সংগীত পৰিচালক, সুৰকাৰ , কণ্ঠশিল্পী নিলোৎপল বৰালৈ 'ডঃ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা - ২০২২' - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 28 January 2023

সংগীত পৰিচালক, সুৰকাৰ , কণ্ঠশিল্পী নিলোৎপল বৰালৈ 'ডঃ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা - ২০২২'

 

W7s news


W7s news গুৱাহাটী: শিশুৰ সাংস্কৃতিক তথা সামাজিক বিকাশৰ লক্ষ্যেৰে প্ৰতিষ্ঠিত আৰোহণ ( ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস)ৰ উদ্যোগত অহা ২০ ফেব্ৰুৱাৰীত অসমৰ সাহিত্য, শিল্প আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ অন্যতম কাণ্ডাৰী ড০ ভবেন্দ্ৰ নাথ শইকীয়া দেৱৰ একনৱতিতম ওপজা দিন বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজনৰ পৰিকল্পনা কৰা হৈছে। অহা  ২০ ফেব্ৰুৱাৰীত  আৰোহণৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত সংগীত পৰিচালক, সুৰকাৰ, কণ্ঠশিল্পী নিলোৎপল বৰাক ২০২২ বৰ্ষৰ বাবে আৰোহণৰ তৰফৰ পৰা ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হ'ব। ২০১৮ বৰ্ষৰ পৰা প্ৰতিবছৰে সাহিত্য, কলা-সংস্কৃতিৰ ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা ৫০ ৰ অনুৰ্দ্ধৰ এগৰাকী ব্যক্তিক আৰোহণৰ তৰফৰ পৰা ড০ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটাত আছে নগদ ২৫ হেজাৰ টকা, গামোচা, মানপত্ৰ, স্মাৰক আৰু কিতাপৰ টোপোলা।য়ে মেৰী ফেমিলী আৰু এস্পাইৰেণ্ট  ৱেব ধাৰাবাহিকৰ 'ধাগা' শীৰ্ষক গীতটিৰ বাবে দেশজুৰি প্ৰসিদ্ধি লাভ কৰা গায়ক, সুৰকাৰ আৰু সংগীত পৰিচালক নীলোৎপল বৰা,  হৃদয়স্পর্শী সংৰচনাসমূহৰ কাৰণে সৰ্বত্ৰ সমাদৃত। যোৰহাটত জন্মগ্ৰহণ কৰা  বৰাই, ২০১৩চনত চেভেন আনপ্লাগড (7 Unplugged) এলবামেৰে একক ভাবে সংগীতৰ কাম কৰিবলৈ আৰম্ভ কৰে ।  ৰত্নদাহ, ডে' ব্ৰেক, ট্ৰিপলিং, চাচ বহু ঔৰ আচাৰ, জাদুঘৰ ইত্যাদি চিনেমা আৰু ৱেব চিৰিজত পৰম্পৰাগত সুৰ আৰু আধুনিক সংৰচনাৰে শ্ৰোতা-দৰ্শকক  মন্ত্ৰমুগ্ধ কৰা  বৰা সম্প্ৰতি মুম্বাইকেন্দ্ৰিক হিন্দী ছবিজগততো সুপ্ৰতিষ্ঠিত । শেহতীয়াকৈ  তাৰলা আৰু তাজা খবৰ শীৰ্ষক দুটি হিন্দী ভাষিক বিশাল প্ৰকল্পৰ সৈতে সংগীত পৰিচালক ৰূপে জড়িত হৈ আছে। উল্লেখযোগ্য যে মাজুলী শীৰ্ষক গীতটিৰ বাবে ২০১৭চনত অসমজুৰি জনপ্ৰিয়তা আহৰণ কৰা বৰাৰ,

 ‘চাবাচ’ গীতটি  ভাৰতীয় এথলিটসকলৰ কাৰণে কমনৱেলথ গেমছ ২০২২ৰ এন্থেম হিচাপে স্বীকৃতি দিয়া হয়।তেনেদৰে ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ মু্খ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়া, সচিব মলয়া গোস্বামী, ন্যাসৰক্ষী ড০ হিতেশ ডেকা, গোপাল জালান, নুৰুদ্দিন আহমেদ, ডাঃ হেমেন বৰ্মন আৰু ইন্দ্ৰজিৎ দাসে এক প্ৰেছ বিজ্ঞপ্তি জনাইছে যে, ড০ ভবেন্দ্ৰ নাথ শইকীয়াৰ ওপজা দিনৰ সৈতে সংগতি ৰাখি আৰোহণৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত ২৩ আৰু ২৪ ফেব্ৰুৱাৰীত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত দুদিনীয়া নাট সমাৰোহ  অনুষ্ঠিত কৰা হ'ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here