বৰঝাৰ বিমানবন্দৰত স্বয়ংচালিত পাৰ্কিং ব্যবস্থা প্ৰৱৰ্তন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 6 February 2023

বৰঝাৰ বিমানবন্দৰত স্বয়ংচালিত পাৰ্কিং ব্যবস্থা প্ৰৱৰ্তন

 

W7s news গুৱাহাটী : ক'


ভিড পৰিস্থিতিৰ লগতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত আইন শৃংখলাজনিত পৰিস্থিতি উন্নত হোৱাৰ পৰিপ্ৰেক্ষিতত উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত বৃদ্ধি পাইছে যাত্ৰীৰ সংখ্যা । যাত্ৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰাল ভাবে বৃদ্ধি পাইছে যাত্ৰীক অনা-নিয়া কৰা বিভিন্ন  শ্ৰেণীৰ যান বাহনৰ সংখ্যা । যাত্ৰীৰ লগতে বাহনৰ  বৰ্দ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি বিমানবন্দৰ কৰ্তৃপক্ষই বিমানবন্দৰত যাত্ৰীৰ বাহনৰ পাৰ্কিং ব্যৱস্থাটো সুচাৰুভাৱে পৰিচালনা কৰাৰ বাবে আজিৰে পৰা বিমানবন্দৰ চৌহদত আৰম্ভ কৰিছে স্বয়ংচালিত পাৰ্কিং ব্যবস্থা । এই পাৰ্কিং ব্যৱস্থাৰ শুভাৰম্ভ কৰে বৰঝাৰ বিমানবন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই । উল্লেখযোগ্য যে এই নতুন পদ্ধতি প্ৰৱৰ্তন হোৱাৰ ফলত যাত্ৰীক থবলৈ বা নিবলৈ অহা বাহন সমূহে পাৰ্কিংঙৰ বাবে ঠাই বিচাৰি সময় নষ্ট কৰিব নালাগিব । সম্পূৰ্ণ  চিচিটিভিৰ নিৰীক্ষণত থাকিবলগীয়া পাৰ্কিং স্থানত বাহনৰ  প্ৰৱেশ আৰু প্ৰস্থানৰ বাবে দুটা সুকীয়া পথৰ ব্যৱস্থা কৰা হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here