W7s news
গুৱাহাটী : অসমৰ এগৰাকী বিশিষ্ট হিন্দী কবি , সাহিত্যিক , পাণ্ডু বৰবজাৰ নিবাসী শংকৰলাল পাৰিকক ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি মালিগাঁৱস্থিত জালুকবাৰী আৰক্ষী থানা চৌহদত ২৬ জানুৱাৰীত আয়োজিত এক অনুষ্ঠানত জালুকবাৰী থানা কেন্দ্ৰীয় নাগৰিক কমিটিৰ ফালৰ পৰা ৰাজহুৱাভাবে সম্বৰ্ধনা জনোৱা হয় । এই উপলক্ষে নাগৰিক কমিটিৰ সাধাৰণ সম্পাদক দ্বিজেন লহকৰৰ আদৰণি ভাষণৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত শংকৰলাল পাৰিকক শৰাই , গামোছা আৰু ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁৰ আশীৰ্বাদ গ্ৰহণ কৰা হয় । অনুষ্ঠানত জালুকবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপক কুমাৰ বৰা , পাণ্ডুনাথ দেৱালয়ৰ সাধাৰণ সম্পাদক নিমাই চন্দ্ৰ দাস , সাংস্কৃতিক কর্মী বিপুল ভৰালী , কাৰ্ত্তিক কলিতা , মহিলা সমাজসেৱীকা ৰীণা কাজীকে ধৰি উপস্থিত কেবাজনেও ৯০ বছৰ উৰ্ধৰ শংকৰলাল পাৰিকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি বিগত পাঁচ দশকৰো অধিক কাল ধৰি বৃহত্তৰ মালিগাঁও - পাণ্ডু অঞ্চলত তেওঁ সামাজিক , সাংস্কৃতিক , সাহিত্যিক ক্ষেত্রখনলৈ আগবঢ়াই অহা অনবদ্য অৱদানৰ বিষয়টোৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰে আৰু অঞ্চলটোৰ অভিভাৱক স্বৰূপ ব্যক্তি হিচাপে সকলোকে দিকদর্শন বা মাৰ্গদৰ্শনদিব বুলি আশা প্ৰকাশ কৰে । অনুষ্ঠানত সম্বৰ্ধনাৰ প্ৰত্যুত্তৰত শংকৰলাল পাৰিকে তেওঁক এইদৰে ৰাজহুৱা ভাবে সম্বৰ্ধনা জনোৱা বাবে নাগৰিক কমিটিৰ শলাগ লৈ দেহাই টানে মানে সমাজৰ হকে উৎসৰ্গিত মনোভাবেৰে কাম কৰি যাব বুলি সদৰি কৰে
No comments:
Post a Comment