মহানগৰীৰ বিভিন্ন অঞ্চলত পৰিবহণ বিভাগৰ “অপাৰেচন কুৰুক্ষেত্ৰ” - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 6 February 2023

মহানগৰীৰ বিভিন্ন অঞ্চলত পৰিবহণ বিভাগৰ “অপাৰেচন কুৰুক্ষেত্ৰ”

 



 সোমবাৰে ২২খন গাড়ী জব্দ


W7s news গুৱাহাটীঃ  বিভিন্ন ৰাজহুৱা স্থানত সজাগতা অনুষ্ঠান, বাটৰ নাট পৰিবেশন, মাইকযোগে ঘোষণা, প্ৰচাৰ পুস্তিকা বিতৰন, ফোনযোগে, আনকি ঘৰে ঘৰে গৈ ডিমাণ্ড নটিছ দিও সময়মতে যানবাহনৰ যাৱতীয় কৰ সহ সম্পূৰ্ণ বকেয়া কৰ (arear tax) পৰিশোধ কৰি নথিপত্ৰসমূহ সঠিক কৰি ৰাখি ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়াত ব্যৱস্থা গঢ়ি তুলিবলৈ প্ৰায় নিয়মীয়াকৈ আহ্বান জনাই আহিছে পৰিবহণ বিভাগে । কিন্তু ইয়াৰ পিছতো এতিয়াও কৰ পৰিশোধ নকৰাকৈ থকাসকলৰ বিৰুদ্ধে পৰিবহণ বিভাগে “অপাৰেচন কুৰুক্ষেত্ৰ” অব্যাহত ৰাখিছে ৷ ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ সবল নেতৃত্বত জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ সক্ৰিয় সহযোগিতাত এনফৰ্চমেন্টৰ বৃহৎ বাহিনীয়ে সোমবাৰেও মহানগৰীৰ আজাৰা, চন্দ্ৰপুৰ, পিলিংকাটা, টিলিংকাটাকে ধৰি পাৰ্শ্বৱতী বিভিন্ন অঞ্চলত জোৰদাৰ অভিযান চলায় ৷ অভিযানত বহু যানবাহনে বীমা নকৰাকৈ বিনাদ্বিধাই চলি থকাৰ উপৰি ফিটনেছ আৰু প্ৰদূষণমুক্তৰ প্ৰমাণপত্ৰ নথকা, অনুজ্ঞাপত্ৰ অবিহনেই বাহন চলাই থকা আনকি কৰ পৰিশোধ নকৰি সম্পূৰ্ণ অবৈধভাৱে যানবাহন চলাই বিপদৰ আশংকা কঢ়িয়াই অনাৰ তথ্য পোৱা যায় ৷ উল্লেখ্য যে, আজিৰ অভিযানত এনে বিভিন্ন গুৰুতৰ অভিযোগত ২২খনকৈ গাড়ী জব্দ কৰি যানবাহন আইনৰ অধীনত গোচৰ তৰা হয়। ইফালে ইচ্ছাকৃত অথবা অনিচ্ছাকৃতভাৱে এতিয়াও যানবাহনৰ কৰ পৰিশোধ নকৰাসকলক শীঘ্ৰে কৰ পৰিশোধ কৰি ৰাজ্যৰ ৰাজপথত সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিবলৈ আহ্বান জনোৱা হয়। অন্যথা বৃহৎ পৰিমাণৰ জৰিমনা ভৰাৰ উপৰি আদালতৰ দ্বাৰস্থ হ’ব লাগিব বুলিও সকীয়াই দিয়া হয় ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here