বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Friday, 6 January 2023

demo-image

বৰঝাৰ বিমানবন্দৰত ই-ভি চাৰ্জিং পইন্ট উদ্ধোধন

Responsive Ads Here

 

W7s news

IMG-20230107-WA0003

গুৱাহাটী  : গুৱাহাটীৰ  বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ পৰিচালনাৰ  দায়িত্বত থকা গুৱাহাটী ইন্টাৰনেশ্যনেল এয়াৰপৰ্ট লিমিটেড ( জি আই এ এল ) কৰ্তৃপক্ষই যান বাহনৰ পৰা নিৰ্গত হোৱা বায়ু প্ৰদূষণ ৰোধ কৰি সমগ্ৰ বিমানবন্দৰ চৌহদক  এক প্ৰদূষণমুক্ত সেউজ পৰিবেশলৈ উন্নীতকৰণৰ বাবে  এক আঁচনি গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে শুকুৰবাৰে বিমানবন্দৰ চৌহদত  ইলেক্ট্ৰিক বাহনৰ  চাৰ্জিং  কৰাৰ সুবিধাৰ বাবে চাজিং পইণ্ট  উদ্ধোধন কৰা হয়। এতিয়াৰ পৰা  বিমানবন্দৰলৈ অহা যাত্ৰীসকলে নিজৰ ইলেক্ট্ৰিক বাহন এই স্থানত চাৰ্জ কৰিব পাৰিব। উল্লেখযোগ্য যে, ইতিমধ্যে জি আই এ এল কৰ্তৃপক্ষই  ৬ খনকৈ ইলেক্ট্ৰিক বাহন ব্যবহাৰ কৰি আছে। অনতিপলমে বিমান পৰিচালনা বিভাগতো এই বাহন কাৰ্যকৰী কৰা হব। কাৰ্বন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিমানবন্দৰ কৰ্তৃপক্ষই  ২০২৪ চনত নিজ লক্ষ্যত উপনীত হ'ব বুলি আশা প্ৰকাশ কৰিছে ।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *