ধাৰাপুৰ ধোপৰতলত ভোগালী বিহু উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 January 2023

ধাৰাপুৰ ধোপৰতলত ভোগালী বিহু উদযাপন

 


W7s news গুৱাহাটী: 


মহানগৰীৰৰ ধাৰাপুৰ ধোপৰতলত ব্ৰহ্মপুত্ৰৰ কৃষ্টি সংঘৰ উদ্যোগত ২৭ জানুৱাৰীত ভোগালী বিহু উপলক্ষে এখনি সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে। সাংস্কৃতিক সন্ধিয়াৰ লগত সংগতি ৰাখি মহানগৰীৰ একমাত্ৰ খিলঞ্জীয়াৰ চৰ ৰাণী চাপৰিত  কৃষি কাৰ্য কৰা স্থানীয় কৃষক মাধৱ কলিতা, সুভাষ কলিতা, ৰমেশ কলিতা, অক্ষয় কলিতা, চন্দ্ৰ কলিতা, পবিত্ৰ কলিতা, ৰবীন কলিতা, মৰ্মে কলিতাকে ধৰি বহু কেইজন কৃষকক সম্বৰ্ধনা জনোৱাৰ উপৰিও কৃতি ছাত্ৰ-ছাত্ৰী  আৰু টাইকোৱাণ্ড খেলত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰা ৰিয়ান কাশ্যপ, মধুস্মিতা কলিতা, হিমাঙ্কু মণি কলিতা আৰু ভৃগু মণি দাসক সম্বৰ্ধনা জনোৱা হয়। সাংস্কৃতিক সন্ধিয়াৰ নিশা জনপ্ৰিয় কণ্ঠ শিল্পী কুমাৰ ভৱেশে সংগীত অনুষ্ঠান কৰি সকলোকে আপ্লুত কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here