- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত উদ্বোধন কৰে জিঅ' ট্ৰু ৫- জি
- কামাখ্যা মন্দিৰ কমপ্লেক্সত জিঅ’ই ট্ৰু ৫- জি
যুক্ত ৱাই-ফাই শুভাৰম্ভ কৰে
‘জিঅ' ৱেলকাম অফাৰ’ ৰ জড়িয়তে ব্যৱহাৰকাৰীয়ে লাভ কৰিব ১ জিবিপিএচ পৰ্য্যন্ত গতিৰ সৈতে আনলিমিটেড ৫- জি ডাটা
- ৰাজ্যখনৰ সকলো চহৰ, মৌজা, মহকুমা, সংযুক্ত সংমণ্ডল ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত ৫- জি নেটৱৰ্কৰ অন্তৰ্গত কৰা হ'ব
W7s news মুম্বাই/ গুৱাহাটী,,: জিঅ’ই অসমত ৫-জি নেটৱৰ্কৰ শুভাৰম্ভ কৰি গুৱাহাটীত ট্ৰু ৫- জি সেৱা আৰম্ভ কৰিছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীত এই সেৱাৰ শুভাৰম্ভ কৰে। জিঅ’ই আজি গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত কামাখ্যা মন্দিৰ চৌহদত ইয়াৰ ট্ৰু ৫- জি নেটৱৰ্ক যুক্ত ৱাই-ফাই সেৱাও মুকলি কৰে।মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত জিঅ'ই ট্ৰু ৫- জি ৰ উপযোগিতা আৰু সুফল সন্দৰ্ভত বৰ্ণনা দাঙি ধৰে। জিঅ’ কমিউনিটি ক্লিনিকৰ মেডিকেল কিট, বৈপ্লৱিক এ আৰ-ভি আৰ ডিভাইচ আৰু জিঅ’ গ্লাছৰ জৰিয়তে স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ৫- জি ৰ উল্লেখযোগ্য সুবিধাসমূহৰ বিষয়ে অৱগত কৰে। ইয়াৰ জৰিয়তে ৫-জি য়ে টেলি ৰেডিঅ’লজি, কানেক্টেড এম্বুলেন্স, আৰু ক্লিনিক ইন দ্য বেগৰ দৰে স্মাৰ্ট হেল্থকেয়াৰ ছলিউচনলৈ ৰূপান্তৰিত কৰি গ্ৰাম্য আৰু দুৰ্গম অঞ্চললৈ উচ্চমানৰ স্বাস্থ্যসেৱা প্ৰদান কৰিব পাৰিব। এই সুবিধাসমূহে অসমৰ মানুহৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ব।অনুষ্ঠানত ভাষণ দি অসমৰ মাননীয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় “গুৱাহাটীত জিঅ'ৰ ট্ৰু ৫-জি সেৱা আৰম্ভ কৰি মই খুবেই আনন্দিত হৈছো৷ মোৰ বিশ্বাস ট্ৰু ৫-জিয়ে অসমৰ প্ৰতিটো কোণত স্বাস্থ্যৰ আন্তঃগাঁথনি শক্তিশালী কৰি সকলোৰে বাবে সুলভ কৰি তুলিব। আজি ইয়াত প্ৰদৰ্শন কৰা স্বাস্থ্য সমাধান "ক্লিনিক ইন দ্য বেগ" প্ৰচেষ্টাৰ দ্বাৰা তৃণমূল স্বাস্থ্যকৰ্মী আৰু আশা কৰ্মীসকল উপকৃত হ'ব । ইয়াৰ ডিজাইন সহজ আৰু ই ৫-জিৰ জৰিয়তে চিকিৎসা সঁজুলিৰ এটা চুইটৰ সৈতে কোনো তাঁৰৰ সংযোগ নোহোৱাকৈ সহজেই সংযোগ কৰিব পৰা যাব। ইয়াৰ জৰিয়তে বিশেষজ্ঞ চিকিৎসকৰ সহায়ত স্বাস্থ্যসেৱা কৰ্মীসকলে অসমৰ অতি দুৰ্গম স্থানতো ৰোগীৰ ৰোগ নিৰ্ণয় আৰু চিকিৎসা কৰিব পাৰিব।মোৰ চৰকাৰে অসমত ৫-জি সেৱা ক্ষিপ্ৰতাৰে প্ৰৱৰ্তন কৰাত সহায় কৰিবলৈ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। ৫-জি ভিত্তিক স্বাস্থ্য সমাধানৰ জৰিয়তে আয়ুষ্মান ভাৰত ডিজিটেল অভিযান ৰূপায়ণ কৰি আমি আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম ৰাজ্যত ডিজিটেল স্বাস্থ্য পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ সপোন বাস্তৱত ৰূপায়িত কৰিব পাৰিম ।