" পামহী কেনেলৰে পেলাই অহা দূষিত পানীয়ে দীপৰ বিলত সৃষ্টি কৰা ভয়াবহ প্ৰদূষণ বন্ধ কৰা" বিষয়ক চকৰদৌত অন্তৰংগ আলাপ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 6 February 2023

demo-image

" পামহী কেনেলৰে পেলাই অহা দূষিত পানীয়ে দীপৰ বিলত সৃষ্টি কৰা ভয়াবহ প্ৰদূষণ বন্ধ কৰা" বিষয়ক চকৰদৌত অন্তৰংগ আলাপ

Responsive Ads Here


W7s news

IMG-20230206-WA0029

গুৱাহাটী  : দেশী বিদেশী চৰাইৰ বিচৰণথলী আৰু এটা সময়ত চহকী জৈৱ বৈচিত্ৰ্যৰ বাবে আন্তৰ্জাতিক ৰামছৰ ক্ষেত্ৰত  স্থান লাভ কৰা দীপৰ বিল আজি অস্তিত্বৰ সংকটত ।  দীপৰ বিলৰ পাৰত যুগ যুগ ধৰি বাস কৰি অহা বাসিন্দা হিচাপে আমি  সকলো ফালৰ পৰা  দীপৰ বিলক ৰক্ষা কৰিবলৈ  চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহে  সদায়  কাম কৰি আহিছো আৰু  কাম কৰি যাম । কিন্তু  গুৱাহাটী পৌৰ নিগমে প্ৰায় ডেৰ বছৰ পূৰ্বে  পশ্চিম বৰাগাওঁৰ বেলৰতলত হাউছফেডৰ প্ৰায় ৬০ বিঘা মাটিত   ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণ কৰা আৰু পামহী কেনেলৰে গুৱাহাটীৰ দূষিত পানীভাগ দীপৰ বিলত পেলাই বিলখনত সৃষ্টি কৰা ভয়াবহ প্ৰদূষণৰ  বিৰুদ্ধে আমি সদাই মাত মাতি যাম । এই মন্তব্য দীপৰ বিলৰ সংৰক্ষণ , সংবৰ্ধন আৰু বিলখনক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ হকে কাম কৰি  অহা চকৰদৌ কলিতাপাৰা ৰাইজ গয়ৰহৰ সম্পাদক , দীপৰ বিল সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক আৰু পৰিবেশ কর্মী  প্ৰমোদ কলিতাৰ ।  ৫  ফেব্ৰুৱাৰীৰ দিনা সন্ধিয়া  চকৰদৌ কলিতাপাৰাত  সাংবাদিকৰে সৈতে হোৱা  "পামহী কেনেলৰে পেলাই অহা দূষিত পানীয়ে দীপৰ বিলত সৃষ্টি কৰা ভয়াবহ প্ৰদূষণ বন্ধ কৰা" বিষয়ক এক অন্তৰংগ আলাপত ভাগ লৈ এই মন্তব্য কৰে প্ৰমোদ কলিতাই । মহিলা সমাজসেৱী আৰু পৰিবেশ কর্মী অনামিকা দাস কলিতাই  আঁত ধৰা আলাপত প্ৰমোদ কলিতাই  কয় আমি দীপৰ বিলৰ প্ৰাকৃতিক পৰিৱেশ অক্ষুণ্ণ থকাটো বিচাৰো । কিন্ত পূৰ্বৰ ডাম্পিং গ্ৰাউণ্ডটো বন্ধ কৰি গুৱাহাটী পৌৰ নিগমে বেলৰতলত স্থাপন কৰা ডাম্পিং গ্ৰাউণ্ড , পামহী কেনেলৰে অহৰহ ভাবে বৈ অহা দূষিত পানীভাগে বিলখনক অস্তিত্বৰ সংকটলৈ ঠেলি দিছে । যাৰ বাবে পূৰ্বৰ দৰে নহা হৈছে দেশী - বিদেশী পৰিভ্ৰমী চৰাই ।  মৰি গৈছে সকলো ধৰণৰ জলজ উদ্ভিদ ।  বিলুপ্তি হৈছে বহু থলুৱা প্ৰজাতিৰ মাছ , কাছ । ভয়াবহ ভাবে পানী দূষিত হোৱাৰ বাবে আগৰ দৰে দীপৰ বিলৰ পানীত নামি  জলকেলি নকৰে বনৰীয়া হাতীয়ে । সমান্তৰাল ভাৱে  পৰ্যটনৰ সম্ভাৱনীয়তা সমূহক  বিকশিত কৰি তাক  পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰে জীৱন জীৱিকাৰ থলীলৈ গঢ় দিবৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছো ।  শেহতীয়াভাবে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰীয়ে  দীপৰ বিলক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দুলৈ উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰে অভিলাসী আঁচনি গ্ৰহণ কৰা বুলি  ঘোষণা কৰিছে । আমি সেই ঘোষণাক আদৰণি জনাইছোঁ আৰু ঘোষণা অনুসৰি কামখিনী যাতে শীঘ্ৰে আৰম্ভ হয় তাৰ কামনা কৰিছো  । আলাপত  দীপৰ বিলৰ উত্তৰ দিশৰ খানামুখ মিলন সংঘৰ এজন কৰ্মকর্তা তথা পৰিবেশ কর্মী দিলীপ কলিতা ( চক্ৰ )  উপস্থিত থাকে

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *