কাইলৈ দীপৰৰ বুকু বিদিৰ্ণ কৰিব মাছমৰিয়াৰ কেবা শতাধিক নাৱে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 6 January 2023

কাইলৈ দীপৰৰ বুকু বিদিৰ্ণ কৰিব মাছমৰিয়াৰ কেবা শতাধিক নাৱে

W7s news ষ্টাফৰিপোৰ্টাৰ: দেশৰ অন্যতম   পক্ষী অভয়াৰণ্য হিচাপে পৰিগণিত হৈ অহা গুৱাহাটীৰ গাতে লগা  দীপৰ বিলৰ বুকু বিদিৰ্ণ কৰি অহা  দেওবাৰে পুৱতি নিশা  মৎস্য চিকাৰ কৰিব চাৰি শতাধিক নাৱে । পৰম্পৰাৰ দোহাই দি  শনিবাৰে মাজনিশাৰ পাছত শীতক নেওচিও চাৰি শতাধিক নাৱেৰে বৃহত্তৰ অঞ্চলটোৰ সাত শতাধিক লোকে বৃহৎ বৃহৎ জাল লৈ নামি পৰিব দীপৰৰ বুকুত । জালত বন্দী হ'


ব ৰৌ,ভকুৱা,আৰি,বৰালি, চিতল,কুঢ়ি,মিৰিকা, আদিকে ধৰি সৰু বৰ বিভিন্ন প্ৰজাতিৰ সৰু - বৰ  মাছ । উল্লেখ যে শীতৰ আগমনৰ লগে লগে দীপৰ বিললৈ আগমন ঘটে বহু দেশী-বিদেশী পৰিভ্ৰমী চৰাইৰ । অৱশ্যে  দীপৰ বিলৰ পানী প্ৰদূষিত হোৱা বাবে এইবেলি পূৰ্বৰ তুলনাত কমকৈ আহিছে পৰিভ্রমী চৰাই  । চৰাইৰ জলকেলি আৰু সুমধুৰ কলৰৱে অনন্য কৰি তুলিছে দীপৰৰ বক্ষ । পৰিভ্ৰমী পক্ষীৰ জলকেলি উপভোগ কৰিবলৈ নিতৌ দীপৰৰ পাৰত আহে অগণনলোক । বিহংগৰ জলকেলি উপভোগ কৰাৰ বাবে বন বিভাগে দীপৰ বিলৰ পাৰৰ চকৰ্দোত নিৰ্মাণ কৰিছে "ভিউ টাৱাৰ" । কিন্তু শ শ লোকে   নাৱত উঠি   জাল লৈ দীপৰৰ বুকুত চাৰি-পাছদিন ধৰি মাছ মৰাৰ ফলত স্বাভাৱিকতে চৰাইৰ স্বাভাৱিক বিচৰণত বাধা আহি পৰিব  । আনকি  দিশহাৰা হৈ যেনিতেনি উৰি যোৱাৰ আশংকা কৰা হৈছে   দেশী-বিদেশী পৰিভ্ৰমী পক্ষী । সচেতন লোক আৰু পৰিবেশবিদ  সকলে মত ব্যক্ত কৰা অনুসৰি প্ৰদুষণ,বিভিন্ন পাৰিপাৰ্শ্বিক কাৰণৰ ফলত  দীপৰ বিললৈ চৰাইৰ আগমন কমি আহিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here