ক্ৰমাৎ তীব্ৰতৰ পৰিবহণ বিভাগৰ “অপাৰেচন কুৰুক্ষেত্ৰ” - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 9 February 2023

ক্ৰমাৎ তীব্ৰতৰ পৰিবহণ বিভাগৰ “অপাৰেচন কুৰুক্ষেত্ৰ”

 

 বৃহস্পতিবাৰে ২০খন বাহন জব্দ কৰি ৯১খনৰ বিৰুদ্ধে বিভিন্ন গোচৰ ৰুজু


W7s news


গুৱাহাটীঃ সময়মতে যানবাহনৰ যাৱতীয় কৰ সহ সম্পূৰ্ণ বকেয়া কৰ (arear tax) পৰিশোধ নকৰাৰ উপৰি নথিপত্ৰসমূহ সঠিক কৰি নৰখাকৈ ৰাজপথত চূড়ান্ত অন্যায় অনিয়মৰে বাহন চলাই সুৰক্ষিত যাতায়াতৰ প্ৰতি ভাবুকি সৃষ্টি কৰা সকলৰ বিৰুদ্ধে ক্ৰমাৎ তীব্ৰতৰ হৈ উঠিছে পৰিবহণ বিভাগৰ “অপাৰেচন কুৰুক্ষেত্ৰ৷” ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসৰ উপস্থিতিত এনফৰ্চমেন্টৰ বৃহৎ বাহিনীয়ে বৃহস্পতিবাৰে মহানগৰীৰ পাৰ্শ্বৱতী বিভিন্ন অঞ্চলৰ লগতে বিশেষকৈ খানাপাৰাত এখন এখনকৈ বাহন ৰখাই যানবাহন আইন উলংঘাকাৰী সকলক কঠোৰভাৱে সকীয়নি দিয়ে ৷ বৃহস্পতিবাৰৰ জোৰদাৰ অভিযানকালত ব্যক্তিগত, ব্যৱসায়িক আৰু বিভিন্ন বহুজাতিক প্ৰতিষ্ঠানৰ ২০খন বাহন জব্দ কৰাৰ উপৰি বিভিন্ন গুৰুতৰ অপৰাধত ৯১খন বাহনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় ৷ ইফালে যানবাহনসমূহ বৈধ কৰি ৰাখিবলৈ সময়মতে কৰ পৰিশোধ কৰা আৰু নথিপত্ৰসমূহ সঠিক কৰি ৰখাৰ গুৰুত্ব সন্দৰ্ভত চালক-মালিক সকলোকে বুজাই দি অনতিপলমে যাৱতীয় কৰসমূহ পৰিশোধ কৰিবলৈ আহ্বান জনোৱা হয় ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here