সুলেখিকা দুৰ্গা কলিতাৰ 'ঘোষানাম সুবাস' উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 9 February 2023

সুলেখিকা দুৰ্গা কলিতাৰ 'ঘোষানাম সুবাস' উন্মোচন

 

W7s news


গুৱাহাটী : সুলেখিকা আৰু ধৰ্মপ্ৰাণ মহিলা হিচাপে পৰিচিত দুৰ্গা কলিতাই মহাপুৰুষ দুজনাৰ লগতে আন ভক্তিমূলক গ্ৰন্থৰ নিৰ্বাচিত ভক্তিৰসৰ উক্তি সমূহক একত্ৰিত ভাবে  সংকলন কৰি ৰচনা কৰিছে 'ঘোষানাম সুবাস' নামৰ এখন ভক্তিমূলক গ্ৰন্থ । আজি বিয়লি দিছপুৰ প্ৰেছ ক্লাৱত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ডঃ ননী গোপাল মহন্তই । এই উপলক্ষে জ্যেষ্ঠ সাংবাদিক জয়ন্ত ডেকাই আঁত ধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ  ডঃ ননী গোপাল মহন্তই দুৰ্গা কলিতাৰ গ্ৰন্থখনৰ উচ্চ প্ৰশংসা কৰি  কয় লেখিকাই গ্ৰন্থখনৰ মাজেৰে আৰম্ভণিৰে পৰা শেষলৈ মহাপুৰুষ দুজনাৰ ভক্তিৰসক সুন্দৰকৈ আগবঢ়াই নিছে । গ্ৰন্থখনত সহজ সৰল ভাষাত গুৰু দুজনাৰ আদৰ্শ আৰু ভক্তিৰসক উপস্থাপন কৰাত লেখিকা সফল হৈছে। মানুহৰ জীৱনত দুখ আৰু সুখ দুয়োটাই থাকে । কিন্ত ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ হলে ভক্তিৰসৰ আশ্ৰয় লোৱাৰ বাদে যে আন গতি নাই তাক গ্ৰন্থখনত লেখিকাই সুন্দৰকৈ  উপস্থাপন কৰিছে । ইফালে অসম চৰকাৰে ৰাজ্যত পঢ়ুৱৈ সৃষ্টিৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ত জিলা পুথিভঁৰাল সমূহত গ্ৰন্থ ক্ৰয় কৰাৰ বাবে প্ৰায় তিনি কৌটি টকাৰ অনুমোদন জনোৱাৰ লগতে আগন্তক শিক্ষাবর্ষত হাইস্কুলীয়া পাঠ্যক্ৰমত ভূগোল আৰু বুৰঞ্জী বিষয়টো বাধ্যতামূলক কৰা হব বুলি ডঃ মহন্তই সদৰি কৰে । অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ নিয়মীয়া বার্তা কাকতৰ সম্পাদক নৰেশ কলিতাই নিজৰ ৩৪ বছৰীয়া সাংবাদিকতা জীৱনৰ অভিজ্ঞতাৰ আলোকপাত কৰি কয় - ৰাজপথৰ আন্দোলনে ভাষা - সাহিত্য চহকী নকৰে । দুৰ্গা কলিতাৰ দৰে নীৰৱে সাহিত্য চৰ্চা কৰা লেখক - লেখিকা সকলেহে গ্ৰন্থৰ মাজেৰে  ভাষা - সাহিত্য , কৃষ্টি - সংস্কৃতি , লোকাচাৰ আদি  জীয়াই ৰাখি অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰিছে । তেনেদৰে অনুষ্ঠানত সন্মানীয়  অতিথি হিচাপে ভাগ লৈ বিশিষ্ট সাহিত্যিক অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰীয়ে ভাষণ প্ৰসংগত  অসম চৰকাৰে শেহতীয়াভাবে পিতৃ - মাতৃ বন্দনাৰ বাবে দিয়া বিশেষ নিৰ্দেশনাৰ আলম লৈ দুৰ্গা কলিতাৰ গ্ৰন্থখন উন্মোচন কৰাৰ বাবে লেখিকাৰ জীয়ৰী তথা দিছপুৰ মহাবিদ্যালয়ৰ অধ্যাপিকা ডঃ মামণি কলিতা আৰু জোঁৱাই তথা জিলা পৰিবহণ বিষয়া বাপেন কলিতাই যি উদ্যোগ লৈছে তাৰ শলাগ লয় আৰু পাঠক সমাজে দিয়া সঁহাৰিযেহে  লেখিক - লেখিকাক লিখিবলৈ অনুপ্ৰেৰণা যোগাই বুলি ব্যক্ত কৰে । অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে ভাগ লৈ চিত্ৰ সাহিত্যক শিবাণু বৰাই লেখিকা দুৰ্গা কলিতাৰ গ্ৰন্থখনে ভক্তিৰসক এক নতুন মাত্ৰা প্ৰদান কৰিছে বুলি অভিহিত কৰি পাঠক সমাজৰ সঁহাৰি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত গ্ৰন্থখন সন্দৰ্ভত নিজৰ অনুভৱ ব্যক্ত কৰি দুৰ্গা কলিতাই কেবাটাও ভক্তি মূলক নাম পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে ।  অনুষ্ঠানত দুৰ্গা কলিতাৰ জীয়ৰী ডঃ মামণি কলিতা আৰু কমলা কলিতা , জোঁৱাই হেমেন কলিতা , পুত্ৰ অধ্যাপক অৰূপ কলিতা , নাতিনী ডাঃ মিমাংসা কলিতাকে ধৰি পৰিয়ালৰ কেবাজনো সদস্য আৰু বহুসংখ্যক শুভাকাংক্ষী লোক উপস্থিত থাকে ।   শেষত শলাগৰ শৰাই আগবঢ়াই বাপন কলিতাই ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here