W7s news,,গুৱাহাটী: ভাৰতীয় মুভৰছ ফেডেৰেচনে ষষ্ঠ ৰাষ্ট্ৰীয় আলোচনাচক্ৰ গুৱাহাটীত অনুষ্ঠিত কৰে। ভাৰতীয় মুভৰছ ফেডাৰেচনে(এমএফআই) সমগ্ৰ ভাৰতৰ স্বত্তাধিকাৰী কোম্পানীসমূহক প্ৰতিনিধিত্ব কৰে। নিয়ন্ত্ৰিত আৰু মালিকানাধীন পুন: স্থানান্তৰণ সেৱা আগবঢ়োৱা ভাৰতৰ সৰ্ববৃহৎ স্বায়ত্বশাসিত্ব সংস্থা ভাৰতীয় মুভৰছ ফেডাৰেচন আৰু ইয়াৰ সদস্যসকলে ঔদ্যোগিক মানদণ্ড নিয়ন্ত্ৰণ, গ্ৰাহকৰ প্ৰতি সহযোগিতা, নতুনত্ব সংযোজন আৰু আঞ্চলিক তথা ৰাষ্ট্ৰীয় চৰকাৰী প্ৰাধিকৰণক উৎসাহিত কৰা আদিৰে স্থানান্তৰণ কোম্পানীসকলৰ স্বাৰ্থ ৰক্ষাৰ প্ৰতি দ্বায়বদ্ধ।এই অনুষ্ঠানত মাননীয় পৰিৱহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয়, “ভাৰতীয় মুভৰছ ফেডাৰেচনে তেওঁলোকৰ ষষ্ঠ ৰাষ্ট্ৰীয় আলোচনাচক্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ দুৱাৰমুখ গুৱাহাটীত অনুষ্ঠিত কৰাৰ বাবে মই তেঁওলোকৰ প্ৰতি অতি কৃতজ্ঞ। মই নিশ্চিত যে মুভিং আৰু পেকিং উদ্যোগে ব্যৱধানসমূহ দূৰ কৰিব আৰু গ্ৰাহকসকলক উত্তম অভিজ্ঞতা আগবঢ়াব।এমএফআইয়ে নিজৰ ব্যৱসায় আৰু ব্ৰেণ্ডৰ উন্নতিৰ বাবে বিভিন্ন অনুষ্ঠান, সম্বল, গ্ৰাহকৰ সুৰক্ষা আৰু অদ্বিতীয় নেটৱৰ্কৰ সুবিধা আদি আগবঢ়াই বিকাশ আৰু সফলতা লাভ কৰিবলৈ সক্ষম হৈছে।এমএফআইৰ প্ৰতিস্থাপক অধক্ষ্য অজিৎ শৰ্মাই অনুষ্ঠানত উপস্থিত সকলোকে উদ্দেশ্যি কয়, “ভাৰতীয় মুভৰছ ফেডাৰেচন গঠন কৰা হৈছিল গ্ৰাহকক সহযোগিতা আগবঢ়োৱাৰ উদ্দেশ্যে। আমি এনে বহুতো প্ৰৱঞ্চনামূলক কাৰ্য প্ৰত্যক্ষ কৰিছো য’ত বুকিং লৈ ৰাতিয়ে মানুহ উধাও হৈ যায়। নম্বৰ আৰু ট্ৰাকৰ কোনো সন্ধান পোৱা নাযায়। এনেধৰণৰ বহু কাহিনী শুনাৰ পিছত, আমি গ্ৰাহকসলক ধনাত্মক অভিজ্ঞতা প্ৰদান কৰিব বিচাৰো। সেইবাবে আমি ফেডাৰেচন গঠনৰ বাবে সিদ্ধান্ত লও যিয়ে বৃহৎ পৰিসৰত স্থানান্তৰ উদ্যোগত সহায় আগবঢ়াব।“ এমএফআই য়ে সহযোগী সদস্যসকলক প্ৰশিক্ষণ প্ৰদানৰ বাবে শাৰীৰিক প্ৰশিক্ষণ আৰু দক্ষতা কেন্দ্ৰসমুহ বাংগালুৰু, লক্ষ্ণৌ আৰু পুনেত আৰম্ভ কৰিছিল যাতে তেঁওলোক সুদক্ষ হৈ শ্ৰেষ্ঠ সেৱা আগবঢ়াব পাৰে। বৰ্তমান পেকাৰছ আৰু মুভৰছ উদ্যোগে যথেষ্ঠ উন্নতি কৰিবলৈ সক্ষম হৈছে। এই উদ্যোগৰ নেট মূল্য ২০,০০০ কোটিৰ ওচৰ বুলি কোম্পানীৰ সহ-প্ৰতিষ্ঠাপক আৰু সভাপতি আলোক ভাৰ্গৱে উল্লেখ কৰে। “মই এনেকুৱা বিভিন্ন ঘটনা দেখিছোঁ য’ত কিছুমান লোকে অভিজ্ঞ পেকাৰৰ ৰূপ লৈ গ্ৰাহকৰ পৰা ধন আত্মসাৎ কৰাৰ দৰে গুৰুতৰ অসৎ আচৰণ সংঘটিত কৰিছিল। এটা ঘটনা আছিল যিটো মোৰ মনত আছে, য’ত এজন গ্ৰাহকৰ চালান এসপ্তাহৰ পিছতো ডেলিভাৰী কৰা হোৱা নাছিল। তেঁও অফিচ পাওঁতে কেৱল খালী চকী আৰু টেবুল পালে। আমি গ্ৰাহকৰ অভিজ্ঞতা উন্নত কৰিব বিচাৰিছিলো আৰু বৰ্তমানৰ ব্যৱস্থাটো উন্নত কৰিব বিচাৰিছিলো। আমি এই ফেডাৰেচন পাঁচ বছৰ বছৰ আগতে প্ৰণয়ন কৰিছিলো আৰু আমি যথেষ্ট পৰিমাণৰ অগ্ৰগতি লাভ কৰিছো” আলোকে লগতে কয়।সম্পাদক আৰু মুখপাত্ৰ অনুপ মিশ্ৰই সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত উল্লেখ কৰে যে, "ফেডাৰেচন গঠনৰ মূল উদ্দেশ্য হৈছে নিজৰ কষ্টোপাৰ্জিত ধন পেকাৰ আৰু মুভৰছ ৰ হাতত দিয়া গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰা।” সংবাদ মাধ্যমক সম্বোধন কৰাৰ সময়ত তেওঁ দুটা দশকত দেখা অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰে আৰু উদ্ধৃতি দিয়ে “মই দেখিছো যে মানুহে এটা কোঠাৰ পৰা দহটা ভিন্ন কোম্পানী চলাই আছে। মাত্ৰ এজন ব্যক্তিয়ে বেলেগ বেলেগ নাম লৈ একাধিক উদ্ধৃতি দি তাত গ্ৰাহকক বিপথে পৰিচালিত কৰি স্থানান্তৰৰ অৰ্ডাৰ লাভ কৰি আছে ৷”ভাৰতৰ সৰ্ববৃহৎ স্বায়ত্তশাসিত সংস্থা হিচাপে পৰিচালিত আৰু মালিকানাধীন স্থানান্তৰ সেৱা প্ৰদানকাৰী হিচাপে ভাৰতীয় মুভৰছ ফেডাৰেচনৰ মূল উদ্দেশ্য হৈছে এনে এখন মঞ্চ গঢ়ি তোলা য’ত পাৰস্পৰিক চিন্তাৰ বিষয়ে আলোচনা কৰিব পাৰি যিয়ে সকলোকে উপকৃত কৰিব। মঞ্চৰ সহ-প্ৰতিষ্ঠাপক যতীন গুলাতি আৰু ৰমেশ জাংগ্ৰা ডাঙৰীয়াই এমএফআইৰ ৰোড মেপৰ অধিক সম্প্ৰসাৰণৰ বিষয়ে আৰু ই স্থানীয় মুভিং গোটসমূহৰ বাবে কেনেদৰে উপযুক্ত হ’ব সেই বিষয়েও ব্যাখ্যা কৰে।
Post Top Ad
Responsive Ads Here
Sunday, 12 February 2023

গুৱাহাটীত অনুষ্ঠিত হয় ভাৰতীয় মুভৰছ ফেডাৰেচনৰ ষষ্ঠ ৰাষ্ট্ৰীয় আলোচনাচক্ৰ
Subscribe to:
Post Comments (Atom)
Post Bottom Ad
Responsive Ads Here
Author Details
Templatesyard is a blogger resources site is a provider of high quality blogger template with premium looking layout and robust design. The main mission of templatesyard is to provide the best quality blogger templates which are professionally designed and perfectlly seo optimized to deliver best result for your blog.
No comments:
Post a Comment