মেঘালয়ৰ এনপিপি চৰকাৰ উৎখাত কৰিবলৈ আহ্বান বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ ; পশ্চিম গুৱাহাটীৰ মেঘালয় সীমান্তত জিৰাঙৰ প্ৰাৰ্থী ৰীয়া চাংমাৰ নিৰ্বাচনী প্ৰচাৰ সভা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 11 February 2023

মেঘালয়ৰ এনপিপি চৰকাৰ উৎখাত কৰিবলৈ আহ্বান বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনৰ ; পশ্চিম গুৱাহাটীৰ মেঘালয় সীমান্তত জিৰাঙৰ প্ৰাৰ্থী ৰীয়া চাংমাৰ নিৰ্বাচনী প্ৰচাৰ সভা

 


W7s news


গুৱাহাটী  : মেঘালয় চৰকাৰৰ সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে শুকুৰবাৰে  বিয়লি পশ্চিম গুৱাহাটী সমষ্টিৰ  অন্তৰ্গত অসম মেঘালয় সীমান্তৱৰ্তী অসমৰ ভূমি পাটগাঁৱত বিজেপিৰ এখনি নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয়। মেঘালয়ৰ ১০ নং জিৰাঙৰ মনোনীত প্ৰাৰ্থী ৰিয়া চাংমাক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাৰ উপলক্ষে এই নিৰ্বাচনী সভাখনি অনুষ্ঠিত হয়। এই উপলক্ষে পাটগাঁও বিজেপিৰ মণ্ডল সভাপতি পদ্ম ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত এই নিৰ্বাচনী সভাত অসমৰ বিধান সভাৰ উপাধ্যক্ষ ড.নোমল মমীনে অংশগ্ৰহণ কৰি এইবাৰ মেঘালয়ৰ নিৰ্বাচনত বিজেপিক ভোট দিবলৈ ৰাইজক আহ্বান জনায়। তেওঁ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনিৰ বিষয়ে ৰাইজক অৱগত কৰি এই আঁচনিবোৰ এই সীমান্তৱৰ্তী গাঁওবোৰত মেঘালয়ৰ এনপিপি চৰকাৰে সফল ৰূপায়ণ কৰা নাই বুলি ভাষণত উল্লেখ কৰে।মেঘালয়ৰ এনপিপি চৰকাখন এখন শোষণকাৰী চৰকাৰ, টকা আত্মসাত কৰা চৰকাৰ বুলি উল্লেখ কৰি সকলোকে এই চৰকাৰখন উৎখাত কৰিবলৈ কয়। ৰিয়া চাংমা জিকিলে এই পাটগাও অঞ্চলত দহখন বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণ কৰাৰ লগতে এখন উচ্চ মাধ্যমিক বিদ্যালয়ো স্থাপন কৰিব বুলি ভাষণত উল্লেখ কৰে ড.নোমল মমিনে। মেঘালয়ত বিজেপি চৰকাৰ আহিলে তথা ৰীয়াই নিৰ্বাচনত জিকিলে গোৰ্খা,ৰাভা,খাচী, গাৰো বসতিপ্ৰধান এই পাটগাও অঞ্চলৰ ৰাস্তাঘাত বলিউদৰ মোহময়ী অভিনেত্ৰী হেমামালিনীৰ মুখৰ দৰে কৰি নিৰ্মাণ কৰিব বুলিও কয়। মেঘালয়ত দুখীয়া মানুহৰ যি বিলাক আঁচনি আছে এইবোৰ ইয়াত সফল হোৱা নাই। সেয়ে পৰিৱৰ্তন বিচাৰি ৰাইজৰ মাজলৈ অহা ৰীয়াই এইবাৰ জিৰাঙৰ পৰা বিপুল ভোটত জিকিব বুলিও কয়। প্ৰাৰ্থী ৰীয়া চাংমাই এই নিৰ্বাচনী সভাত উপস্থিত থাকি এইবাৰ মেঘালয়ৰ পুৰণি এনপিপি চৰকাৰখন ভাঙিবলৈ ৰাইজক আহ্বান জনাই। নিৰ্বাচনত এই সমষ্টিৰ পৰা জিকি আহিব পাৰিলে ৰীয়াই মহিলাৰ বাবে যিমান পাৰে,সিমান আঁচনি আনি অঞ্চলটোৰ উন্নতিসাধন কৰিব বুলি ভাষণত উল্লেখ কৰে। তেওঁ কয় মেঘালয়ত বিজেপি চৰকাৰ ফৰ্মত আছে। সেয়ে ৰাইজক মোডী চৰকাৰক সমৰ্থন কৰিবলৈ কয়। স্থানীয় ৰাজনৈতিক দলক সমৰ্থন কৰিলে ৰাইজে উন্নয়নৰ বাৰে কান্দি থাকিব লাগিব বুলি উল্লেখ কৰে। এই অঞ্চলটোত বছৰ বছৰ ধৰি চৰকাৰী আঁচনিৰ সফল ৰূপায়ণ হোৱা নাই বুলি কৈ এইবাৰ ৰাইজে নিশ্চিতভাৱে উন্নয়ন লাভ কৰিব পাৰিব বুলি উল্লেখ কৰে। তেওঁ লগতে অঞ্চলটোৰ ৰাভা সম্প্ৰদায়ৰ মহিলাসকলে উলিওৱা বগেজাৰী নৃত্যত অংশগ্ৰহণ কৰি নৃত্য প্ৰদৰ্শন কৰি ৰাইজক আপ্লুত কৰে। সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰীয়াই কয় অসমৰ লগতে লাগি থকা এই জিৰাং সমষ্টিৰ আজিও উন্নতি হোৱা নাই। এইবাৰ উন্নয়ন হব বুলি কয়। এই মেঘালয়ৰ নিৰ্বাচনত অসমতো ভোট দিয়া মানুহ আছে। তেনেক্ষেত্ৰত বিজেপিৰ চৰকাৰ হ'লে এই সীমা সমস্যাৰ সমাধান কৰিব বুলি কয় ৰীয়াই। শেষত অভিনেতা নয়ন নীলিমে এই সভাত অংশগ্ৰহণ কৰি গীত গাই ৰিয়া চাংমাক নিৰ্বাচনত জয়ী কৰাই তেওঁৰ আশা পুৰণ কৰিবলৈ ৰাইজলৈ আহ্বান জনায়। এই সভাত লগতে ৰাইজৰ ফালৰ পৰা শশধৰ দলৈ,সুনীল চিনাল,ৰাণী মণ্ডল বিজেপিৰ উপসভাপতি বীৰেন কলিতা আদিয়ে অংশগ্ৰহণ কৰি ৰীয়া চাংমাক নিৰ্বাচনত জয়ী কৰাবলৈ আহ্বান জনায়। এই সভাত বিনম্ৰ ৰাভা,গোপী ৰাভা,প্ৰদীপ চাংমা,অজয় চাংমা আদি লোকে বিজেপিত যোগদান কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here