W7s news,,,গুৱাহাটী,: একল অভিযানৰ অধীনৰ লক্ষ্ণৌৰ অভ্যুদয় যুৱ ক্লাবে লক্ষ্ণৌত আয়োজন কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উত্তৰ পূৱৰ খেলুৱৈ সকলে আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে।অসম আৰু উত্তৰ-পূবৰ গ্ৰাম্য অঞ্চলৰ খেলুৱৈসকলে মুঠ ১৪ টা পদক জয় কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠিছে।একেদৰে প্ৰতিযোগিতাৰ চূড়ান্ত তালিকাত উত্তৰ-পূৰ্বাঞ্চল দ্বিতীয় স্থান দখল কৰিছে। অসম তথা উত্তৰ পূৱৰ খেলুৱৈ সকলে ৭ টা সোন,৪ টা ৰূপ আৰু আৰু ৩ টা ব্ৰঞ্জৰ পদক লাভ কৰে। আজি গুৱাহাটীত উপস্থিত হোৱা ১৪ গৰাকী খেলুৱৈক নাৰায়ণ নগৰৰ হাৰিয়ানা ভৱনত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। একল অভিযান ক্ৰীড়া সমিতিৰ সভাপতি চন্দ্ৰকান্ত ৰায়, কাৰ্যকৰী সভাপতি প্ৰমোদ জৈন, উপ-সভাপতি দ্বয় ৰীনা ভৌমিক, পৱন কুমাৰ আগৰৱালা- একল অভিযান কেন্দ্ৰীয় কাৰ্যবাহী, উত্তৰ-পূৱ মণ্ডল এফটিএছ জোনেলৰ অধ্যক্ষ সুভাষ চিকাৰিয়া,এফটিএছ গুৱাহাটী চেপ্টাৰ মহিলা সমিতিৰ সভাপতি ৰীতা আগৰৱালাৰ লগতে আন বহুতো বিশিষ্ট ব্যক্তি সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকে। ইফালে, দৌৰ প্ৰতিযোগিতাত সোণৰ পদক বিজয়ী সকল হৈছে ক্ৰমে মেঘালী পেগু, তুলিকা দেউৰী, বিভা চাওৰা (২ স্বৰ্ণ), মানস পেগু আৰু হাই জাম্পত কাৰিক এৰিং আৰু বিক্ৰম পেগু। ৰূপৰ পদক বিজয়ী সকল ক্ৰমে দৌৰত মাইনা পেগু, পলি দলৈ,হাই জাম্পত জেছমিন বৰা আৰু লং জাম্পত কুমকুম চাম অলিভিয়া। একেদৰে ব্ৰঞ্জৰ পদক দখল কৰা সকলৰ ভিতৰত আছে দৌৰত ঋতুপৰ্ণ শইকীয়া, লং জাম্পত গায়ত্ৰী বৰি আৰু হাই জাম্পত ৱায়েনবোম বিদ্যপতি। এই উপলক্ষে একল অভিযান ক্ৰীড়া সংগঠক সমিতিৰ সভাপতি চন্দ্ৰকান্ত ৰায়ে কয় যে প্ৰথমবাৰৰ বাবে একল অভিযানৰ অধীনত ৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছিল, য'ত সমগ্ৰ দেশৰ ১ লাখ গাঁৱৰ ৬-১০ বছৰীয়া শিশু আৰু ১০-১৪ বছৰীয়া ল'ৰা-ছোৱালীয়ে অংশগ্ৰহণ কৰিছিল। কাৰ্যবাহী সভাপতি প্ৰমোদ জৈনে কয় যে এই প্ৰতিযোগিতাৰ জৰিয়তে গ্ৰাম্য অঞ্চলসমূহত লুকাই থকা প্ৰতিভাক ৰাষ্ট্ৰীয় পৰ্যায়লৈ অনাৰ প্ৰয়াস কৰা হৈছে আৰু অনাগত সময়ত তেওঁলোকে দেশৰ হৈ খেলিব পৰা এখন মঞ্চ লাভ কৰিব।উপ-সভাপতি ৰীনা ভোমিকে কয় যে প্ৰথমবাৰৰ বাবে আয়োজিত ক্ৰীড়া প্ৰতিযোগিতাখন আমি আশা কৰাতকৈ অধিক সফল হৈছিল। এনে পৰিস্থিতিত, এই প্ৰতিযোগিতাখন প্ৰতি বছৰে বহল ৰূপত আয়োজন কৰা হ'ব। একল অভিযানৰ কেন্দ্ৰীয় কাৰ্যবাহী তথা উপ-সভাপতি পৱন কুমাৰ আগৰৱালাই কয় যে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা শিশুসকলে কেতিয়াও কোনো ধৰণৰ প্ৰশিক্ষণ লাভ কৰা নাছিল আনকি তেওঁলোকৰ কোনো ধৰণৰ সুবিধাও নাছিল। গ্ৰাম্য অঞ্চলত বাস কৰা স্বত্বেও, এই শিশুসকলে ৰাষ্ট্ৰীয় পৰ্যায়ত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক গৌৰৱান্বিত কৰিছে। তেওঁ কয় যে শিশুসকলৰ উৎসাহৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকৰ প্ৰতিভা আৰু অধিক উন্নত কৰাৰ প্ৰয়াস কৰা হ'ব, যাতে এই শিশুসকলে আগবাঢ়ি যাব পাৰে আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰে।
Post Top Ad
Responsive Ads Here
Sunday, 12 February 2023

Home
-গুৱাহাটী
একল অভিযানৰ প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজ্বলিল উত্তৰ-পূৱৰ খেলুৱৈ পদকপ্ৰাপ্ত ১৪ খেলুৱৈক গুৱাহাটীত সম্বৰ্ধনা
একল অভিযানৰ প্ৰথম ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়া প্ৰতিযোগিতাত উজ্বলিল উত্তৰ-পূৱৰ খেলুৱৈ পদকপ্ৰাপ্ত ১৪ খেলুৱৈক গুৱাহাটীত সম্বৰ্ধনা
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment