জালুকবাৰীত উদ্ধাৰ কৰা ঈগল চিৰিয়াখানালৈ প্ৰেৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 6 January 2023

জালুকবাৰীত উদ্ধাৰ কৰা ঈগল চিৰিয়াখানালৈ প্ৰেৰণ

 

W7s news


গুৱাহাটী : গুৱাহাটী মহানগৰীৰ জালুকবাৰী উৰণীয়া সেঁতুৰ সমীপৰ ফুলপাহী নগৰত কালি  পুৱা  উদ্ধাৰ কৰা এটা ঈগলটোক অসম ৰাজ্যিক চিৰিয়াখানালৈ  প্ৰেৰণ কৰা হৈছে । প্ৰাপ্ত খবৰ মতে কালি পুৱা প্ৰায় চাৰে ছয় বজাত  জালুকবাৰীৰ ফুলপাহি নগৰত  আঘাটপ্ৰাপ্ত অৱস্থাত ঈগলটো প্ৰত্যক্ষ কৰে অঞ্চলটোৰ  কেইবাজনো বাসিন্দাই। লগে লগে তেওঁলোকে বিষয়টো  লংকেশ্বৰস্থিত খানামুখ খণ্ড বন বিষয়া  কাৰ্যালয়ক অৱগত কৰে । তাৰ পাছত খণ্ড বন বিষয়া জিন্টুমণি তালুকদাৰৰ নিৰ্দেশত  এটা বনকর্মীৰ  দল ফুলপাহী নগৰত  উপস্থিত হৈ কিছু আঘাটপ্ৰাপ্ত  ঈগলটো উদ্ধাৰ কৰি  চিকিৎসাৰ বাবে ঈগলটো অসম  ৰাজ্যিক চিৰিয়াখানালৈ লৈ যায় । আজি আবেলি খানামুখ খানামুখ খণ্ড বন কাৰ্যালয়ৰ খণ্ড বন বিষয়াজনে জানিবলৈ দিয়া মতে আঘাটপ্ৰাপ্ত ঈগলটো সম্প্ৰতি সুস্থ হৈ উঠিছে আৰু বিপদমুক্ত ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here