কুমাৰপাৰাত ভগৱানী দেৱী মৌৰ চেৰিটেবল ট্ৰাষ্টৰ বিনামূলীয়া এম্বুলেন্স সেৱা আৰম্ভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 21 January 2023

কুমাৰপাৰাত ভগৱানী দেৱী মৌৰ চেৰিটেবল ট্ৰাষ্টৰ বিনামূলীয়া এম্বুলেন্স সেৱা আৰম্ভ

 

W7s news


গুৱাহাটী  : দৰিদ্ৰ আৰু আৰ্তজনক সহায়ৰ উদ্দেশ্যে স্থাপন কৰা ভগৱানী দেৱী মৌৰ চেৰিটেবল ট্ৰাষ্টৰ উদ্যোগত আজি  গুৱাহাটীত বিনামূলীয়া এম্বুলেন্স সেৱা আৰম্ভ কৰা হয়।  গুৱাহাটী কুমাৰপাৰাৰ শ্ৰী শ্ৰীৰাজহুৱা নামঘৰত অনুষ্ঠিত এক অনুষ্ঠানত শ্ৰী শ্ৰীৰাজহুৱা নামঘৰ সত্ৰৰ মুখ্য সেৱক আৰু গুৱাহাটী জিলাসত্ৰ মহাসভাৰ  সম্পাদক সনাতন  দাস , বকোৰ আউনীহাটী সত্ৰৰ সত্ৰাধিকাৰ  থানেশ্বৰ দাস অধিকাৰী আৰু সদৌ অসম শঙ্কৰ-মাধৱ দিহানাম সামিতিৰ সভাপতি  গণেশ দাসে এই সেৱা আৰম্ভ কৰে। প্ৰয়াত মাতৃ ভগৱানী দেৱী  মৌৰৰ নামেৰে নামকৰণ কৰা বিনামুলীয়া এই এম্বুলেন্স সেৱা সমাজকর্মী নৱৰাং লাল মৌৰ আৰু ঘনশ্যাম দাস মৌৰে ৰাইজৰ বাবে উৎসৰ্গা কৰে। উল্লেখ্য, প্রয়াত ভগৱানী দেৱী মৌৰৰ নাতি তথা বিশিষ্ট ব্যবসায়ী, সমাজকর্মী মুকেশ মৌৰে আইতাকৰ স্মৃতিত এই চেৰিটেবল ট্ৰাষ্ট স্থাপন কৰিছিল। চিকিৎসালয়লৈ স্থানান্তৰিত কৰাৰ সময়ত জটিল ৰোগীক জৰুৰীকালীন চিকিৎসাৰ সহায় আগবঢ়াব পৰাকৈ এই এম্বুলেন্সখন সকলো সুবিধাৰে সজ্জিত কৰা হৈছে। যিসকলে এই বিনামূলীয়া এম্বুলেন্স সেবা লাভ কৰিব বিচাৰে তেওঁলোকে  ৯৮৬৪০৯১৫৫৫ , ৯৮৬৪০৭৭৪২১, বা  ৯৮৬৪১১৬৫১৩ নম্বৰত ডায়েল কৰি এই সুবিধা লাভ কৰিব পাৰিব। ভগৱানী দেৱী মৌব চেৰিটেবল ট্রাস্টে বিগত চাৰি বছৰ ধৰি চাবিপুলত নিঃস্ব আৰু দৰিদ্ৰ লোকক প্ৰতিদিনে বিনামূলীয়া খাদ্য যোগান ধৰা, ফটাশিল চাৰিআলিত বিনামূলীয়া চিকিৎসা পৰীক্ষা আৰু বিনামূলীয়া ঔষধৰ সৈতে ক্লিনিক চলোৱা, পানীৰ ফিল্টাৰ স্থাপন আদি বিভিন্ন দানশীল কাম কৰি আহিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here