উদ্যোগ আৰু শিক্ষা জগতৰ সহযোগিতাৰ বাবে সময়ৰ প্রয়োজন ঃ ড০ জিডি ধানুকা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 7 February 2023

উদ্যোগ আৰু শিক্ষা জগতৰ সহযোগিতাৰ বাবে সময়ৰ প্রয়োজন ঃ ড০ জিডি ধানুকা


 

আইআইটি গুৱাহাটীত ৱাই-২০ ইণ্ডিয়া সন্মিলন


W7s news,,,গুৱাহাটী:  ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন'লজী চমুকৈ আই আই টি গুৱাহাটীত আজি অনুষ্ঠিত হৈছে বিভিন্ন বিষয়ৰ ওপৰত ৱাই-২০ বৈঠক। এই সন্মিলনত অসমৰ যুৱ উদ্যোগপতি তথা জি আৰ ধানুকা গ্ৰুপৰ এম ডি ড০ ঘনশ্যাম দাস ধানুকাই “কামৰ ভৱিষ্যত, উদ্যোগ ৪.০, উদ্ভাৱন, আৰু একবিংশ শতিকাৰ দক্ষতা” শীৰ্ষক বিষয়ৰ ওপৰত বক্তব্য আগবঢ়ায়। জি ই এভিয়েচনৰ মুখ্য পৰামর্শ অভিযন্তা ডি উমা মহেশ্বৰ, মাৰুট ড্রোনটেকৰ প্ৰতিষ্ঠাপক তথা মুখ্য উদ্ভাৱক প্রেম কুমাৰ, আই আই টি গুৱাহাটীৰ অধ্যাপক ড০ পি মুথুকুমাৰ, আই আই টি গুৱাহাটীৰ জৈৱ বিজ্ঞান আৰু জৈৱ অভিযান্ত্রিক বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰাখী চতুর্বেদীৰ লগতে সন্মিলনত ড০ ধানুকাই  বক্তা হিচাবে অংশগ্ৰহণ কৰে। ড০ ধানুকাই উদ্যোগটোৰ বিকাশৰ ক্ষেত্ৰত প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ আৰু উদ্যোগ আৰু শিক্ষা জগতৰ মাজৰ ব্যৱধান দূৰ কৰাৰ বাবে শিক্ষানুষ্ঠানসমূহে তেওঁলোকৰ পাঠ্যক্রম উন্নীত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰে।তেওঁ আৰু কয় যে এই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে এখন বিশ্বমানৰ বিশ্ববিদ্যালয় লৈ আহিছে যিয়ে শিক্ষাৰ্থীসকলক নতুন যুগৰ দক্ষতা বিশেষকৈ ব্লু এমোনিয়া, গ্রীণ হাইড্রজেন, স্বাস্থ্যসেৱা, ডিজিটেল, ক্লাউড, চাইবাৰ সুৰক্ষা আৰু ডাটা ব্যৱস্থাপনাত প্ৰশিক্ষণ দিয়াৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ড০ ধানুকাই বৰ্তমানৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ লগতে আৰু ইয়াক অধিক উদ্যোগৰ বাবে সাজু কৰিবলৈ কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপৰ কথা উল্লেখ কৰে। একেদৰে হাতৰ দক্ষতা আৰু প্ৰযুক্তি শিক্ষাৰ দিশত এক কৌশলগত পৰিৱৰ্তন ৰূপায়ণ কৰাৰ লগতে প্রতিষ্ঠানসমূহত আন্তঃ গাঁথনি উন্নীতকৰণ, গুণগত মানদণ্ড উন্নয়ন কার্যসূচীৰ জৰিয়তে শিক্ষা-উদ্যোগৰ সংযোগৰ প্ৰচাৰ কৰিশিক্ষাৰ্থীসকলক প্ৰাৰম্ভিক ডিজিটেল শিক্ষা ব্যৱস্থাৰে আগবাঢ়ি নিয়াৰ পোষকতা কৰে। তেওঁ লগতে কয় যে এই পদক্ষেপসমূহৰ ফলত প্ৰতিষ্ঠানটোত সামগ্রিক উন্নতি হ'ব আৰু শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধি পাব। বিশ্ববিদ্যালয়ৰ ৰেংকিং উন্নত হোৱাৰ লগতে গৱেষণাৰ সুবিধা, উদ্ভাৱনৰ সুযোগ আৰু উদ্যোগীক ক্ষেত্ৰত অংশগ্ৰহণৰ সৈতে নতুন শৈক্ষিক শাখাৰ সম্প্ৰসাৰণ ঘটাব। উদ্যোগ ৪.০, দক্ষতা আৰু উদ্ভাৱনৰ বাবে উদ্যোগ আৰু শিক্ষা সহযোগিতাৰ দিশ টোত প্ৰাথমিক পৰ্যায়ৰ পৰাই গুৰুত্ব আৰোপৰ কথা উল্লেখ কৰে ড০ ধানুকাই ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here