W7s news গুৱাহাটী : গুৱাহাটীত এক উত্তেজনাপূৰ্ণ অনুষ্ঠানেৰে নতুন বছৰটোক প্ৰাণবন্ত কৰি তুলি মেকড’ৱেলছ নম্বৰ১ ছ’ডাই গুৱাহাটীত No1 Yaari Jamৰ বাবে কঢ়িয়াই আনে জনপ্ৰিয় কন্ঠশিল্পী আৰু সুৰকাৰ Papon আৰু চিৰ সুৰীয়া সংজ্ঞীতজ্ঞ Taba Chakeক । দুয়োগৰাকী সংগীত শিল্পীয়ে সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত এই নিশাটোত ধামাকা অনুষ্ঠান পৰিবেশন কৰে, য’ত দৰ্শকক য়াৰিৰ সুৰৰ তালে তালে নাচিবলৈ, আনন্দ-উল্লাহ কৰিবলৈ বাধ্য কৰে ।মেকড’ৱেলছ নম্বৰ১ ছ’ডা য়াৰি ৰ হৃদয়স্পৰ্শী কাহিনীৰ সমাৰ্থক হৈ আহিছে । দেশৰ যুৱক-যুৱতীসকলৰ মাজত ইয়াৰ কৌতূহল আৰু চিত্তাকৰ্ষক গল্পৰ বৰ্ণনাৰে বন্ধুত্ব আৰু সংহতিৰ সক্ষমতা প্ৰদান কৰে । বন্ধুৰ মাজৰ বান্ধোন মজবুত কৰাৰ ইয়াৰ দৰ্শনৰ সৈতে সংগতি ৰাখি Papon আৰু Taba Chakeৰ সৈতে No1 Yaari Jam সঁচা বন্ধুত্বৰ এই উদযাপন কঢ়িয়াই আনিছে ।
Paponৰ ক্লাছিক হিটবোৰক Taba Chakeৰ কিছুমান নতুন ট্ৰেকৰ সৈতে ফিউজন কৰি পৰিবেশন কৰা লাইভ কনচাৰ্ট হৈ পৰে গুৱাহাটীৰ সকলো সংগীতপ্ৰেমীৰ বাবে যথেষ্ট আমোদজনক আছিল । শিল্পীসকলে নিজৰ আকৰ্ষণ আৰু যাদুৰে দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখে । বুলেয়া, জিয়ে কিউৰ দৰে Paponৰ কিছুমান আটাইতকৈ জনপ্ৰিয় ট্ৰেক আৰু চায়দ, আও চলে আৰু ৱাক উইথ মিৰ দৰে Taba Chakeৰ হৃদয়স্পৰ্শী গানত উৎসুক শ্ৰোতাসকলে তেওঁলোকৰ প্ৰিয় বন্ধুবৰ্গৰ সৈতে স্মৃতি ৰোমন্থন কৰি অনুষ্ঠান উপভোগ কৰা দেখা যায় ।
এই অনুষ্ঠান সন্দৰ্ভত Paponনে কয়, “বহুদিনৰ বিৰতিৰ মূৰত গুৱাহাটীত অনুষ্ঠান পৰিবেশন কৰিবলৈ পাই পৰম আনন্দ লাভ কৰিলোঁ । দৰ্শকৰ উৎসাহ আৰু হৰ্ষোল্লাহে কনচাৰ্টক সজীৱ কৰি তুলিলে আৰু মোক উৎসাহিত কৰিলে । বন্ধুত্ব সদায়ে মোৰ সংগীতৰ অংশ হৈ আহিছে । মই সদায় অনন্য য়াৰৰ সৈতে জড়িত গান গাই ভাল পাওঁ আৰু No1 Yaari Jamমে য়াৰৰ সৈতে মই অনুভৱ কৰা আনন্দ মোৰ সংগীতৰ জৰিয়তে বিয়পাই দিয়াৰ সুযোগ দিয়াত মই নথৈ আনন্দিত হৈছোঁ ।“নম্বৰ১ য়াৰি সন্দৰ্ভত Taba Chakeই কয়, “গুৱাহাটীবাসীৰ পৰা সদায় লাভ কৰা মৰম আৰু সমৰ্থনৰ বাবেই গুৱাহাটীবাসীৰ বাবে পৰিবেশন কৰিবলৈ মই আগ্ৰহেৰে বাট চাই থাকো । Paponৰ সৈতে পৰিবেশন কৰাটোও আছিল এক অতিবাস্তৱ অভিজ্ঞতা, যিয়ে মোক No1 Yaari Jamৰ বাবে এই প্ৰদৰ্শনৰ বাবে শক্তিশালী আৰু উত্তেজিত কৰি তুলিছিল । য়াৰি হৈছে আপোনাৰ বন্ধু-বান্ধৱীৰে থকা ভালপোৱা, হাঁহি আৰু জীৱন উপভোগৰ আনন্দ । মোৰ বন্ধুবৰ্গই মোক নিৰাপদ অনুভৱ কৰায়, যিয়ে মোৰ সংগীত আৰু এই উদ্যোগত মোৰ যাত্ৰাক অনুপ্ৰাণিত কৰিছে । No1 Yaari Jamৰ অংশ হ’বলৈ পাই মই আনন্দিত হৈছোঁ আৰু ভৱিষ্যতৰ য়াৰি জেমত অনুষ্ঠান পৰিবেশন কৰিবলৈ আগ্ৰহী ।“ইউটিউব আৰু আন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত মেকড’ৱেলনেছ নম্বৰ১ ছ’ডা-No1 Yaari Jamৰ সকলো মনোৰঞ্জন উপভোগ কৰক ।
No comments:
Post a Comment