অসম শিশু কল্যাণ সদনৰ এই মাহৰ অতিথি অনুষ্ঠানত প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 January 2023

অসম শিশু কল্যাণ সদনৰ এই মাহৰ অতিথি অনুষ্ঠানত প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া

 


W7s news গুৱাহাটী:“পৃথিৱীৰ আটাইতকৈ ব্যস্ত মানুহজনৰ হাততে আটাইতকৈ বেছি সময় থাকে” ---১৯৫৬ চনতে প্ৰতিষ্ঠা হৈ আজিকোপতি শিশুৰ কল্যাণৰ বাবে কাম কৰি অহা গুৱাহাটী সুন্দৰবড়ীস্থিত অসম শিশু কল্যান সদনৰ চৌহদত অৱস্থিত সদনৰ প্ৰেক্ষাগৃহত আজি পোনপ্ৰথম বাবে আয়োজন কৰা এই মাহৰ অতিথি অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত থাকি এনেদৰে কয়  বিশিষ্ট সাংবাদিক তথা প্ৰতিদিন কাকতৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই ৷ তেখেতে নিজৰ বক্তব্যত অসম শিশু কল্যাণ সদৰে সুদীৰ্ঘ দিনৰ পৰা কৰি অহা কৰ্মৰাজীৰ প্ৰশংসা কৰাৰ লগতে সদনে সমাজৰ বিভিন্ন ক্ষেত্ৰৰ লোকসকলক আনি আৱাসী সকলৰ সৈ


তে বাৰ্তালাপৰ সুবিধা দিয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷ সদনৰ সভাপতি পৰমেশ্বৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত  অনুষ্ঠানটিত বিশিষ্ট সাংবাদিক গৰাকীয়ে ভাৰত অসম আৰু বিশ্বৰ বহুকেইজন প্ৰথিতযশা ব্যক্তিৰ শৈশৱত ভোগ কৰা জটিল সমস্যা সমূহৰ কথা বৰ্ণনা কৰি আৱাসীসকলক প্ৰৱল ইচ্ছাশক্তি আৰু গভীৰ আত্মবিশ্বাসৰ জৰিয়তে জীৱনক গঢ়দিৱৰ বাবে আহ্বান জনাই ৷ সদনৰ সম্পাদিকা ইন্দিৰা শইকীয়া বৰাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত সদনৰ কাৰ্যনিৰ্বাহক সদস্য আৰু বিশিষ্ট লিখক গোপাল জালানে নিতুমণি শইকীয়াৰ জীৱন আৰু কৰ্মৰ বিষয়ে আলোকপাত কৰি সাংবাদিক গৰাকীয়ে বৰ্তমান অসমৰ জাতীয় জীৱনৰ উত্তৰণত লোৱা ভূমিকাৰ বিষয়ে বিশেষভাৱে অৱলোকন কৰে ৷ সভাৰ আৰম্ভণিতে সদনৰ আাৱাসীসকলৰ দ্বাৰা এটি সমবেত সংগীত পৰিবেশন কৰাৰ লগতে সাংবাদিক গৰাকীৰ স’তে অন্তৰঙ্গ আলাপো অনুষ্ঠিত হয় ৷সদনৰ প্ৰায় চল্লিছগৰাকী আৱাসীয়ে, শিক্ষক-শিক্ষয়িত্ৰী উপস্থিত থকা অনুষ্ঠানতোত ড°মুক্তা বিশ্বাস, ড° সন্ধ্যা পাঠক, অধীৰ চন্দ্ৰ দাস , বিজয় শঙ্কৰ শৰ্মা, হৰেকৃষ্ণ কলিতাৰ লগতে পৰিচালনা সমিতিৰ বহু কেইজন সদস্য সদস্যাই অংশগ্ৰহণ কৰে ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here