয় সভাপতিৰ উপস্থিতিত শাখাৰ সভাপতিসকলৰ মাজত 'এদিনীয়া ৰাষ্ট্ৰীয় সভাপতি'ৰ বাবে নিৰ্বাচন অনুষ্ঠিত হয় যদিও জ'ন-২৫ৰ অৰুণ চাৰাওগী আৰু জ'ন-৩ৰ সিদ্ধাৰ্থ গুপ্তাৰ মাজত টাই হয়। পিছত লটাৰীৰ জৰিয়তে চাৰাওগীয়ে' এদিনীয়া ৰাষ্ট্ৰীয় সভাপতি' হিচাপে নিৰ্বাচিত হয়।তিনিদিনীয়া কৰ্মশালাৰ সময়চোৱাত বিভিন্ন প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। ৰাষ্ট্ৰীয় ৰাষ্ট্ৰপতিৰ উপস্থিতিত কেইবাটাও চেপ্টাৰে নতুন প্ৰকল্পৰ কথা ঘোষণা কৰে যাৰ ভিতৰত আছে সমূহীয়া বিবাহ আৰু শিক্ষা।কৰ্মশালাত সহযোগিতা আগবঢ়োৱাৰ বাবে মেডিচিটিলৈ কৃতজ্ঞতা জ্ঞাপন কৰে সমন্বয়ক কৃষ্ণা মিমানীয়ে। জেচিআই গুৱাহাটী এচিভাৰ্ছৰ সভাপতি মৃদুল ডেকাই কয় যে বিদায়ী সভাপতি ড০ সৰোজ তিৱাৰী, সম্পাদক ড০ ৰেশ্মা আগৰৱাল, কোষাধ্যক্ষ শুভম হৰলালকা, তৰুণ মোৰে, জয় কিষাণ অজিতসৰিয়া, সুমিত পোদ্দাৰ, কৰণ আগৰৱাল, নিধি শৰ্মা, ৰুবি সেন, বিনয় আগৰৱাল, বৈভৱ গোৱেল, আশীষ জালান, নিখিল আগৰৱালৰ লগতে বহুতো সদস্যই কৰ্মশালা সফলতাৰে সম্পূৰ্ণ হোৱাত সহযোগীতা আগবঢ়ায়।
Post Top Ad
Responsive Ads Here
Tuesday, 21 February 2023

জেচিআই গুৱাহাটী এচিভাৰ্ছৰ উদ্যোগত প্ৰেচিডেণ্টছিৱেলএকাডেমী' কৰ্মশালাৰ সামৰণি
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment