W7s news
গুৱাহাটী : এমট্ৰণ কৰ্মচাৰী সংস্থাৰ ৩২ তম বার্ষিক অধিৱেশন যোৱা ৮ ফেব্ৰুৱাৰীত এমট্ৰণ চৌহদত দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত হয়। পুৱা ১০ বজাত পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সংস্থাৰ সভাপতি দীনেশ চন্দ্ৰ শৰ্মাই । ইয়াৰ পিছত আমাৰ সংস্থাৰ ২০২২-২৩ বৰ্ষৰ উপ সভাপতি প্রয়াত প্রফুল্ল চন্দ্র দাসৰ আকস্মিক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি এক মিনিট সময় মৌনব্রত পালন কৰাৰ লগতে লগতে পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰা হয়। আনহাতে বার্ষিক সাধাৰণ সভাত বিগত কাৰ্য্যকালৰ প্ৰতিবেদন পাঠ কৰে সম্পাদক ভূপেন কুমাৰ দাসে আৰু হিচাপ-নিকাচৰ প্ৰতিবেদন পাঠ কৰে হিচাপ পৰীক্ষক নাল ৰাজবংশীয়ে । । সভাত কৰ্মচাৰীসকলৰ পেঞ্চন, পদোন্নতি, অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ প্ৰাপ্য ধন আৰু অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ চাকৰি কাল বৃদ্ধি আদিকে ধৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সভাত অৱসৰ প্ৰাপ্ত কৰ্মচাৰী প্ৰণৱ তালুকদাৰ, ৰঞ্জু গগৈ , প্রয়াত স্বপন কুমাৰ চক্ৰৱৰ্তী , পদুম বৰা, অহিক উজীৰ, ৰঞ্জু কুমাৰ বৰা, ভূপেন চন্দ্ৰ দাস, তপন বৰভূঞাৰ সমূহ পৰিয়াল বৰ্গলৈ সম্বৰ্দ্ধনা জনোৱা হয়। তদুপৰি সভাত ২০২৩-২০২৪ বৰ্ষৰ বাবে প্ৰতুল তালুকদাৰক সভাপতি, অনিতা হাজৰিকাক উপ- সভাপতি ভূপেন কুমাৰ দাসক সাধাৰণ সম্পাদক, জগতজ্যোতি শৰ্মাক সহকাৰী সাধাৰণ সম্পাদক, পুষ্পেন্দ্ৰ শৰ্মাক সাংগঠনিক সম্পাদক, অক্ষয় চন্দ্র হালৈক কোষাধ্যক্ষ হিচাপে লৈ এখন ১৬ জনীয়া কাৰ্যকৰী সমিতি গঠন কৰা হয়।
No comments:
Post a Comment