তেওঁলোকৰ বৰ্তমানৰ ৯৫০০ কোটি টকাৰ বিনিয়োগৰ উপৰিও জিঅ’ই অসমত ৫-জি নেটৱৰ্ক স্থাপনৰ বাবে চলি থকা কামৰ বাবে ২৫০০ কোটিতকৈও অধিক টকা বিনিয়োগ কৰিছে আৰু ইয়াৰ দ্বাৰা আমাৰ ৰাজ্যৰ উন্নয়নৰ প্ৰতি তেওঁলোকৰ অপৰিসীম দায়বদ্ধতা প্ৰকাশ পাইছে। ২০২৩ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত অসমৰ প্ৰতিখন চহৰ আৰু মহকুমাত জিঅ’ ট্ৰু ৫-জি সেৱা উপলব্ধ কৰা হ’ব।”অনুষ্ঠানটিত নিজৰ মন্তব্য তুলি ধৰি জিঅ’ৰ মুখপাত্ৰই কয় যে “মা কামাখ্যাৰ আশীৰ্বাদত আমি এইমাত্ৰ আপোনালোকৰ আগত প্ৰদৰ্শন কৰিছো যে জিঅ’ ট্ৰু ৫-জি প্ৰযুক্তিয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণক কেনেদৰে উপকৃত কৰিব আৰু ইয়াৰ সৈতে সংযুক্ত নিৰ্ভৰযোগ্য ৱায়াৰ্লেচ নেটৱৰ্কৰ জৰিয়তে পৃথিৱীৰ যিকোনো কোণৰ পৰা উন্নত পদ্ধতিৰে চিকিৎসা সম্পন্ন কৰাত চিকিৎসকসকলক সহায় কৰিব। "আমাৰ ৫-জি শুভাৰম্ভণিৰ জৰিয়তে আমি মন্দিৰ চৌহদৰ ভিতৰত কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ অহা সকলো ভক্ত সকলক বিনামূলীয়াকৈ ট্ৰু ৫-জি চালিত ৱাই-ফাই সেৱা আগবঢ়াম।"জিঅ’ৰ অভিযন্তাসকলে প্ৰতিজন ভাৰতীয়লৈ ট্ৰু- ৫জি সুবিধা প্ৰদানৰ বাবে ২৪ ঘণ্টাই কাম কৰি আছে যাতে এই প্ৰযুক্তিৰ পৰিৱৰ্তনশীল শক্তি আৰু ক্ষিপ্ৰতাৰ দ্বাৰা আমাৰ দেশৰ প্ৰতিজন নাগৰিক লাভান্নিত হ'ব পাৰে।অসমক ডিজিটেলাইজ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰে সহায় আগবঢ়োৱাৰ বাবে আমি তেওঁলোকৰ ওচৰত কৃতজ্ঞ।”
হেল্থকেয়াৰৰ বাহিৰেও জিঅ’ ট্ৰু ৫-জি য়ে অন্যান্য খণ্ড সমূহকো যথেষ্ট উপকৃত কৰিব।
ক) কৃষিঃ IOT আৰু ড্ৰোন ভিত্তিক নিখুঁত কৃষি সমাধানৰ দ্বাৰা ই এক উল্লেখযোগ্য পদক্ষেপ হ’ব পাৰে আৰু ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ, সাৰ আৰু কীটনাশক অতিমাত্ৰা স্প্ৰে কৰা হ্ৰাস কৰি খেতিৰ উৎপাদনশীলতা বৃদ্ধি কৰিব পাৰে।
খ) শিক্ষা: ডিজিটেল শিক্ষণে কেৱল ৰাজ্যৰ চুকে কোণে প্ৰসাৰিত হোৱাই নহয়, আন্তঃগাঁথনিৰ অভাৱ দূৰ কৰিব, সময়ৰ সৈতে খাপ খাবলৈ আগমেণ্টেড ৰিয়েলিটীৰ সৈতে ইন্টাৰেক্টিভ 3D মডেলৰ ব্যৱহাৰে শিক্ষকসকলক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে শিক্ষণক অধিক আনন্দদায়ক আৰু ফলপ্ৰসূ কৰি তোলাত সহায় কৰিব।
.গ) স্মাৰ্ট অফিচ: জিঅ’ এয়াৰফাইবাৰ, ক্লাউড পিচি, ভিডিঅ’ তথা টেলিফোনিক চোৱাচিতা, আৰু ডিজিটেল চাইনেজৰ দৰে সহজ আৰু বেতাঁৰ প্লাগ-এণ্ড-প্লে সমাধানৰ দ্বাৰা কাৰ্যালয়সমূহ অধিক স্মাৰ্ট হ’বলৈ আগবাঢ়িছে।
ঘ) বৰ্ধিত মোবাইল ব্ৰডবেণ্ডৰ সম্ভাৱনাঃ জিঅ’ ট্ৰু ৫-জি নেটৱৰ্কৰ জৰিয়তে মোবাইল ফোনত বেতাঁৰভাৱে প্ৰদান কৰা ব্ৰডবেণ্ডৰ দৰে গতিবেগে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকৰ জীৱন সমৃদ্ধ কৰিব আৰু তেওঁলোকক আৰু বহু কাম অনায়াসে কৰিবলৈ সক্ষম হ'ব।অহা ১০ জানুৱাৰীৰ পৰা গুৱাহাটীত জিঅ’ ব্যৱহাৰকাৰীসকলক জিঅ’ ৱেলকাম অফাৰলৈ আমন্ত্ৰণ জনোৱা হ’ব, যাৰ জৰিয়তে তেওঁলোকে কোনো অতিৰিক্ত খৰচ নোহোৱাকৈ ১ জিবিপিএচ পৰ্য্যন্ত গতিবেগৰ আনলিমিটেড ডাটা লাভ কৰিব।
No comments:
Post a Comment