কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি ; আদৰ্শ কৃষকক সম্বৰ্ধনা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 6 February 2023

demo-image

কাঁহিকুছিৰ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি ; আদৰ্শ কৃষকক সম্বৰ্ধনা

Responsive Ads Here

 

W7s news গুৱাহাটী  : গুৱাহাটীৰ  পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিত ১৯৭৩ চনতে  অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত   স্থাপন কৰা  উদ্যান শস্য গৱেষণা কেন্দ্ৰই বিভিন্ন ঘাট - প্ৰতিঘাট অতিক্ৰমি ৫০ টা বছৰ সফলতাৰে পূৰ্ণ কৰিলে । সেই উপলক্ষে  কেন্দ্ৰ চৌহদত আজি  সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানটো  দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈ যায়।  আনহাতে অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষণা সঞ্চালক ডঃ অশোক ভট্টাচাৰ্য্যৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ  অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য  ডঃ  বিদ্যুৎ চন্দন ডেকাই কয়  ৰাজ্যখনৰ ক্ষুদ্ৰ আৰু উপাত্ত কৃষকৰ আর্থিক স্থিতি ক্ষিপ্ৰ গতিত টনকিয়াল কৰাৰ বাবে বিজ্ঞানসন্মত উদ্যান শস্য ভিত্তিক কৃষিকাৰ্য্যই হৈছে বৰ্তমান সময়ৰ আহ্বান। সেই হেতুকে কৃষকসকলে নিজৰ সক্ষমতা বৃদ্ধিৰ বাবে লাগতিয়াল পদক্ষেপ লোৱাৰ উপৰি আধুনিক কৃষি প্ৰযুক্তি সমূহ গ্ৰহণ কৰাৰ বাবে আগ্রহী হব লাগিব। ৰাজ্যখনৰ কৃষক সকলৰ বাবে উপযোগী আৰু লাভ

IMG-20230206-WA0028

জনক উদ্যান শস্য ভিত্তিক কৃষি প্রযুক্তি উদ্ভাৱন তথা মূল্যায়ন কৰি কৃষক সকলৰ উপকাৰ সাধন কৰাৰ বাবে তেওঁ উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ শলাগ লয়। অনুষ্ঠানত ভাগ লৈ  অসম কৃষি আয়োগৰ সদস্য ডঃ নলীন কুমাৰ মহনে  কয়   ক্ষুদ্ৰ আৰু উপান্ত কৃষকৰ আর্থিক লাভৰ পথ সুচল কৰাৰ বাবে তেওঁলোকক কৃষক উৎপাদক সংস্থা হিচাপে একত্ৰিকৰণ কৰাৰ সময় আহি পৰিছে যাতে তেওঁলোকে বজাৰ ব্যৱস্থাত এক সবল স্থিতি গ্রহণ কৰিব পাৰে আৰু তেওঁলোকৰ দৰদাম কৰা ক্ষমতা বৃদ্ধি হয়। অনুষ্ঠানত তিনিজন আদৰ্শ কৃষক আৰু কৃষি উৎপাদক গোট ক্ৰমে  কামৰূপ  জিলাৰ লোহাৰঘাটৰ জালুকৰ খেতিয়ক উষা ৰাভা, চাংসাৰীৰ  সমীপৰ  বোৰকা গাঁওৰ ব্যৱসায়িক ভিত্তিত অৰ্কিড ফুলৰ  খেতি কৰা কৃষক  দ্বিজেন কলিতা ,  কল খেতিৰ ব্যৱসায়িক কৃষিকাৰ্য্য আৰু বিপণনেৰে নিদৰ্শন দাঙি ধৰা গোৱালপাৰা জিলাৰ কৃষক উৎপাদক সংস্থা নাছিৰিবা প্রডিউচাৰ কোম্পানী লিমিটেডক একোখনকৈ প্ৰশস্তি পত্ৰ প্ৰদান কৰি সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত মুখ্য বিজ্ঞানীত্ৰয় ক্ৰমে - ডঃ গুণেশ্বৰ মেধি , ডঃ কেশৱ শৰ্মা আৰু ডঃ শৰৎ শইকীয়াকে ধৰি কেবাজনো কৃষি বিজ্ঞানী ,   কামৰূপ আৰু গোৱালপাৰা জিলাৰ চাৰি শতাধিক কৃষক,  ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ কেবাজনো  বিষয়া  উপস্থিত থাকে। শেষত শলাগৰ শৰাই আগবঢ়াই কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ডঃ ডঃ যোগেশ চন্দ্ৰ নাথে । আৰম্ভণিতে অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৃষি ভিত্তিক প্ৰদৰ্শনীখন মুকলি কৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই । প্ৰদৰ্শনীত বিভিন্ন প্ৰান্তৰ  ২১ খনকৈ  বিপনীয়ে ভাগ লয় ।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *