বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰত ৰক্তদান শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 11 February 2023

বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰত ৰক্তদান শিবিৰ


 W7s news


গুৱাহাটী,  : সীমান্ত নিৰাপত্তা বাহিনীৰ (বি এছ এফ ) আজাৰা পাটগাঁওস্থিত  গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয় চৌহদত থকা  পাটগাঁৱৰ কম্পোজিট , হাস্পতালৰ উদ্যোগত আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ব্লাড বেংকৰ সহযোগত ১০ ফেব্ৰুৱাৰীত এক স্বেচ্ছা ৰক্তদান শিবিৰ অনুষ্ঠিত হয় । কম্পাজিট হস্পিতালত অনুষ্ঠিত শিবিৰটো উদ্ধোধন কৰে বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰৰ  মহা পৰিদৰ্শক কমলজিৎ সিং বনিয়ালে । আনহাতে কম্পাজিট হস্পিতালৰ মুৰব্বী তথা চিকিৎসা বিভাগৰ উপ মহা পৰিদৰ্শক ডাঃ আৰ কে কটনালাৰ  নেতৃত্বত অনুষ্ঠিত শিবিৰত বি এছ এফ  আৰু প্ৰথম  এন ডি আৰ এফৰ বহু  বিষয়া - জোৱানে  মানুহৰ কল্যাণৰ বাবে ৰক্তদান কৰে। আনহাতে শিবিৰটো সুকলমে সম্পন্ন হোৱাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ফালৰ পৰা বি এছ এফৰ গুৱাহাটী ফ্ৰণ্টিয়াৰ মুখ্য কাৰ্যালয়ক ভূয়সী প্ৰশংসা কৰা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here