দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত শৃংখলাবদ্ধভাবে সমূহীয়া মৎস চিকাৰ : উখল-মাখল পৰিবেশ বিলৰ পাৰত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 10 January 2023

দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত দীপৰ বিলত শৃংখলাবদ্ধভাবে সমূহীয়া মৎস চিকাৰ : উখল-মাখল পৰিবেশ বিলৰ পাৰত

 

 W7s news গুৱাহাটী


: বিগত বছৰবোৰৰ দৰে এইবেলিও ইংৰাজী নৱবৰ্ষৰ প্ৰথমটৌ দেওবাৰৰ পাছত শনিবাৰে মাজনিশাৰ পাছত সোৱাদৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষ সুনাম থকা  দীপৰ বিলত সমূহীয়া মাছ ধৰা উৎসৱ আৰম্ভ হৈছে । অৱশ্যে এই মাছ ধৰা উৎসৱ ব্যক্তিগত ভাবে নহয় শৃংখলাবদ্ধভাবে আৰম্ভ হৈছে দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰিয়া সকলৰ উন্নয়নৰ হকে কাম কৰি অহা দীপৰ বিল পাচপাৰা সমবায় সমিতিৰ উদ্যোগত । এই সন্দৰ্ভত সমিতিৰ সভাপতি গোলক দাস (১) আৰু সম্পাদক গোলক দাসে (২ ) জানিবলৈ দিয়া মতে জন্মলগ্নৰে  পৰা সমিতিখন বিলৰ লগতে  বৃহত্তৰ আজাৰা অঞ্চলৰ মাছমৰিয়া সকলৰ উন্নয়নৰ বাবে কাম কৰি আহিছে । যাতে বিলখনো প্ৰদূষণমুক্ত  পৰিবেশত সংৰক্ষিত হৈ থকাৰ লগতে যুগ যুগ ধৰি বিলত  পৰম্পৰাগতভাবে চলি থকা মাছ ধৰা অধিকাৰ অক্ষুণ্ণ হৈ থাকে । কিয়নো বৃহত্তৰ আজাৰা অঞ্চলৰ কেওটপাৰা , মেধিপাৰা , হিৰাপাৰা , হাতুৱাপাৰা , নোৱাপাৰা , মাটিয়া , নতুনবস্তি , বৰবৰী আদি গাঁও কেইখনৰ  অনুসূচিত জাতিৰ প্ৰায় ৮০০ টা মাছমৰিয়া পৰিয়ালে যুগ যুগ ধৰি দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি আহিছে । এই পৰিয়াল সমূহৰ কল্যাণৰ  বাবে গঠন হোৱা সমিতিখনে প্ৰতি বছৰে বাৰিষাৰ সময়ত শাওন মাহত দীপৰ বিলত বিভিন্ন প্ৰজাতিৰ মাছৰ পোনা এৰি দিয়ে । তাৰ ছমাহ পাছতহে দীপৰ বিলত ইংৰাজী নতুন বছৰৰ প্ৰথমটো দেওবাৰ পাৰ হোৱাৰ পাছত যাবতীয় ৰীতি - নীতিৰে পূজা অৰ্চনা কৰি বিলত মাছ ধৰা পৰ্ব আৰম্ভ হয় । এই পৰ্ব কেৱল খৰালিৰ দিনকেইটাত চলি থাকে । সমিতিখনে মাছৰ পোনা এৰি দিয়াৰ পৰা আৰম্ভ কৰি বিলৰ উন্নয়নৰ যাবতীয় কাম - কাজ সমূহ সম্পন্ন কৰাৰ বাবে ৰচিদৰ  বিপৰীতে  বছৰেকত  মাত্ৰ ৫০০ টকাকৈ সংগ্ৰহ কৰে ।  আনহাতে মাছ ধৰা পৰ্ব উপলক্ষে  দীপৰ বিলৰ পাৰত আজাৰাৰ দিশত দেওবাৰে পুৱাৰে পৰা  সৃষ্টি হৈ আছে উখল মাখল পৰিৱেশ । এই পৰিবেশ অহা মাঘ বিহুৰ উৰুকাৰ সময়লৈকে অব্যাহত থাকিব । আজি  দ্বিতীয় দিনাও পুৱাৰে পৰা মাছ কিনিবলৈ বিভিন্ন প্ৰান্তৰ পৰা অহা শ শ লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে । সকলোৰে লক্ষ্য এটাই বিলৰ পাৰতে নিজৰ পছন্দৰ মাছটো ক্ৰয় কৰা ।  আনহাতে  কিছু সংখ্যক মাছমৰিয়াই মাছ সমূহ বিক্ৰীৰ বাবে  নিকটবৰ্তী গধুলি বজাৰলৈ আনিছে । কিন্তু দীপৰ বিলত মাছ ধৰি জীৱিকা নিৰ্বাহ কৰি অহা মাছমৰিয়া সকলে পৰম্পৰা অনুসৰি  কোনোদিনে ওজনত মাছ বিক্ৰী নকৰে । স্থানীয় ভাষাত আচকা  ভাওতহে মাছ বিক্ৰী কৰি আহিছে । সমিতিৰ সভাপতি আৰু  সম্পাদকে সদৰি কৰা অনুসৰি বিলত আন প্ৰজাতিৰ তুলনাত  ঘাইকৈ ৰৌ , ভকুৱা , বৰালি , বিকেত মাছ বেছিকৈ পৰিছে নাও লৈ যোৱা মাছমৰিয়াৰ জালত । অৱশ্যে এই  পৰ্যন্ত সৰ্বাধিক প্ৰায় ১৫ কেজি ওজনৰ বিকেত মাছ ধৰা হৈছে । লক্ষণীয় বিষয়টো এয়ে যে প্ৰতি বছৰৰ দৰে এইবেলিও বন বিভাগৰ অনুৰোধত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সমূহীয়া মাছ ধৰা উৎসবৰ প্ৰাকক্ষণত ৭ জানুৱাৰীত দীপৰ বিলৰ বন্যপ্ৰাণী অভয়াৰণ্য ঘোষিত অঞ্চলত কোনো মাছমৰিয়াই যাতে মাছ মাৰিবলৈ নাও লৈ যাব নোৱাৰে তাৰ বাবে ভাৰতীয় ফৌজদাৰী দণ্ডবিধিৰ অধীনত ১৪৪  ধাৰা জাৰি কৰিছিল । কিন্তু অভয়াৰণ্য ঘোষিত অঞ্চলত প্ৰৱেশ নকৰাকৈয়ে বেছিভাগ মাছমৰিয়াই মাছ ধৰা বুলি সভাপতি আৰু সম্পাদকে জানিবলৈ দিছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here