W7s news গুৱাহাটী : ভাৰতীয় ৰেলৱেৰ অন্যতম ট্ৰেড ইউনিয়ন নেশ্যনেল ফেডাৰেচন অফ ইণ্ডিয়ান ৰেলৱেমেনৰ (এন এফ আই আৰ ) যুটীয়া সাধাৰণ সম্পাদক, এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়নৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু ৰেলৱেৰ জ্যেষ্ঠ অভিযন্তা মুনীন্দ্ৰ শইকীয়াৰ ৫৭ সংখ্যক ওপজা দিনত তেওঁক ইউনিয়নৰ গুৱাহাটী শাখাৰ উদ্যোগত ৯ জানুৱাৰীৰ নিশা ইউনিয়নৰ পাণ্ডুস্থিত মুখ্য কাৰ্যালয় শ্রমিক সদনত বিপুল সম্বৰ্ধনা জনোৱা হয় । গুৱাহাটী শাখাৰ সভাপতি গুনেন্দ্ৰ বৰুৱা আৰু সম্পাদক অৰূপ কলিতাৰ নেতৃত্বত শাখাৰ কৰ্মকর্তা - সদস্য সকলে মুনীন্দ্ৰ শইকীয়াক ফুলৰ থোপা , জাপি , গামোছাৰে সম্বৰ্ধনা জনায়। ইয়াৰ পূৰ্বে কেক কাটি ওপজা দিনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুনীন্দ্ৰ শইকীয়াই ।
তাৰ পাছত উপস্থিত সকলোৱে মুনীন্দ্ৰ শইকীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মুনীন্দ্ৰ শইকীয়া জিন্দাবাদ , এন এফ ৰেলৱে এম্পলয়িজ ইউনিয়ন জিন্দাবাদ ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে । এই উপলক্ষে অৰূপ কলিতাই আঁত ধৰা অনুষ্ঠানত মুনীন্দ্ৰ শইকীয়াই তেওঁক ওপজা দিনত সম্বৰ্ধনা জনাই উৎসাহিত কৰা বাবে গুৱাহাটী শাখাৰ সভাপতি - সম্পাদক প্ৰমুখ্যে সকলোকে ধন্যবাদ জ্ঞাপন কৰে আৰু ইউনিয়নৰ সাংগঠনিক দিশ শক্তিশালী কৰা কামত নিজকে আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানত কেন্দ্ৰীয় কমিটিৰ প্ৰচাৰ গোটৰ অধ্যক্ষ নয়ন কুমাৰ বৰ্মন , সহকাৰী সাধাৰণ সম্পাদক দেৱশীষ মুখাৰ্জী , কাৰ্যালয় সম্পাদক কস্তুৰী দত্তকে ধৰি কেবাজনো কৰ্মকর্তা উপস্থিত থাকে ।
No comments:
Post a Comment